অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কামাখ্যাধামৰ চ'ৰাব্ৰত

আঘোনৰ পূৰ্নিমাৰ তিথিৰ ৰাতিবেলা কামৰূপৰ কোনো কোনো ঠাইৰ দৰে কামাখ্যা ধামতো চ'ৰা-ব্ৰত পালন কৰা হয়। চৰা শব্দৰ অৰ্থ হ'ল - সভক্তিৰে দেৱ দেৱীলৈ আগবঢ়োৱা উপাচাৰ। এই ব্ৰত উপলক্ষে বিৱাহিতা আৰু বিৱাহযোগ্য গাভৰুহঁতে ওৰে দিন উপবাসে থাকি ৰাতি দেৱী কাত্যায়ণীক পূজা কৰে।

হালনাগাদ: ২৭ জুন ২০২৩ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

আঘোনৰ পূৰ্নিমাৰ তিথিৰ ৰাতিবেলা কামৰূপৰ কোনো কোনো ঠাইৰ দৰে কামাখ্যা ধামতো চ'ৰা-ব্ৰত পালন কৰা হয়। চৰা শব্দৰ অৰ্থ হ'ল - সভক্তিৰে দেৱ দেৱীলৈ আগবঢ়োৱা উপাচাৰ। এই ব্ৰত উপলক্ষে বিৱাহিতা আৰু বিৱাহযোগ্য গাভৰুহঁতে ওৰে দিন উপবাসে থাকি ৰাতি দেৱী কাত্যায়ণীক পূজা কৰে। মাহ প্ৰসাদ, ধূপ- দীপ আৰু অন্যান্য উপাচাৰৰ উপৰি শোভেৰী নামৰ এটি পাত্ৰ, মাটিৰে নিৰ্মিত বহুসংখ্যক চৰাই মূৰ্তি, নানা বৰণৰ ফুল, ৰবাব টেঙা প্ৰভৃতি এই ব্ৰতত প্ৰয়োজনীয় সামগ্ৰী। এই ব্ৰতত এজন পুৰোহিত লাগে। তেওঁৰ নিৰ্দেশত ব্ৰত কাৰিণীসকলে শোভেৰিত পুষ্প পত্ৰ আগ কৰি কাত্যায়ণী দেৱীলৈ পূজাভাগ আগবঢ়ায়। পূজাৰ ক্ষেত্ৰত তেওঁলোকে চৰা- ব্ৰতৰগীত পৰিৱেশন কৰে। দেৱী- কাত্যায়ণীৰ গুন গৰিমা বৰ্ণনাই গীতৰ কেন্দ্ৰবিন্দু। ৰাতিপুৱাৰ লগে লগে ব্ৰতৰ সামৰণি পৰে আৰু শোভেৰীৰ লগতে ফম- মূল প্ৰভৃতি বিসৰ্জন দিয়ে। স্বামীৰ মংগল কামনা আৰু উপযুক্ত জীৱনৰ লগৰী পোৱাই এই ব্ৰত পালনৰ মূল উদ্দেশ্য। ১

তথ্যসূত্ৰ

  1. ↑ দাস নাৰায়ন, ৰাজবংশী পৰমানন্দ. অসমীয়া সংস্কৃতিৰ কণিকা. পৃ. ৭৫

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামাখ্যাধামৰ চ'ৰাব্ৰত” প্ৰবন্ধৰ সংশোধন ৩৭০০৫৩ (২৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।