কুব্জিকা (कुब्जिक) হৈছে অসিদ্ধান্তিক মন্ত্ৰ মাৰ্গ সম্প্ৰদায়ৰ এটা পন্থা কুব্জিকামতৰ প্ৰাথমিক দেৱতা। তেওঁ বক্ৰেশ্বৰী, বক্ৰিকা, চিঞ্জিনি আদি নামেৰেও জনাজাত।১ আদিশক্তিৰ অন্যতম মূল দিশ হিচাপে কুবজিকাৰ পূজা খ্ৰীষ্টীয় দ্বাদশ শতিকাত এক মূখ্য পূজা হিচাপে পৰিগণিত হৈছিল।২ কৌল পৰম্পৰাত পালন কৰা তান্ত্ৰিক পদ্ধতিত তেওঁক এতিয়াও আৰাধনা কৰা হয়।৩
১০৫০ খ্ৰীষ্টাব্দৰ আশে-পাশে কুব্জিকা পৰম্পৰাৰ উৎপত্তি হৈছিল আৰু তৰ্কতন্ত্ৰৰ আধাৰত দেৱতা আৰু মন্ত্ৰৰ এক নতুন ব্যৱস্থা আছিল। পূৰ্বৰ তান্ত্ৰিক দেৱতাৰ বৈশিষ্ট্যসমূহ সন্নিৱিষ্ট কৰা জটিল মূৰ্তি কুব্জিকা দেৱীৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। স্বচ্ছন্দ-ভৈৰৱৰ দৰে তেৱোঁ একেলগে উগ্ৰ তীব্ৰ আৰু মধুৰ তথা উপকাৰী বুলি বিশ্বাস কৰা হয়।৪
হিন্দু ধৰ্মৰ অন্যতম অস্পষ্ট দেৱী হৈছে তান্ত্ৰিক দেৱী কুব্জিকা। এই অস্পষ্টতাৰ কাৰণ হ’ল যে তেওঁক মূলতঃ নেপালৰ ট্ৰেন্সমিছন অৱ দ্য মাদাৰ (অভৱক্ৰম) নামৰ এটা সৰু ধৰ্মীয় গোট নেৱাৰ সকলেহে পূজা কৰে। সেয়েহ'লেও তেওঁ কালিৰ সৈতে তুলনাযোগ্য এগৰাকী মহান ভাৰতীয় দেৱী (মহাদেৱী) হিচাপে স্বীকৃতি লাভ কৰে। নেপালৰ বাহিৰত তেওঁ কাৰ্যতঃ অচিনাকি। কুব্জিকা এসময়ত ভাৰতীয় দেৱী হোৱাৰ প্ৰমাণ কুব্জিকা তন্ত্ৰৰ পৰাই পোৱা যায়। এই তন্ত্ৰত তেওঁক চন্দ্ৰপুৰা চহৰ আৰু ভাৰতৰ কংকনা ভূমিৰ দেৱী বুলি বৰ্ণনা কৰিছে। শাৰীৰিক আৰু ৰূপকভাৱে তেওঁ যথেষ্ট অনন্য দেৱী হ’লেও আন, ভাৰতত পূজ্য অধিক পৰিচিত দেৱীৰ সৈতেও তেওঁৰ বহুতো সাধাৰণ বৈশিষ্ট্য আছে। কুব্জিকাৰ অস্পষ্টতাৰ আন এটা কাৰণ হ’ল তেওঁক কেৱল কৌল তন্ত্ৰতহে পোৱা যায়, বিশেষকৈ শাক্ত কৌল তন্ত্ৰত। ইয়াৰ অস্বাভাৱিকতা হ’ল এনে এগৰাকী অচিনাকি দেৱীৰ বাবে এই তন্ত্ৰসমূহ অতি বৃহৎ। যদিও এটা সময়ত কুব্জিকা দক্ষিণ ভাৰতীয় দেৱী আছিল বুলি নিৰ্ণয় কৰা হৈছে, তথাপিও তেওঁৰ নামত উৎসৰ্গিত বেছিভাগ পাণ্ডুলিপি বিশেষকৈ কুব্জিকামাতাতন্ত্ৰ, নেপালত পোৱা গৈছে, য'ত কুব্জিকাক মূলতঃ পূজা কৰা হয়।৫
উৎপত্তিবিজ্ঞান
কুব্জিকাৰ অৰ্থ সংস্কৃতত "বেঁকা কৰা" বা "বক্ৰ কৰা"। এবাৰ প্ৰভু নৱত্মান/ শিৱই তেওঁৰ পত্নী বক্ৰিকাক আলিংগন কৰিছিল আৰু সংগমৰ এই সময়ত দেৱীয়ে হঠাতে লাজ অনুভৱ কৰিছিল আৰু নিজৰ শৰীৰটো বেঁকা কৰি "কুব্জিকা" বা বক্ৰিকা (বেঁকা) নাম লাভ কৰিছিল।৬
উপাসনা
কুব্জিকামাতাতন্ত্ৰ
