ককেট এষ্টেটিক (ইংৰাজী ভাষা: coquette aesthetic) হ’ল ২০২০-ৰ দশকৰ 'জে জেনেৰেচন' (Gen Z)ৰ এক ফেশ্বন ট্ৰেণ্ড বা ধাৰা। ই মিঠা, ৰোমাণ্টিক আৰু কেতিয়াবা ধেমেলীয়া উপাদানৰ মিশ্ৰণৰ দ্বাৰা চিহ্নিত। এই শৈলীয়ে লেচ, ফ্লাউন্স, পেষ্টেল ৰং আৰু ৰিবন বা ধেনুভিৰীয়া ফিটা (bows) ব্যৱহাৰ কৰি নাৰীত্বৰ ওপৰত গুৰুত্ব দিয়ে। ই প্ৰায়ে ভিক্টোৰিয়ান যুগ আৰু ১৯৫০ তথা ১৯৬০-ৰ দশকৰ দৰে ঐতিহাসিক সময়ৰ পৰা অনুপ্ৰেৰণা লয় আৰু তাত এক আধুনিক ৰূপ প্ৰদান কৰে।১
তাৎপৰ্য আৰু ইতিহাস
'ককেট' (Coquette) শব্দটো এটা ফৰাচী ভাষা শব্দ, যাৰ অৰ্থ হ’ল চঞ্চল বা মোহময়ী। এই নান্দনিক শৈলীটো ২০১০-ৰ দশকৰ আৰম্ভণিতে টাম্বলাৰত জনপ্ৰিয় হৈছিল২ আৰু ২০২১ চনৰ আশে-পাশে টিকটকতো ইয়াৰ প্ৰসাৰ ঘটে।৩ ইয়াৰ শিপা জাপানীজ ললিটা ফেশ্বনৰ দৰে পুৰণি নাৰীসুলভ ফেশ্বন ধাৰাসমূহৰ সৈতে জড়িত। ইয়াক প্ৰায়ে বেলেটকোৰ, কটেজকোৰ আৰু প্ৰিন্সেচকোৰ দৰে অন্যান্য নান্দনিক শৈলীৰ সৈতে তুলনা কৰা হয়।৪
এই শৈলীটোক শৈশৱৰ কল্পনাৰ জৰিয়তে সৃষ্টিশীলতা প্ৰকাশ কৰাৰ এক মাধ্যম আৰু কোনো ধৰণৰ দোষবোধ নোহোৱাকৈ নাৰীত্বক সম্পূৰ্ণৰূপে উপভোগ কৰাৰ এক উপায় হিচাপে অভিহিত কৰা হৈছে। ই শক্তিশালী মহিলাসকলকো নিজকে নাৰীসুলভ আৰু সুকোমল হিচাপে চাবলৈ সুযোগ দিয়ে। ইয়াৰ জৰিয়তে মহিলাৰ সৱলীকৰণ মানেই পুৰুষত্বৰ অনুকৰণ কৰা— এনে পুৰণি গতানুগতিক ধাৰণাৰ পৰা আঁতৰি অহা হৈছে। একে সময়তে ককেট এষ্টেটিকে নাৰীত্বক যৌনতাকৰণ নকৰাকৈ উপস্থাপন কৰিবলৈ বিচাৰে আৰু যিবোৰ বস্তুক এসময়ত উপহাস কৰা হৈছিল, সেইবোৰক উদযাপন কৰে। ফৰাচী বিপ্লৱৰ পৰৱৰ্তী সময়ত যিদৰে সমাজে মাৰী এণ্টোৱানেটৰ নাৰীসুলভ পোছাকৰ আড়ম্বৰতাক ত্যাগ কৰি পুৰুষৰ ফেশ্বনৰ ওচৰ চপা অবয়ব গ্ৰহণ কৰিছিল, ককেট এষ্টেটিকে ঠিক তাৰ ওলোটাটো কৰি ১৯৮০-ৰ দশকৰ পাৱাৰ চুইট আৰু শেহতীয়া অভাৰচাইজ বা টমবয় ফেশ্বনৰ পৰা আঁতৰি আহিছে।১ এই শৈলীৰ সমৰ্থকসকলে যুক্তি দিয়ে যে ইয়াক এক বিঘ্নিত অ-বিষমকামী (non-heteronormative) ব্যাখ্যাৰ পৰাও বুজিব পাৰি।২
সমালোচনা
ককেট এষ্টেটিকক মহিলাৰ বাবে ক্ষতিকৰ লিংগ ভূমিকা পুনৰ সৃষ্টি কৰা আৰু পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰাৰ সম্ভাৱনাৰ বাবে সমালোচনা কৰা হৈছে। একে সময়তে, এই শৈলীটো মূলত "ফৰাচী সংস্কৃতি আৰু ইউৰোপীয় নাৰীত্বৰ পুৰণি ধাৰণা"ৰ পৰা উদ্ভৱ হৈছে।