অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ

কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ (CTUAP) এখন ভাৰতীয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ভাৰতৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ভিজিয়ানাগৰম জিলাৰ মাৰিৰিভালাছাত অৱস্থিত। এইখন এটা ট্ৰেনজিট কেম্পাছৰ পৰা চলি আছে, আৰু ইয়াৰ চূড়ান্ত স্থান এতিয়াও নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা নাই।

হালনাগাদ: ১৫ ফেব্ৰুৱাৰী ২০২৫ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ (CTUAP) এখন ভাৰতীয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ভিজিয়ানাগৰম জিলাৰ মাৰিৰিভালাছাত অৱস্থিত। এইখন এটা ট্ৰেনজিট কেম্পাছৰ পৰা চলি আছে, আৰু ইয়াৰ চূড়ান্ত স্থান এতিয়াও নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা নাই।

ইতিহাস

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশখন তেৰতম সূচী অনুসৰি অন্ধ্ৰপ্ৰদেশ পুনৰ্গঠন আইন, ২০১৪ৰ প্ৰয়োজনীয়তাৰ ভিত্তিত স্থাপন কৰিছে।১ ২০১৫ চনত অন্ধ্ৰ প্ৰদেশ চৰকাৰে বিশ্ববিদ্যালয়খনক ভিজিয়ানাগৰাম জিলাৰ ৰেলী গাঁৱত ৫২৫ একৰ মাটিৰ আবণ্টন প্ৰদান কৰে।২কেন্দ্ৰীয় কেবিনেট চৰকাৰে বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। ইয়াৰে ক প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছিল।৩বিজিয়ানগৰ জিলাৰ কণ্ডকাৰকম গাঁৱত অৱস্থিত অন্ধ্ৰ বিশ্ববিদ্যালয় চৌহদটো ২০১৯–২০ শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক আৰু প্ৰশাসনিক কাম-কাজ আৰম্ভ কৰিবলৈ ট্ৰেনজিট কেম্পাছ হিচাপে লোৱা হৈছে। নিজ অট্টালিকা সম্পূৰ্ণ হোৱাৰ পিছত বিশ্ববিদ্যালয়খনক ওচৰৰ ৰেলী গাঁৱৰ নিজা ভৱনলৈ স্থানান্তৰ কৰা হ’ব।৪অন্ধ্ৰ বিশ্ববিদ্যালয়ক মেণ্টৰ (অভিভাৱক) বিশ্ববিদ্যালয়ৰ হিচাপে দিয়া হৈছিল।২২০১৯ চনত বিশ্ববিদ্যালয়খন আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় বিশ্ববিদ্যালয় (সংশোধনী) আইন, ২০১৯ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হয়।৫২০২০ চনৰ আগষ্ট মাহত বিশ্ববিদ্যালয়খনৰ প্ৰথম উপাচাৰ্য হিচাপে টি.ভি কাট্টিমানীক নিযুক্তি দিয়ে।৬

শাসন ব্যৱস্থা

বিশ্ববিদ্যালয়খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আইন ২০০৯ৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম অনুসৰি পৰিচালনা হয়।৭বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক মুৰব্বী তথা আচাৰ্য ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বিপৰীতে কাৰ্যবাহী ক্ষমতা উপাচাৰ্যৰ হাতত থাকে। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কৰ্তৃপক্ষ হৈছে আদালত, কাৰ্যনিৰ্বাহক পৰিষদ, শৈক্ষিক পৰিষদ, অধ্যয়ন ব’ৰ্ড আৰু বিত্ত সমিতি। ৭বিশ্ববিদ্যালয় আদালত হৈছে বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ কৰ্তৃপক্ষ। বিশ্ববিদ্যালয়ৰ বহল নীতি আৰু কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰাৰ ক্ষমতা, বিশ্ববিদ্যালয়ৰ উন্নতি আৰু উন্নয়নৰ বাবে ব্যৱস্থাৰ পৰামৰ্শ দিয়াৰ ক্ষমতা থাকে। কাৰ্যনিৰ্বাহক পৰিষদ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ কাৰ্যবাহী সংস্থা। একাডেমিক কাউন্সিল বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ শৈক্ষিক সংস্থা আৰু বিশ্ববিদ্যালয়ৰ শৈক্ষিক নীতিৰ সমন্বয় আৰু সাধাৰণ তত্ত্বাৱধানৰ দায়িত্বত থাকে। ইয়াৰ সকলো শৈক্ষিক বিষয়ত কাৰ্যবাহী পৰিষদক পৰামৰ্শ দিয়াৰ অধিকাৰ আছে। বিত্ত সমিতিৰ দায়িত্ব হৈছে বিত্তীয় নীতি, লক্ষ্য, বাজেটৰ পৰামৰ্শ দিয়া।৭

শৈক্ষিক বিষয়

বিশ্ববিদ্যালয়খনে স্নাতকোত্তৰ, সংহত আৰু ডিপ্লমা পাঠ্যক্ৰম আগবঢ়ায়।৮কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সাধাৰণ প্ৰৱেশ পৰীক্ষা (CUCET) দ্বাৰা পৰিচালিত প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি কৰা হয়।৯

তথ্যসূত্ৰ

  1. ↑ Andhra Pradesh Reorganisation Act, 2014. পৃ. 74
  2. ↑ (5 July 2019). Centre sanctions ₹420 crore for tribal university at Relli. দ্য হিন্দু
  3. ↑ (12 November 2018). AP Govt allots 526 acres of land for Tribal University in Kothavalasa. The Hans India
  4. ↑ Central tribal varsity of Andhra Pradesh to offer certificate courses. Deccan Chronicle
  5. ↑ (23 August 2019). The Central Universities (Amendment) Act, 2019. ভাৰতৰ ৰাজপত্ৰ. ভাৰত চৰকাৰ
  6. ↑ (18 August 2020). T.V. Kattimani appointed first V-C of tribal varsity. দ্য হিন্দু
  7. ↑ (2009-03-20). Central Universities Act, 2009. ভাৰত চৰকাৰ
  8. ↑ Courses. ctuap.in. Central Tribal University of Andhra Pradesh
  9. ↑ For Admissions in CTUAP

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ” প্ৰবন্ধৰ সংশোধন ৪৭৭৮৭৩ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।