কিমিগায় (জাপানী ভাষাত: 君が代|君が代,, "তেওঁৰ ঔপনিৱেশিক মহিমাৰ ৰাজত্ব") জাপানৰ জাতীয় সংগীত। কিমিগায়'ৰ কথা সম্ভৱতঃ বিশ্বৰ ভিতৰতেই পুৰণি। ৩২টা আখৰ থকা এই জাতীয় সংগীত বিশ্বৰ ভিতৰতেই আতাইতকৈ চুটি জাতীয় সংগীতো হয়। এই গীতৰ কথা এটি ৱাকা কবিতা, যি কোনো অজ্ঞাত কবিয়ে জাপানৰ ইতিহাসৰ ৭৮৪ চনৰ পৰা ১১৮৫ চনলৈকে থকা হেইয়ান কালত ৰচনা কৰিছিল।১ বৰ্তমানে ব্যৱহৃত সুৰ ১৮৮০ চনত চয়ন কৰা হৈছিল। এই সুৰে, ১৬৬৯ চনত জন ৱিলিয়াম ফেণ্টনে দিয়া সুৰৰ স্থান গ্ৰহণ কৰিলে। ফেণ্টনে দিয়া এই পূৰ্বৰ সুৰ একেবাৰেই জনপ্ৰিয় নাছিল। এই গীতৰ ১১ মাত্ৰাৰ দৈৰ্ঘ্য বৰ্তমানে বিশ্বৰ সকলো জাতীয় সংগীততকৈ চুটি। যদিও কিমিগায়'ক অসমীয়া ভাষালৈ "তেওঁৰ ঔপনিৱেশিক মহিমাৰ ৰাজত্ব" হিচাপে অনুবাদ কৰিব পৰা যায়, আনুষ্ঠানিকভাৱে জাপানী ভাষাৰ বাহিৰে আন কোনো ভাষাৰ সংস্কৰণ আইন মতে উপলব্ধ নহয়।২
১৮৮৮ চনৰ পৰা ১৯৪৫ চনলৈকে এই গীত আছিল জাপান সাম্ৰাজ্যৰ জাতীয় সংগীত। এই সাম্ৰাজ্যৰ অন্ত ঘটিছিল দ্বিতীয় বিশ্ব যুদ্ধত পৰাজয়ৰ পাছত। ১৯৪৫ চনত জাপান ৰাজ্যৰ গঠন হ'ল। জাপান ৰাজ্যত জাপানী সম্ৰাটৰ কোনো ৰাজনৈতিক শক্তি নাই। মেইজি কালৰ অৰ্ধ-সৰ্বগ্ৰাসী আৰু ৰাজ্যবাদী ব্যসস্থাৰ অৱসান ঘটাই নতুন সংবিধানে এক সাংবিধানিক-ৰাজতন্ত্ৰ আৰু সংসদীয় গণতন্ত্ৰ প্ৰৱৰ্তন কৰিলে। পিচে, সম্ৰাট হিৰ'হিট'ক তৎস্বত্বেও ঔপচাৰিকভাৱে জাপানৰ শাসক হৈ থকাৰ অনুমতি প্ৰদান কৰা হ'ল। এই জাপান ৰাজ্যত ১৯৯৯ চনলৈকে কিমিগায়' অনানুষ্ঠানিকভাৱেহে জাতীয় সংগীত আছিল। কিন্তু ১৯৯৯ চনৰ জাতীয় পতকা আৰু সংগীত আইনে কিমিগায়'ক আনুষ্ঠানিকভাৱে জাতীয় আৰু ঔপনিৱেশিক সংগীতৰ দৰ্জা প্ৰদান কৰিলে।
জনমত
টিভি আচাহিয়ে আয়োজন কৰা এক সমীক্ষা অনুযায়ী, জাপানৰ প্ৰায়সংখ্যক লোকেই "কিমিগায়'"ক এক গুৰুত্বপূৰ্ণ কিন্তু বিবাদাস্পদ গীত গণ্য কৰিছিল, ১৯৯৯ চনৰ জাতীয় পতকা আৰু সংগীত আইনৰ পূৰ্বেও।৩ একে বছৰতে মাইনিচি শ্বিম্বুনে অনুষ্ঠিত কৰা সমীক্ষাত পোৱা গ'ল যে প্ৰায়সংখ্যক লোকে এই গীতক জাতীয় সংগীত ঘোষণা কৰা আইনৰ বিৰোধিতা কৰিছিল, বা বিচাৰিছিল যে সংসদে এই আইন অনাৰ পূৰ্বে আৰু কিছু সময় লোৱাৰ প্ৰয়োজন।৪ জাপানী ছাত্ৰ-ছাত্ৰীয়ে এই সংগীত প্ৰৱেশ আৰু ডিগ্ৰী লাভৰ অনুষ্ঠানত পৰিৱেশন কৰা বাধ্যতামূলক। অনেক ছাত্ৰ-ছাত্ৰীৰ মতে, তেওঁলোকে এই গীতৰ অত্যন্ত পুৰণি কথা বুজাত কষ্ট অনুভৱ কৰে আৰু এই গীতৰ ঐতিহাসিক ব্যৱহাৰৰ বিষয়ে অজ্ঞাত।৫ বিদ্যালয়সমূহত এই গীতৰ পৰিৱেশনক লৈ বিবাদ বৰ্তমানেও চলি আছে।
কথা
| 漢字 (কাঞ্জি) আনুষ্ঠানিক | 仮名 (কানা) হিৰাগানা | ৰমাঞ্জি৬ | ধ্বনিগত (IPA) | অসমীয়া অনুবাদ | বেছিল হল শ্বেম্বাৰ্লেইনৰ দ্বাৰা ইংৰাজী ভাষালৈ কাব্যিক অনুবাদ৭ |
|---|---|---|---|---|---|
| 君が代は 千代に八千代に 細石の 巌と為りて 苔の生すまで | きみがよは ちよにやちよに さざれいしの いわおとなりて こけのむすまで | Kimigayo waChiyo ni yachiyo niSazare-ishi noIwao to nariteKoke no musu made | আপোনাৰ ৰাজত্ব যেন হাজাৰ বছৰলৈ থাকক, আঁঠ হাজাৰ পৰুষ, যেতিয়ালৈকে সৰু উপল ডাঙৰ পাথৰ নহয় শেলুৱৈৰে ঢকা | Thousands of years of happy reign be thine; Rule on, my lord, until what are pebbles now By ages united to mighty rocks shall grow Whose venerable sides the moss doth line. |
তথ্যসূত্ৰ
- ↑ Japan – Kimigayo. NationalAnthems.me
- ↑ (2008-03-29). Elementary schools face new mandate: Patriotism, 'Kimigayo'. The Japan Times Online. Kyodo News
- ↑ (1999-07-18). 国旗・国歌法制化について. Asahi Research. TV Asahi
- ↑ (1999-07-09). Flag-anthem law no end to controversy. Japan Times
- ↑ (1999-07-09). 'Kimigayo' controversy leaves students indifferent, confused. Japan Times
- ↑ (2000). National Flag and Anthem. Web Japan. Japanese Ministry of Foreign Affairs
- ↑ (2003). Politika i ekonomija (Upoznajte Japan). Japanska ambasada u Srbiji i Crnoj Gori
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিমিগায়'” প্ৰবন্ধৰ সংশোধন ৫৬৮৮৬৮ (১০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।