জেক'বা ফ্ৰান্সিস্কা মাৰিয়া স্মল্ডাৰ্ছ১ (জন্ম ৩ এপ্ৰিল, ১৯৮২)২ এগৰাকী কানাডিয়ান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। টেলিভিজন চিৰিজ "হাউ আই মে'ট ইয়'ৰ মাদাৰ"-ৰ ৰবিন চাৰ্বাচ্ছ্স্কি আৰু মাৰ্ভেল জগতৰ মাৰিয়া হিল চৰিত্ৰৰ বাবে তেওঁ জনাজাত।
প্ৰাৰম্ভিক জীৱন
কানাডাৰ ব্ৰিটিছ কলম্বিয়া ৰাজ্যৰ ভেংকুভাৰত স্মল্ডাৰ্ছৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন ওলন্দাজ আৰু মাতৃ এগৰাকী ইংৰাজ। তেওঁৰ নামটো ডাঙৰ জেঠায়েকৰ নামেৰে ৰখা হৈছিল আৰু একে সূত্ৰেই তেওঁ "ক'বি" নামটোও লাভ কৰে।৩
মডেলিং আৰম্ভ কৰিলেও ক'বিয়ে সেই কামটো ভাল পোৱা নাছিল আৰু সেইবাবে অভিনয়ত ভৰি দিবলৈও তেওঁ মন কৰা নাছিল।৪ মডেলিং বাদ দি তেওঁ সামুদ্ৰিক জীৱবিদ্যা পঢ়িবলৈ ভিক্ট'ৰিয়া বিশ্ববিদ্যালয়ত নাম লগায়। জহকালিৰ বন্ধত তেওঁ অভিনয়ৰ প্ৰশিক্ষণ লৈ সেই জগতত ভৰি থয়।৫
কৰ্মজীৱন

স্মল্ডাৰ্ছে প্ৰথমে অতিথি অভিনেত্ৰী হিচাপে কল্পবিজ্ঞান চিৰিজ জেৰেমায়া (Jeremiah)ত অভিনয়ৰ সুযোগ লাভ কৰে। তাৰ পিছত তেওঁ দা এল্ ৱৰ্ড (The L Word)-কে ধৰি কেইবাখনো চিৰিজত ভূমুকি মাৰে। এবছৰৰ বাবে সম্প্ৰচাৰিত হোৱা এবিচি-ৰ টেলিভিজন চিৰিজ ভেৰিটাছ: দা কুৱেষ্ট (Veritas: The Quest)-ত তেওঁ স্থায়ী চৰিত্ৰৰ অভিনয় কৰিবলৈ পায়।
ভেৰিটাছ বন্ধ হোৱাৰ পিছত ২০০৫ চনত স্মল্ডাৰ্ছক চিবিএছ-ৰ ধাৰাবাহিক হাউ আই মে'ট ইয়'ৰ মাদাৰ-ত সাংবাদিক ৰবিন চাৰ্বাচ্ছ্স্কিৰ চৰিত্ৰ বাবে বাবে চুক্তিবদ্ধ কৰা হয়। এই ধাৰাবাহিকখন ন বছৰ জুৰি চলে।
নিউ য়ৰ্কৰ মঞ্চত তেওঁ Love, Loss, and What I Wore নাটকত ২০১০ চনৰ ১০ জুনৰ পৰা ২৭ জুনলৈকে অভিনয় কৰে।৬
২০১২ চনৰ বোলছবি দা এভেঞ্জাৰ্ছত ক'বিয়ে মাৰিয়া হিলৰ চৰিত্ৰ ৰূপায়ণ কৰে। ২০১৩ চনত টেলিভিজন চিৰিজ মাৰ্ভেল্ছ এজেণ্ট্ছ অৱ শ্বিল্ডৰ প্ৰিমিয়াৰৰ লগতে৭ ২০১৪ চনৰ বোলছবি কেপ্টেইন আমেৰিকা: দা ৱিণ্টাৰ চ'ল্জাৰত৮ তেওঁ একে চৰিত্ৰত অভিনয় কৰে আৰু ২০১৫ চনৰ এভেঞ্জাৰ্ছ: এ'জ অৱ আল্ট্ৰনতো ভূমুকি মাৰিব।৯ Whedon has suggested he had considered her for the role of Wonder Woman in his draft of the eponymous film, which did not go into production.১০ ২০১৪ চনৰ এনিমেছন চলচ্চিত্ৰ দা লেগ' মুভিত স্মল্ডাৰ্ছে ৱ'ণ্ডাৰ ৱ'মেনৰ চৰিত্ৰত কণ্ঠদান কৰে।
