এষ্টেৰ'প (/æˈstεrəpiː/ প্ৰাচীন গ্ৰীক: Ἀστεροπή বা Στεροπή, "বিজুলী", ইংৰাজী: Asterope) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এগৰাকী হেস্পেৰিড।
পৰিয়াল
এষ্টেৰ’প আৰু তেওঁৰ ভগ্নীসকলৰ পিতৃ-মাতৃৰ নাম ভিন্ন সংস্কৰণত ভিন্ন ভাবে পোৱা যায়৷ কেতিয়াবা তেওঁলোকক নাইক্স (Nyx) আৰু ইৰেবাছৰ (Erebus) কন্যা বুলি কোৱা হয় আৰু কেতিয়াবা এটলাছৰ কন্যা বুলি কোৱা হয়, আনকি কিছুমান ক্ষেত্ৰত জ্যুচৰ কন্যা বুলিও কোৱা হয়। এওঁলোকৰ আন সম্ভাৱ্য পিতৃ-মাতৃ হৈছে ফৰ্চিছ আৰু চেটো, আৰু হেস্পেৰাছ। তেওঁৰ ভগ্নীসকল আছিল ক্ৰীছ'থেমিছ, হাইজিয়া আৰু লিপাৰা।১
এষ্টেৰ'প নামৰ আক্ষৰিক অৰ্থ হৈছে "যাৰ মুখমণ্ডল তৰাৰ দৰে",২ ἄστηρ (ástēr, "তৰা") আৰু ὄψ (ops, "মুখ") শব্দ দুটাৰ সমাসাৰ, কিন্তু এই শব্দটোৰ প্ৰচলিত অৰ্থ হৈছে "বিজুলী"। তেওঁৰ বাবে কেতিয়াবা হেস্পেৰিয়া নামটোও ব্যৱহাৰ কৰা হয়, যিটো সম্ভৱতঃ তাইৰ এজন কল্পিত পিতৃ-মাতৃৰ সৈতে জড়িত।
নামকৰণ
এষ্টেৰ’প নামেৰে নিম্ফেলিডিয়া (Nymphalidae) পৰিয়ালৰ এবিধ পখিলাৰ প্ৰজাতিৰো নামকৰণ কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Walters, Henry Beauchamp. (1905). History of Ancient Pottery: Greek, Etruscan, and Roman: Based on the Work of Samuel Birch. পৃ. 92
- ↑ Asterope Hesperia. theoi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এষ্টেৰ'প” প্ৰবন্ধৰ সংশোধন ৪৮০৩৭০ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।