কেন্দ্ৰীয় মন্ত্ৰী পৰিষদহৈছে ভাৰত চৰকাৰৰ প্ৰধান কাৰ্যবাহী অংগ। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে ভাৰতৰ ৰাষ্ট্ৰপতিক কাৰ্য্য সম্পাদনত সহায় আৰু পৰামৰ্শ দিয়াৰ কাম কৰে।১ইয়াৰ অধ্যক্ষতা কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আৰু ইয়াত প্ৰতিটো কাৰ্যবাহী চৰকাৰী মন্ত্ৰালয়ৰ মুৰব্বী থাকে। বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ নেতৃত্বত আছে নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদত ৭১ জন সহযোগী সদস্য আছে। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ ভাৰতৰ লোকসভাৰ ওচৰত জবাবদিহি।.২
কেন্দ্ৰীয় মন্ত্ৰীসভা হৈছে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা কাৰ্যবাহী সংস্থা, যি ভাৰতৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা, মন্ত্ৰীসভা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা উপগোট যিয়ে চৰকাৰৰ গুৰুত্বপূৰ্ণ পৰ্টফলিঅ' আৰু মন্ত্ৰালয়সমূহ গ্ৰহণ কৰে। ৩
তথ্যসূত্ৰ
- ↑ Article 74 of the ভাৰতৰ সংবিধান
- ↑ Article 75(3) of ভাৰতৰ সংবিধান
- ↑ Constitution of India/Part XVIII
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ” প্ৰবন্ধৰ সংশোধন ৫৮৮৪৮৭ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।