২০১৩ স্মল্ডাৰ্ছে ৰোমাণ্টিক ছবি ছে'ফ হেভেনত এটা সহ-চৰিত্ৰত অভিনয় কৰে। একে বছৰৰ কমেডী ছবি ডেলিভাৰী মেনতো তেওঁ নায়িকাৰ চৰিত্ৰ ৰূপায়ণ কৰে।১১
ব্যক্তিগত জীৱন
২০০৯ চনৰ জানুৱাৰীত আমেৰিকান অভিনেতা টৰান কিলামৰ সৈতে স্মল্দাৰ্ছৰ বাগ্দান অনুষ্ঠিত হয়১২ আৰু ২০১২ চনৰ ৮ ছেপ্টেম্বৰত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।১৩ শ্বেলিন কাড' কিলাম নামৰে তেওঁলোকৰ এজনী ছোৱালী আছে।১৪ তেওঁলোকে কলিফ'ৰ্নিয়াৰ লছ এঞ্জেল্ছত বসবাস কৰে।১৫
চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৪ | ৱাকিং টল্ | আই কেণ্ডি | |
| ২০০৪ | ইল্ ফে'টে'ড১৬ | মেৰী | |
| ২০০৫ | দা লং ৱিকে'ণ্ড | এলেন | |
| ২০০৬ | এছ্কে'প | উন্মাদ যুৱতী | চুটি ছবি |
| ২০০৬ | ড: মিৰেকল্ছ১৭ | মিচেচ্ পিটাৰচন | চুটি ছবি |
| ২০০৭ | ২৮ ৱিক্ছ লে'টাৰ১৮ | মাৰ্টিনা | চুটি ছবি |
| ২০০৭ | দা ষ্টৰ্ম এৱেইট্ছ১৯ | এনাবেলা ডিল'ৰেঞ্জ' | চুটি ছবি |
| ২০০৯ | দা স্লেমিং চাল্ম'ন | টাৰা | |
| ২০১২ | দা এভেঞ্জাৰ্ছ | মাৰিয়া হিল | |
| ২০১২ | গ্ৰাছ্ৰুট্ছ | ক্লেইৰ | |
| ২০১৩ | ছে'ফ হেভেন | কাৰ্লি জ' হুইট্লী | |
| ২০১৩ | ডেলিভাৰী মেন | এমা | |
| ২০১৪ | দা লেগ' মুভি | ৱ'ণ্ডাৰ ৱ'মেন (কণ্ঠ) | |
| ২০১৪ | দেই কে'ম টুগেদাৰ | টিফানী | |
| ২০১৪ | কেপ্টেইন এমেৰিকা: দা ৱিণ্টাৰ চ'ল্জাৰ | মাৰিয়া হিল | |
| ২০১৫ | এভেঞ্জাৰ্ছ: এ'জ অৱ আল্ট্ৰন | মাৰিয়া হিল | প'ষ্ট প্ৰডাক্চন |
টেলিভিজন
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০২ | স্পেচিয়েল ইনিট ২ | জ' | খণ্ড: "দা ৱিশ্ব্" |
| ২০০২ | জেৰেমায়া | দেব'ৰা | খণ্ড: "থিভ্ছ অনৰ" |
| ২০০৩ | ট্ৰু কলিং | চাৰা ৱেব্ | খণ্ড: "ব্ৰাদাৰ্ছ কীপাৰ" |
| ২০০৩-২০০৪ | ভেৰিটাছ: দা কুৱেষ্ট | জুলিয়েট দ্ৰইল | ১৩টা খণ্ড |
| ২০০৪ | স্মল্ভিলে | শ্বেনন্ বে'ল | খণ্ড: "বাউণ্ড" |
| ২০০৫ | এণ্ড্ৰ'মিদা | ৰডৰ পত্নী | ২টা খণ্ড |
| ২০০৫ | দা এল্ ৱৰ্ড | লেই অষ্টিন | ৪টা খণ্ড |
| ২০০৫-২০১৪ | হাউ আই মে'ট ইয়'ৰ মাদাৰ | ৰবিন চাৰ্বাচ্ছ্স্কি | ২০৮টা খণ্ড |
| ২০১০ | হাউ টু মে'ক ইট্ ইন্ এমেৰিকা | হেইলী | খণ্ড: "পাইলট" |
| ২০১৩–বৰ্তমানলৈ | এজেণ্ট্ছ অৱ শ্বিল্ড | মাৰিয়া হিল | ২টা খণ্ড |
| ২০১৩ | কমেডী বেং বেং | নিজে | খণ্ড: "ক'বি স্মল্ডাৰ্ছ ৱে'ৰ্ছ এ ব্লক অণ্ড হোৱাইট ষ্ট্ৰেপ্লে'ছ ড্ৰেছ" |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Smulders, Cobie, quoted in Radnor, Josh. (April 12, 2007). A Most Engaging Story. TVGuide.com