৪ এই নান্দনিক শৈলীৰ সৈতে জড়িত ইণ্টাৰনেটৰ ছবিবোৰত প্ৰায়ে কেৱল ক্ষীণ আৰু বগা ছালৰ মহিলাসকলকহে প্ৰদৰ্শন কৰা হয়, যিয়ে আন বৈশিষ্ট্যৰ মহিলাসকলক বাদ দিব পাৰে।২ ককেট এষ্টেটিকৰ আন কিছুমান সমালোচনাত ইয়াক ললিকন ধাৰাৰ সৈতে তুলনা কৰা হৈছে। সমালোচকসকলৰ মতে ইয়াৰ অনুপ্ৰেৰণা আৰু শৈলীৰ বাবে ই শিশু যৌন নিৰ্যাতনকাৰীসকলৰ বাবে উত্তেজক আৰু সমস্যাজনক হ’ব পাৰে।৫ অৱশ্যে এই শৈলীৰ সমৰ্থকসকলে কয় যে খোপা, লেচ আৰু গোলাপী ৰঙৰ পোছাক ব্যৱহাৰ কৰাৰ অৰ্থ এইটো নহয় যে মহিলাসকল ইয়াৰ চিকাৰ হৈছে আৰু এনে শৈলী নাৰীবিদ্বেষী আক্ৰমণৰ বাবে জগৰীয়া নহয়।৬
অনুপ্ৰেৰণা
ককেট এষ্টেটিকৰ অনুৰাগীসকলৰ বাবে অনুপ্ৰেৰণাৰ ভিতৰত আছে ভিক্টোৰিয়ান, এডৱাৰ্ডিয়ান, ৰিজেন্সী আৰু ৰোকোকো ফেশ্বন তথা নান্দনিকতা।২ ইয়াৰ অনুপ্ৰেৰণা যোগোৱা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল জেন অস্টিন আৰু ব্ৰণ্টে ভগ্নীসকলৰ উপন্যাসসমূহ আৰু ভ্লাদিমিৰ নাবোকোভৰ 'ললিতা'। ছফিয়া কপোলাৰ ছবি 'দ্য ভাৰ্জিন চুইচাইডছ', 'মাৰী এণ্টোৱানেট' আৰু 'প্ৰিচিলা', নেটফ্লিক্সৰ 'ব্ৰিজাৰটন', মেলানি মাৰ্টিনেজৰ 'K-12' আৰু গ্ৰেটা গাৰৱিগৰ 'বাৰ্বী' চিনেমাও ইয়াৰ অনুপ্ৰেৰণা।৪৭
আমেৰিকান গায়িকা লানা ডেল ৰেকো এই নান্দনিক শৈলীৰ এগৰাকী আইকন হিচাপে গণ্য কৰা হয়।৮
তথ্যসূত্ৰ
- ↑ (2024-01-19). ¿Qué es el estilo coquette?. LA NACION
- ↑ Sandhar, Jasmine. (2024-02-04). Coquette: Why the TikTok trend is more than just cute bows. BBC
- ↑ Lores, Alexandra. (2022-03-21). Coquette Aesthetic: la tendencia que arrasa en TikTok y que mezcla evasión, historicismo y feminidad impostada. Vogue
- ↑ Kumamoto, Ian. (2024-02-02). Gen Z has fallen in love with the coquette aesthetic but it's not all ribbons and bows. Time Out New York
- ↑ Roman, Iustina. (2022-01-20). The Dark Side Of Coquette. Cherwell
- ↑ María, Ita. (2024-01-20). COQUETTE: hiperfeminidad, infantilización, culpas y prejuicios.. Volcánicas
- ↑ (2024-02-04). Coquette: Why the TikTok trend is more than just cute bows
- ↑ (2024-01-17). ¿Qué es coquette, la moda que 'amenaza' a la aesthetic?. El Financiero
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ককেট এষ্টেটিক” প্ৰবন্ধৰ সংশোধন ৬০০৪৭০ (১৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।