অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সাঁৱৰীয়া জী মন্দিৰ

সাঁৱৰীয়া জী মন্দিৰ হʼল ৰাজস্থানৰ চিত্তৌৰগড় জিলাত অৱস্থিত ভগৱান শ্ৰীকৃষ্ণক উৎসৰ্গিত এটি প্ৰসিদ্ধ হিন্দু মন্দিৰ৷ এই মন্দিৰটোক শ্ৰী সাঁৱলিয়া ছেঠ নামেৰেও জনা যায়৷

হালনাগাদ: ২৩ আগষ্ট ২০২৬ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সাঁৱৰীয়া জী মন্দিৰ হʼল ৰাজস্থানৰ চিত্তৌৰগড় জিলাত অৱস্থিত ভগৱান কৃষ্ণক উৎসৰ্গিত এটি প্ৰসিদ্ধ হিন্দু মন্দিৰ৷ এই মন্দিৰটোক শ্ৰী সাঁৱলিয়া ছেঠ নামেৰেও জনা যায়৷১২

কিংবদন্তি

কিংবদন্তি অনুসৰি, ১৮৪০ চনত ভোলাৰাম নামৰ এজন গৰখীয়াই বাগুণ্ড গাঁৱৰ ছাপৰ নামে ঠাইত মাটিৰ তলত পুতি থোৱা তিনিটা ঐশ্বৰিক মূৰ্তিৰ সপোন দেখিছিল। এই স্থানত খননৰ সময়ত ভগৱান শ্ৰীকৃষ্ণৰ তিনিটা মূৰ্তি পোৱা গৈছিল, যিটো সপোনত দেখা গৈছিল। ইয়াৰে এটা মূৰ্তি মণ্ডফিয়াত, দ্বিতীয়টো ভাদসোড়াত আৰু তৃতীয়টো মূৰ্তি বাগুণ্ড গাঁৱৰ ছাপৰত স্থাপন কৰা হৈছিল, যʼত মূৰ্তিটো পোৱা গৈছিল। এই তিনিওটা ঠাইতে মন্দিৰ নিৰ্মাণ কৰা হৈছিল আৰু প্ৰায় ৫ কিলোমিটাৰ দূৰত্বৰ ব্যৱধানত এই সকলোবোৰ মন্দিৰ এটা-আনটোৰ ওচৰতে অৱস্থিত।৩

প্ৰধান মন্দিৰ

এই তিনিটা মন্দিৰৰ ভিতৰত মণ্ডফিয়াৰ মন্দিৰক সাঁৱলিয়া জী ধাম (সাঁৱলিৰ বাসস্থান) হিচাপে প্ৰতিষ্ঠিত কৰা হৈছে। এই মন্দিৰটো ৰাজস্থান, মধ্য প্ৰদেশ আৰু গুজৰাটৰ পৰা অহা ভক্তসকলৰ বাবে এক প্ৰধান তীৰ্থস্থান।৪

স্থান

সাঁৱলিয়া জী মন্দিৰ, চিত্তৌৰগড় ৰেলৱে ষ্টেচনৰ পৰা ৪১ কিলোমিটাৰ দূৰত্বত আৰু ডবোক বিমানবন্দৰৰ পৰা ৬৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই মন্দিৰটো শ্ৰী নাথদ্বাৰৰ পিছত বৈষ্ণৱ পন্থাৰ অনুগামীসকলৰ বাবে দ্বিতীয়টো গুৰুত্বপূৰ্ণ তীৰ্থস্থান বুলি গণ্য কৰা হয়।৫৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ राजस्थान का सांवलिया सेठ मंदिर: यहां भगवान हैं बिजनेस पार्टनर, जानिये क्या है पूरा इतिहास. News18 हिंदी
  2. ↑ सांवलिया सेठ मंदिर, चित्तौड़गढ़: एक अद्भुत कहानी. Herzindagi
  3. ↑ राजस्थान का सांवलिया सेठ मंदिर: यहां हर भक्त बनता है अमीर. Patrika News
  4. ↑ यहां भगवान को बना दिया बिजनेस पार्टनर: दिलचस्प कारण. News18 हिंदी
  5. ↑ dinesh. राजस्थान का अद्भुत मंदिर जहां लोग जितना चढ़ाते हैं उससे कई गुणा ज्यादा पाते हैं. Patrika News
  6. ↑ सांवलिया सेठ मंदिर, चित्तौड़गढ़: एक अद्भुत कहानी. Herzindagi

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ মঠ-মন্দিৰৰাজস্থান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাঁৱৰীয়া জী মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩০০১৩ (২৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।