- ↑ Cobie Smulders Vitals. AskMen.com
- ↑ (Undated; uploaded April 18, 2008). Cobie Smulders on CBS Late Late Night. ইউটিউব
- ↑ Zuo, Mila. (September 1, 2009). The Elusive Charm of Cobie Smulders. Venus Zine
- ↑ Johnson, Brian D. (November 16, 2013). 'It's always in my back pocket': Cobie Smulders on Canadian identity. Maclean's
- ↑ Wieselman, Jarett. (June 10, 2010). 'Love, Loss' and two lovely ladies. New York Post
- ↑ Goldberg, Lesley. (July 19, 2013). Cobie Smulders' Comic-Con Reveal: Secret 'Agents of SHIELD' Role. The Hollywood Reporter
- ↑ Graser, Marc. (October 29, 2012). Frank Grillo to play Crossbones in 'Captain America' sequel. Variety
- ↑ Thompson, Bob. (November 7, 2013). Vancouver’s Cobie Smulders is on a roll (with video). Calgary Herald
- ↑ (February 3, 2007). Satin Tights No Longer. Whedonesque.com
- ↑ Cobie Smulders Joins the ‘Starbuck’ Family . NextMovie (2012-08-27). Retrieved on 2013-01-07
- ↑ Alexander, Reagan. (January 28, 2009). HIMYM's Cobie Smulders Flashes Her New Engagement Ring. People
- ↑ (September 8, 2012). "SNL’s" Taran Killam Marries "How I Met Your Mother’s" Cobie Smulders — Exclusive. RumorFix
- ↑ Leon, Anya. (July 3, 2009). It's a Girl for Cobie Smulders. People
- ↑ Cobie Smulders. হাউ আই মে'ট ইয়'ৰ মাদাৰ (official CBS site)
- ↑ Bobbin, Jay. (August 13, 2006). Cobie Smulders - Chicago Tribune. Chicago Tribune
- ↑ Dr. Miracles Episode 3, October 2006, she appears at 00:19 seconds into the video, www.youtube.com/watch?v=SQs5jGLOQTM
- ↑ Coleman, Bryce. Cobie Smulders - Biography. Yahoo! Movies
- ↑ The Storm Awaits (episode three), Produced by Very Advanced Productions, February 2007, she appears at 3:18 into the video, www.youtube.com/watch?v=ha_qrwNegTg
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'বি স্মল্ডাৰ্ছ” প্ৰবন্ধৰ সংশোধন ৬৩৬৯০৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।