নৱম বা দশম শতিকাৰ "কুব্জিকামাতা" বা "পিসুমাতা" নামৰ এখন তান্ত্ৰিক গ্ৰন্থত কুব্জিকাৰ পূজাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদিও পূৰ্বতে কাশ্মীৰ উপত্যকাৰ তান্ত্ৰিক পৰম্পৰাৰ মাজত তেওঁ অতি বিখ্যাত আছিল, তথাপিও কিন্তু ভক্তসকলৰ মাজত কুব্জিকা পূজা পৰিচিত নাছিল। এই উপত্যকাতো কুব্জিকাক পিছলৈ আৰু পূজা কৰা হোৱা নাছিল যেন লাগিছিল, ১৯৮০ চনৰ মাজভাগত তেওঁক এক গোপন তান্ত্ৰিক পূজাত আৱিষ্কাৰ কৰা হৈছিল যি এতিয়াও নেৱাৰ লোকসকলৰ মাজত বিদ্যমান।৭
চিঞ্জিনিমাতাতন্ত্ৰ
কুব্জিকাৰ উল্লেখ থকা গ্ৰন্থ চিঞ্জিনিমাতন্ত্ৰৰ মতে, চাৰি দিশলৈ পঠোৱা চাৰিজন শিষ্যক কৌল পৰম্পৰাৰ শিক্ষা দিয়া হৈছিল। পশ্চিমলৈ পঠোৱা শিষ্যজনে কৌলিজমৰ পশ্চিমীয়া ধাৰা (পচিমামনায়) নৱত্মান আৰু কুব্জিকাৰ পূজা প্ৰতিষ্ঠা কৰে।৮ পূবৰ শিষ্যই কুলেশ্বৰীৰ পূজা পূৰ্বাম্নয় সৃষ্টি কৰাৰ বিপৰীতে উত্তৰৰ শিষ্যই কালসংগৰ্ষিনীৰ পূজা উত্তৰামনয়ক শিকাইছিল। দক্ষিণৰ পৰম্পৰাক দক্ষিণামনয় নামেৰে জনা গৈছিল, আৰু এয়া কামেশ্বৰীৰ পূজা বুলি কোৱা হয়। আজিকালি কামেশ্বৰীৰ দক্ষিণ শ্ৰীকুল পন্থা আৰু কালিৰ উত্তৰ কালিকুল পন্থাক এতিয়াও শাক্তবাদ পন্থা বুলি জনা যায়, আনহাতে বাকী দুটা (কুবজিকা আৰু ত্ৰিকা)ক সাধাৰণতে অন্যান্য কাশ্মীৰী শৈৱ পৰম্পৰাৰ লগতে শৈৱ পন্থা হিচাপে চিনাক্ত কৰা হয়।৯
তথ্যসূত্ৰ
- ↑ Dyczkowski, M. S. (1989). The canon of the Saivagama and the Kubjika Tantras of the western Kaula tradition. Motilal Banarsidass Publications.
- ↑ Dyczkowski, M. S. (2001). The cult of the goddess Kubjika: a preliminary comparative textual and anthropological survey of a secret Newar goddess. Franz Steiner Verlag.
- ↑ White, D. G. (2001). Tantra in practice (Vol. 8). Motilal Banarsidass Publ.
- ↑ Goddess Kubjika and Her Immense Depth. Anuttara Trika Kula
- ↑ THE GODDESS KUBJIKA. Mahavidya
- ↑ Goddess Kubjika – A short overview
- ↑ Heilijgers-Seelen, D. M., & Heilijgers-Seelen, D. (1994). The system of five cakras in Kubjikāmatatantra 14-16 (Vol. 9). Egbert Forsten Pub.
- ↑ The Kulamarga
- ↑ Kubjika
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুব্জিকা” প্ৰবন্ধৰ সংশোধন ৩৯১৯৪১ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।