অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেৰলিনা ডি অলিভেৰা

কেৰলিনা ডি অলিভেৰা (:Carolina de Oliveira;আৰবী: كارولينا دي أوليفيرا; জন্ম ১৬ নৱেম্বৰ, ১৯৭৮ ) লেবাননৰ দূৰদৰ্শন অনুষ্ঠানসমূহত অভিনয় কৰাৰ বাবে পৰিচিত এগৰাকী ছিৰিয়ান-ব্ৰাজিলীয় অভিনেত্ৰী।

হালনাগাদ: ২৫ মে’ ২০২৬ ২৯১ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

কেৰলিনা ডি অলিভেৰা (:Carolina de Oliveira;আৰবী: كارولينا دي أوليفيرا; জন্ম ১৬ নৱেম্বৰ, ১৯৭৮ ) লেবাননৰ দূৰদৰ্শন অনুষ্ঠানসমূহত অভিনয় কৰাৰ বাবে পৰিচিত এগৰাকী ছিৰিয়ান-ব্ৰাজিলীয় অভিনেত্ৰী।১ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কৰা কামৰ বাবে ২০১৬ চনত বিবিচিৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।২৩৪

জীৱন

কেৰলিনা ডি অলিভেইৰাৰ জন্ম হৈছিল ডামাস্কাছত। তেওঁৰ পিতৃ ব্ৰাজিলীয় আৰু মাতৃ ছিৰীয়/আৰ্মেনীয় আৰু লেবাননী বংশোদ্ভৱ। ডি অলিভেইৰা লেবাননৰ বেইৰুটৰ ওচৰৰ জিছুছ এণ্ড মেৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ফ্ৰান্সৰ লায়ন বিশ্ববিদ্যালয়ৰ পৰা ফেশ্বন ডিজাইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫ ২০০৬ চনত তেওঁ ইজিপ্তৰ গায়ক এহাব তাউফিকক বিয়া কৰাব পাৰে বুলি এটা উৰাবাতৰি প্ৰচাৰ হৈছিল। ডি অলিভেইৰা এইটো কেৱল এটা উৰাবাতৰিহে বুলি কয়।৬ কিন্তু ২০১৩ চনত তেওঁ নিশ্চিত কৰে যে ২০০৬ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইজিপ্তৰ শিল্পী ইহাব তাউফিকৰ সৈতে তেওঁৰ বিবাহ হৈছিল যদিও তাৰ কিছু দিনৰ পিছতে তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে।৭ ২০১৫ চনৰ মাৰ্চ মাহত দিয়া এক সাক্ষাৎকাৰত তেওঁ জনায় যে তেওঁ লেবাননৰ কৰ্তৃপক্ষৰ সহায়ত লেবাননী নাগৰিকত্ব লাভ কৰে।৮

কৰ্ম জীৱন

ডি অলিভেইৰাই ১৯৯৭ চনত ফিউচাৰ টিভি নেটৱৰ্কত টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰে। তাৰ পিছত তেওঁ অৰ্বিট টিভিৰ ‘অয়ুন বেইৰুট’অনুষ্ঠানত অংশগ্ৰহণ কৰে। পিছলৈ তেওঁ আন চাৰিটা অনুষ্ঠানৰ সৈতে লেবাননৰ নেচনেল ব্ৰডকাষ্টিং নেটৱৰ্ক (এনবিএন)ত যোগ দিয়ে আৰু একেলগে কেইবাটাও অনুষ্ঠান সঞ্চালনা কৰে, সেইবোৰ যথাক্ৰমে: "আল চাবাহিয়াহ", "৩এল মোডা" আৰু "৩এল এটিকেট, আৰু "স্পেচিয়েল"। তেওঁ অধিক জনপ্ৰিয় হয় যেতিয়া তেওঁ এম বি চি-ত যোগ দিয়ে। তাত তেওঁ “Ante”, “Wakif Il Sa3a”, “She Style”, “Lux Fashion World” আৰু বিখ্যাত ৰিয়েলিটি শ্ব’ “The Biggest Winner”-ৰ তিনিটা ছিজন সঞ্চালনা কৰে। এই শ্ব’টো এম বি চি-ৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত আছিল। ২০১০ চনত কেৰলিনাই নিউজ চেনেল আল আৰবিয়ালৈ গুচি যায়, "ড্ৰামা ৰমজান" আৰু "চিনেমা ইন এ উইক" অনুষ্ঠান উপস্থাপন কৰে। ২০০৯ চনত তেওঁ খালেদ ইউছেফৰ ছবি "কালেমনি শোক্ৰাণ"ত অভিনয় কৰে।৫

ডি অলিভেইৰা ৩৪ বছৰ বয়সত বাইপোলাৰ নামৰ মানয়িক ৰুগত আক্ৰান্ত হয় আৰু তেওঁ এই ডিছঅৰ্ডাৰৰ বিষয়ে খোলাখুলিভাৱে ক’বলৈ সিদ্ধান্ত লয় যাতে সমাজত সচেতনতা বৃদ্ধি পায় আৰু মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰতি থকা ভুল ধাৰণা দূৰ হয়।২৯১০ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যত এইচ আই ভি-এইডছৰ বিৰুদ্ধে কাম কৰা ৰুবান ৰুজ সংস্থাকো তেওঁ সমৰ্থন কৰি আহিছে।২১১

তথ্যসূত্ৰ

  1. ↑ (10 October 2024). Carolina De Oliveira
  2. ↑ (23 November 2016). 13 Arab women are in BBC's '100 Women 2016', get to know them
  3. ↑ (October 7, 2019). BBC 100 Women 2016: Who is on the list?. BBC News
  4. ↑ Magazine, Enable. (2017-01-06). The World Changers · Enable Magazine · The UK's leading disability and lifestyle magazine. Enable Magazine
  5. ↑ eMinor. Carolina De Oliveira - Pop from Beirut, LB
  6. ↑ (13 February 2006). Ehab Tawfiq's love affair a rumor.(Rumors of an intimate relationship between Egyptian singer Ehab Tawfiq and MBC television announcer Carolina Di Oliviera )(Brief article)
  7. ↑ كارولينا دي أوليفييرا: كنت مخطوبة لإيهاب توفيق . "وأنا هلق مغرومة بحب حياتي". nawaret.com
  8. ↑ كارولينا دي أوليفيرا تعترف بعمرها الحقيقي وممارستها الجنس. xkhabar.com
  9. ↑ (2014-10-26). Twitter, Caroline de Oliveira Status. Twitter
  10. ↑ Instagram post by Carolina De Oliveira Official • Oct 26, 2014 at 8:26am UTC
  11. ↑ Karimarhanem. (30 November 2008). Solidarity: Haifaa Wehbe in Morocco to support Red Ribbon

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰলিনা ডি অলিভেৰা” প্ৰবন্ধৰ সংশোধন ৬০৮৬৫১ (২৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।