কাইলী কাৰ্টাৰ (ইংৰাজী ভাষা: Kayli Carter; জন্ম: ৮ জুলাই, ১৯৯৩) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ নেটফ্লিক্সৰ ৱেষ্টাৰ্ণ টিভি ধাৰাবাহিক গডলেচত চেডি ৰোজৰ চৰিত্ৰত আৰু বেড এডুকেচন বোলছবিত হিউ জেকমেন আৰু এলিসন জেনীৰ বিপৰীতে আম্বৰ মেককাৰ্ডেনৰ চৰিত্ৰত অভিনয় কৰিছিল। প্ৰাইভেট লাইফ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী মহিলা অভিনেত্ৰীৰ ইণ্ডিপেণ্ডেণ্ট স্পিৰিট বঁটাৰ মনোনয়ন লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
কাৰ্টাৰ ফ্ল’ৰিডাৰ ওভিডোত ডাঙৰ-দীঘল হৈছিল আৰু পৰৱৰ্তী সময়ত ফ্ল’ৰিডাৰে চুলুয়োটাত বাস কৰিছিল। তেওঁৰ পিতৃ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত আৰু মাতৃ এগৰাকী থেৰাপিউটিষ্ট।১ তেওঁ সাভানা কলেজ অৱ আৰ্ট এণ্ড ডিজাইনত অভিনয় শিক্ষা গ্ৰহণ কৰি পৰিৱেশ্য কলাত বেচেলৰ অৱ ফাইন আৰ্টচ ডিগ্ৰী লাভ কৰে।২৩ কাৰ্টাৰে লণ্ডনৰ ৱেষ্ট এণ্ড থিয়েটাৰত মাৰ্ক ৰাইলেন্সৰ নাটক নাইচ ফিচৰ জৰিয়তে নিজৰ প্ৰথম বৃত্তিগোটীয় নাট্য অভিনয় জীৱন আৰম্ভ কৰিছিল।১ ইয়াৰ উপৰি তেওঁ নিউয়ৰ্ক চহৰৰ ব্ৰুকলিনৰ ছেইণ্ট এনছ হাউচ আৰু মেচাচুচেটছৰ কেম্ব্ৰিজৰ আমেৰিকান ৰিপাৰ্টৰী থিয়েটাৰতো অভিনয় কৰিছে।
কৰ্মজীৱন
২০১৭ চনত কাৰ্টাৰে মিচেল ডকাৰী, মেৰিট ৱেভাৰ আৰু জেফ ডেনিয়েলছৰ সৈতে নেটফ্লিক্সৰ ৱেষ্টাৰ্ণ টিভি ধাৰাবাহিক গডলেচত চেডি ৰোজ হিচাপে অভিনয় কৰে।৪ একে বছৰতে তেওঁ পুনৰ মেৰিট ৱেভাৰৰ সৈতে একগোট হৈ মেৰী হেৰনৰ নিৰ্দেশনাত নিৰ্মিত চাৰ্লছ মেনছনৰ জীৱনীমূলক ড্ৰামা ছবি চাৰ্লি চেজত হান্নাহ মাৰে আৰু মেট স্মিথৰ সৈতে স্কুইকী ফ্ৰমৰ চৰিত্ৰত অভিনয় কৰে।৫
২০১৯ চনত তেওঁ বেড এডুকেচন বোলছবিত হিউ জেকমেন আৰু এলিসন জেনীৰ বিপৰীতে আম্বৰ মেককাৰ্ডেন হিচাপে অভিনয় কৰে।১ ২০২০ চনৰ টিভি মিনি-চিৰিজ মিচেচ আমেৰিকাত কেট ব্লানছেটৰ সৈতে কাৰ্টাৰে পামেলাৰ চৰিত্ৰত অভিনয় কৰিছিল।৬ কাৰ্টাৰে ইউনিভাৰ্চেল পিকচাৰ্ছৰ ২০২০ চনৰ ছবি লেট হিম গোত এজন অৱসৰপ্ৰাপ্ত চেৰিফ (কেভিন কষ্টাৰ) আৰু তেওঁৰ পত্নীৰ (ডায়েন লেন) বোৱাৰী লৰ্না ব্লেকলেজৰ চৰিত্ৰটোও ৰূপায়ণ কৰিছিল।৭৮
২০২১ চনত কাৰ্টাৰে দা মাৰ্ভেলাচ মিচেচ মাইচেলৰ অভিনয় শিল্পীৰ দলত এটা পুনৰাবৃত্তিমূলক চৰিত্ৰত যোগদান কৰে।৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2018). Private Life Star Kayli Carter Had the Angstiest Thanksgiving Ever. vanityfair.com
- ↑ (2017). How She Got There: Kayli Carter, Recent B.F.A Graduate and Actor. hercampus.com
- ↑ (2018). Creative careers in the spotlight. (SCAD) Savannah College of Art and Design
- ↑ (2018). Interview: Actress Kayli Carter On Being Named A Hamptons International Film Festival Breakthrough Artist, Her Role In Netflix's "Private Life". hamptons.com
- ↑ (May 2, 2019). Kayli Carter as Lynette "Squeaky" Fromme. popsugar.co.uk
- ↑ (2019). FX Announces Cast and Directors for 'Mrs. America' – Includes Uzo Aduba, Sarah Paulson, Kayli Carter and More. awardscircuit.com
- ↑ (2019). Lesley Manville, Kayli Carter Join Kevin Costner Drama 'Let Him Go'. celebritywshow.com
- ↑ (June 23, 2020). Rising talent and natural beauty, Kayli Carter. thebaremagazine.com
- ↑ (June 21, 2021). 'The Marvelous Mrs. Maisel': Kayli Carter Joins Season 4 As Recurring. Deadline Hollywood
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাইলী কাৰ্টাৰ” প্ৰবন্ধৰ সংশোধন ৬০২০৫৬ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।