অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভগিনী নিবেদিতা (চলচ্চিত্ৰ)

ভগিনী নিবেদিতা ( Bhagini Nivedita ) ১৯৬২চনত মুক্তি পোৱা এখন জীৱনীমূলক বঙালী ভাষাৰ চলচ্চিত্ৰ। স্বামী বিবেকানন্দৰ আয়াৰলেণ্ডদেশীয় শিষ্যা মাৰ্গাৰেটৰ জীৱন আৰু কৰ্মাৱলীৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। বিবেকানন্দৰ ওচৰত দীক্ষাগ্ৰহণ কৰাৰ পাছত তেওঁক ভগিনী নিবেদিতা নামেৰে নামকৰণ কৰা হৈছিল।

হালনাগাদ: ১৩ মে’ ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ভগিনী নিবেদিতা ( Bhagini Nivedita ) ১৯৬২চনত মুক্তি পোৱা এখন জীৱনীমূলক বঙালী ভাষাৰ চলচ্চিত্ৰ। ১ স্বামী বিবেকানন্দৰ আয়াৰলেণ্ডদেশীয় শিষ্যা মাৰ্গাৰেটৰ জীৱন আৰু কৰ্মাৱলীৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। বিবেকানন্দৰ ওচৰত দীক্ষাগ্ৰহণ কৰাৰ পাছত তেওঁক ভগিনী নিবেদিতা নামেৰে নামকৰণ কৰা হৈছিল। ছবিখনৰ পৰিচালনা বিজয় বসু। নামভূমিকাত অভিনয় কৰিছিল অৰুন্ধতী দেৱীয়ে। ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২৩৪

কাহিনীৰ সাৰাংশ

এজন আইৰিছ পাদুৰীৰ ঘৰত জন্মগ্ৰহণ কৰা মাৰ্গেৰেটে লণ্ডনত এজন মহান ভাৰতীয় সন্ন্যাসী স্বামী বিবেকানন্দক লগ পায় আৰু তেওঁৰ দ্বাৰা প্ৰভাৱিত হয়। কেই বছৰমান পাছত মাৰ্গাৰেটে বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ কৰিবলৈ ভাৰতলৈ আহে। বিবেকানন্দই তেওঁক ব্ৰহ্মচৰ্যৰ দিক্ষা প্ৰদান কৰে আৰু নিবেদিতা নামৰে নামকৰণ কৰে। ইয়াৰ পিছতে নিবেদিতাই বিভিন্ন সামাজিক হেঙাৰ নেওচি মানৱ কল্যাণত ব্ৰতী হয়। আনকি গুৰুৰ মৃত্যুৰ পাছতো আমৃত্যু তেওঁ কল্যাণকামী কৰ্মৰাজিত ব্ৰতী হৈ থাকিল।৫

অভিনয়শিল্পী

  • অৰুন্ধতী দেৱী (ভগিনী নিবেদিতা)
  • অসিত বৰণ
  • অজিত বন্দোপধ্যায়
  • শোভা সেন
  • দিলীপ ৰয়
  • মুমতাজ আহমেদ খান (মিঃ উইলছল)
  • সনন্দ বেনাৰ্জী
  • হাৰাধন বেনাৰ্জী
  • দ্বিজু ভাৱাল
  • প্ৰেমাংশু বসু
  • অমৰেশ দাস

বঁটা

  • ১৯৬১- ৯ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক।৫

তথ্যসূত্ৰ

  1. ↑ Bhagini Nivedita (1962) Movie: Watch Full Movie Online on JioCinema. Jiocinema
  2. ↑ Gopa Sabharwal. (2007). India Since 1947: The Independent Years. Penguin Books India. পৃ. 83. ISBN 978-0-14-310274-8
  3. ↑ No Show – International Film Festival of India
  4. ↑ 9th National Film Awards. International Film Festival of India
  5. ↑ 9th National Film Award Catalogue. DIRECTORATE OF FILM FESTIVALS

সম্পৰ্কিত শ্ৰেণী

১৯৬২ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভগিনী নিবেদিতা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৮২০৮ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।