অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাজুঅ' ইছিগুৰু

ছাৰ কাজুঅ’ ইছিগুৰু (Kazuo Ishiguro; জাপানীজ: 石黒 一雄; জন্ম ৮ নৱেম্বৰ ১৯৫৪) এগৰাকী জাপানী মূলৰ ব্ৰিটিছ ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, সংগীতজ্ঞ আৰু চুটি গল্প লেখক। ২০১৭ চনত সাহিত্যৰ ন’বেল বঁটা প্ৰাপক ইছিগুৰু সমালোচকৰ দ্বাৰা আটাইতকৈ প্ৰশংসিত ইংৰাজী ভাষাৰ সমসাময়িক কথা সাহিত্যিকসকলৰ এগৰাকী।

হালনাগাদ: ১ মে’ ২০২৬ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ছাৰ কাজুঅ’ ইছিগুৰু (Kazuo Ishiguro; জাপানীজ: 石黒 一雄; জন্ম ৮ নৱেম্বৰ ১৯৫৪) এগৰাকী জাপানী মূলৰ ব্ৰিটিছ ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, সংগীতজ্ঞ আৰু চুটি গল্প লেখক। ২০১৭ চনত সাহিত্যৰ ন'বেল বঁটা প্ৰাপক ইছিগুৰু সমালোচকৰ দ্বাৰা আটাইতকৈ প্ৰশংসিত ইংৰাজী ভাষাৰ সমসাময়িক কথা সাহিত্যিকসকলৰ এগৰাকী। নিজৰ প্ৰশস্তি পত্ৰত চুইডিছ একাডেমীয়ে ইছিগুৰুক এগৰাকী লেখক ৰূপে বৰ্ণনা কৰি কৈছে; ইছিগুৰুৱে তেওঁৰ আৱেগিক উপন্যাসসমূহত, পৃথিৱীৰ সৈতে আমাৰ ভ্ৰান্ত সম্পৰ্কৰ অটল গহ্বৰবোৰ উন্মোচন কৰিছে।১

১৯৫৪ চনৰ ৮ নৱেম্বৰত, জাপানৰ নাগাছাকিত ইছিগুৰুৰ জন্ম হৈছিল।২তেওঁৰ পিতৃ চিজিঅ’ ইছিগুৰু এগৰাকী সাগৰ বিষয়ক বিশেষজ্ঞ আৰু মাতৃ চিজুক’।৩ ইছিগুৰুৰ দেউতাক ‘দ্য নেচনেল ইনষ্টিটিউট অৱ অ’চন’গ্ৰাফী’লৈ গৱেষণাৰ বাবে আমন্ত্ৰিত হৈছিল৩৪৫ আৰু সেইসূত্ৰে ১৯৬০ চনত কাজুঅ’ই পাঁচ বছৰ বয়সৰপৰা মাক দেউতাকৰ সৈতে ব্ৰিটেইনৰ গিলফৰ্ডত থাকিবলৈ লয়।২ ‘আ পেল ভিউ অৱ হিলচ্‌’ আৰু ‘এন আৰ্টিষ্ট অৱ দ্য ফ্লটিং ৱৰ্ল্ড’ শীৰ্ষক তেওঁৰ প্ৰথম দুয়োখন উপন্যাসেই ইয়াৰ জাপানী পৰিচয়ৰ অনুসন্ধান আৰু শোকৰ কৰুণ সুৰ এটিৰ বাবে বিশেষভাৱে উল্লেখিত। ইয়াৰ উপৰিও তেওঁ বিজ্ঞান কল্পকাহিনী আৰু ঐতিহাসিক কল্পকাহিনীকে ধৰি অন্যান্য ধাৰাত লেখা-মেলা কৰিছে।

তেওঁ চাৰিবাৰ বুকাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। ১৯৮৯ চনত তেওঁ ‘দ্য ৰিমেইনচ্‌ অৱ দ্য ডে’ উপন্যাসখনৰ বাবে বুকাৰ বঁটা লাভ কৰে।৪ এই উপন্যাসখনৰ আধাৰত ১৯৯৩ চনত একে নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ হয়। চলমান ৰুশ্বদিয়ে এই উপন্যাসখন কাজুঅ’ ইছিগুৰুৰ শ্ৰেষ্ঠ কৃতি বুলি কৈছে। এই উপন্যাসখনত তেওঁ তেওঁৰ প্ৰথম দুখন উপন্যাসৰ জাপানী পৃষ্ঠভূমিৰপৰা ওলাই আহি এই কথা সিদ্ধ কৰিছে যে, তেওঁৰ সংবেদনশীলতা শিপাকেন্দ্ৰিক নহয়, বৰঞ্চ ই পৰিভ্ৰমী আৰু চকুত লগাকৈ বিকাশশীল।৬

‘টাইম’ আলোচনীয়ে ইছিগুৰুৰ বিজ্ঞান কল্পকাহিনী ‘নেভাৰ লেট মি গ’’ উপন্যাসখনক ২০০৫ চনৰ শ্ৰেষ্ঠ উপন্যাস আৰু ১৯২৩ ৰপৰা ২০০৫ চনৰ ভিতৰত প্ৰকাশ পোৱা ১০০খন শ্ৰেষ্ঠ ইংৰাজী ভাষাৰ উপন্যাসৰ এখন বুলি উল্লেখ কৰিছে। ‘লিভিং’ চলচ্চিত্ৰৰ বাবে তেওঁ ২০২২ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্য শিতানত অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল।৭৮

ইছিগুৰুৱে জেজ গায়িকা ষ্টেচি কেণ্টৰ বাবে কেইবাটাও গীত লিখিছিল৯ আৰু ইয়াৰে দুটা এলবামে গ্ৰেমি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।১০

তথ্যসূত্ৰ

  1. ↑ The Nobel Prize in Literature 2017 – Press Release. Nobel Prize
  2. ↑ Mesher, D. (1998). Dictionary of Literary Biography. 2d series. Gale. পৃ. 145–153. ISBN 0-7876-1849-7
  3. ↑ Lewis, Barry. (2000). Kazuo Ishiguro. Manchester University Press
  4. ↑ Kazuo Ishiguro. British Council
  5. ↑ Modelling the oceans. Science Museum Group
  6. ↑ (2012-08-17). Salman Rushdie: rereading The Remains of the Day by Kazuo Ishiguro. the Guardian
  7. ↑ Kazuo Ishiguro's adapted screenplay 'Living' nominated for Oscars and BAFTAs 2023. RCW Literary Agency
  8. ↑ Buchanan, David. (24 January 2023). Kazuo Ishiguro joins rare Oscar club with nomination for 'Living'. Gold Derby
  9. ↑ (2013-09-22). How we met: Stacey Kent & Kazuo Ishiguro. The Independent
  10. ↑ Collar, Matt. Stacey Kent. AllMusic

সম্পৰ্কিত শ্ৰেণী

জাপানৰ ব্যক্তিসাহিত্যিকসাহিত্যৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাজুঅ' ইছিগুৰু” প্ৰবন্ধৰ সংশোধন ৬০৩৮৩২ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।