অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ক'লা চাউল

ক'লা চাউল (Black rice) হৈছে Oryza sativa প্ৰজাতিৰ এক প্ৰকাৰৰ চাউল। ইয়াক purple rice বুলিও জনা যায়। ইয়াৰে কিছুমান আঠাজাতীয় চাউল। বৰ্তমান সময়ত ক'লা চাউলৰ বিভিন্ন প্ৰকাৰ উপলব্ধ।

হালনাগাদ: ১১ নৱেম্বৰ ২০২৪ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

মাউণ্টেইন প্ৰদেশৰ এবিধ ক'লা চাউল]]

চীনত বিক্ৰী কৰা ক'লা চাউল
চীনত বিক্ৰী কৰা ক'লা চাউলছবি: Anna Frodesiak · Public domain

ক'লা চাউল (Black rice) হৈছে Oryza sativa প্ৰজাতিৰ এক প্ৰকাৰৰ চাউল। ইয়াক purple rice বুলিও জনা যায়। ইয়াৰে কিছুমান আঠাজাতীয় চাউল।

বৰ্তমান সময়ত ক'লা চাউলৰ বিভিন্ন প্ৰকাৰ উপলব্ধ। ইয়াৰ ভিতৰত আছে ইণ্ডোনেছিয়ান ক'লা চাউল, ফিলিপাইন এয়াৰলুম বাল্টিনাউ ক'লা চাউল আৰু পিৰৰুটং ক'লা আঠাজাতীয় চাউল আৰু থাইলেণ্ডৰ জেচমিন ক'লা চাউল।১২ ভাৰতৰ মণিপুৰত ক'লা চাউলক চক-হাও নামেৰে জনা যায়।

বাংলাদেশত ইয়াক কালো ধানেৰ চাল বুলি জনা যায়। ইয়াক পোলাও বা চাউলৰ পৰা তৈয়াৰী মিঠাই প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ক'লা চাউলত খাদ্যত পোৱা সৰ্বোচ্চ স্তৰৰ এবিধ এণ্ট'চিয়ানিন থাকে।৩ এই শস্যৰ আঁহ মুগা চাউলৰ সমান পৰিমাণৰ আৰু মুগা চাউলৰ দৰে ইয়াৰো মৃদু সুগন্ধি আছে।৪

ক'লা চাউলৰ ৰং ক'লা আৰু সাধাৰণতে সিজোৱাৰ পিছত ই বেঙুনীয়া ৰঙৰ হৈ পৰে। ইয়াৰ বেঙুনীয়া ৰং মূলতঃ ইয়াত থকা এণ্টোচাইনিয়ান সমলৰ কাৰণে হয়, যি আন ৰঙৰ শস্যৰ তুলনাত অধিক ওজনৰ।৫৬৭ ই মিঠাজাতীয় খাদ্য, পৰম্পৰাগত চীনা ক'লা চাউলৰ কেক, পিঠা আৰু নুডল তৈয়াৰ কৰিবলৈ উপযুক্ত।

+USDA পুষ্টিৰ মূল্য প্ৰতি ১০০ গ্ৰাম৮৯নামপৰিমাণএকক
শক্তি৩৫৬kcal
প্ৰ'টিন৮.৮৯g
লিপিড (চৰ্বী)৩.৩৩g
শৰ্কৰা৭৫,৫৬g
আঁহ২.২g
চেনী, NLEA-কে ধৰি০g
কেলচিয়াম০mg
লোহা২.৪mg
চ'ডিয়াম০mg
ভিটামিন 'চি', এস্ক'ৰবিক এচিড০mg
ভিটামিন A, IU০IU
ফেটি এচিড (total saturated)০g
ফেটি এচিড, (total trans)০g
কলেষ্টেৰল০mg

তথ্যসূত্ৰ

  1. ↑ (2017-02-20). Heirloom rice preserved, made productive. Philippine Rice Research Institute. Department of Agriculture, Philippines
  2. ↑ Marketman. (2007-11-27). Pirurutong at Tapol / Purple and White Glutinous Rice. Market Manila
  3. ↑ Yao; Xu, Y; Zhang, Y. Y. (2013). Black rice and anthocyanins induce inhibition of cholesterol absorption in vitro. Food & Function. পৃ. 1602–8
  4. ↑ (1892). Food Grains of India. Bulletin of Miscellaneous Information (Royal Botanic Gardens, Kew). পৃ. 234
  5. ↑ Oikawa, T.; Maeda, H.; Oguchi, T. (2015). The birth of a black rice gene and its local spread by introgression. Plant Cell. পৃ. 2401–2414
  6. ↑ Ichikawa; Ichiyanagi, Takashi; Xu, Bing. (2001). Antioxidant activity of anthocyanin extract from purple black rice. Journal of Medicinal Food. পৃ. 211–218
  7. ↑ Abdel-Aal; Young, J. Christopher; Rabalski, Iwona. (2006). Anthocyanin composition in black, blue, pink, purple, and red cereal grains. Journal of Agricultural and Food Chemistry. পৃ. 4696–704
  8. ↑ Saikia, Partha. Black Rice-Nutrition, Recipe & Benefits (Manipuri Black Rice). North East India info
  9. ↑ FoodData Central. fdc.nal.usda.gov

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'লা চাউল” প্ৰবন্ধৰ সংশোধন ৪৪৩৯৩১ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।