অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলেনা ভেলেৰিয়েভনা মিলাছিনা

এলেনা ভেলেৰিয়েভনা মিলাছিনা (: Elena Valeryevna Milashina, ৰাছিয়ান: Елена Валерьевна Милашина, ৰোমানীকৃত: য়েলেনা ভেলেৰিয়েভনা মিলাছিনা; জন্ম ১৯৭৭) নোভায়া গাজেটাৰ এগৰাকী ৰাছিয়ান তদন্তকাৰী সাংবাদিক। তেওঁৰ কৰ্মৰাজিৰ বাবে একাধিক বঁটা লাভ কৰিছে।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৩৪০ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

এলেনা ভেলেৰিয়েভনা মিলাছিনা (: Elena Valeryevna Milashina, ৰাছিয়ান: Елена Валерьевна Милашина, ৰোমানীকৃত: য়েলেনা ভেলেৰিয়েভনা মিলাছিনা; জন্ম ১৯৭৭) ১২ নোভায়া গাজেটাৰ এগৰাকী ৰাছিয়ান তদন্তকাৰী সাংবাদিক। তেওঁৰ কৰ্মৰাজিৰ বাবে একাধিক বঁটা লাভ কৰিছে।

এক দশকৰো অধিক সময়ৰ ভিতৰত মিলাছিনাক তেওঁৰ কামক লৈ একাধিকবাৰ ভাবুকি আৰু আক্ৰমণৰ সন্মুখীন হৈছে। ২০২৩ চনত চেচেনিয়াত হোৱা এটা বিচাৰৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে তেওঁক গুৰুতৰভাৱে প্ৰহাৰ কৰা হৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭৭ চনত জন্মগ্ৰহণ কৰা এলেনা মিলাছিনাই ১৯৯৪–৯৫ চনত FLEX বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে; এই অভিজ্ঞতাই তেওঁক মস্কো ৰাজ্যিক বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিবলৈ সহায় কৰিছিল।৩

কৰ্ম জীৱন

1997 চনত, মিলাশিনাই নোভায়া গেজেটাৰ বাবে এজন প্ৰতিবেদক আৰু সাংবাদিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল, একে সময়তে পঢ়িও আছিল। তেওঁৰ এজন মেণ্টৰ আছিল আন্না পলিটকোভস্কায়া। 2001 চনত, তেওঁ মস্কো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সাংবাদিকতা অনুস্থানৰ পৰা স্নাতক হয়।

মিলাশিনাৰ পেছাদাৰী ক্ষেত্ৰৰ আগ্ৰহৰ অঞ্চলসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে দুৰ্নীতি, উত্তৰ ককেশাস বিশেষকৈ চেচনিয়াত হোৱা মানৱ অধিকাৰ লংঘনৰ ঘটনা। বিশেষকৈ, তেওঁ 2004 চনৰ বেছলান বিদ্যালয় অবৰোধ, 2006 চনত আন্না পলিটকোভস্কায়াৰ হত্যাকাণ্ড, 2008 চনৰ দক্ষিণ অছেটিয়াৰ সংঘৰ্ষ, আৰু 2009 চনৰ নাটালিয়া এষ্টেমিৰোভার অপহৰণ আৰু হত্যাৰ তদন্তত কৰ্মৰত আছিল।৪ তেওঁ চেচনিয়াত সমকামী জনগোষ্ঠীৰ ওপৰত হোৱা নিৰ্যাতনৰ ক্ষেত্ৰতো প্ৰতিবেদন দাখিল কৰিছিল।৫৬

তেওঁ নিজৰ সহকৰ্মী আন্না পলিটকোভস্কায়াৰ আৰম্ভ কৰা অনুসন্ধানসমূহ অব্যাহত ৰাখিছিল। পলিটকোভস্কায়াক ২০০৬ চনত মস্কোত হত্যা কৰা হৈছিল। লগতে, তেওঁ উত্তৰ ককেশাসত সংঘটিত ঘটনাসমূহৰ ওপৰত নিজৰ স্বাধীন অনুসন্ধানো চলাই গৈছিল।৭

আক্ৰমণ আৰু ভাবুকি

২০১২ চনৰ ৫ এপ্ৰিলৰ পুৱাৰ ভাগত মস্কোৰ বালাশিখা চুবুৰীত বন্ধু এলা আছ'য়ানৰ সৈতে মিলাছিনাক দুজন অজ্ঞাত আক্ৰমণকাৰীয়ে আক্ৰমণ কৰে।৮

২০২০ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে, চেচনিয়াৰ গ্ৰোজনীলৈ এটা মামলাৰ শুনানিত অংশগ্ৰহণ কৰিবলৈ গৈ থাকোঁতে, মিলাশিনা আৰু মানৱ অধিকাৰ বিষয়ক আইনজীবী মাৰিনা ডুব্ৰোভিনাক অজ্ঞাত মহিলা আক্ৰমণকাৰীসকলে কণ্টিনেণ্টেল হোটেলৰ লবীত আক্ৰমণ কৰি প্ৰহাৰ কৰিছিল।৯

নোভায়া গাজেটাই ২০২২ চনৰ ৮ ফেব্ৰুৱাৰীত ৰিপ'ৰ্ট কৰিছিল যে মিলাছিনাই তেওঁৰ বিৰুদ্ধে ভাবুকি দিয়াৰ বাবে ৰাছিয়া এৰি যাবলৈ বাধ্য হৈছে।১০১১

২০২৩ চনৰ জুলাই মাহত চেচেনিয়াত এটা সশস্ত্ৰ গোটে আক্ৰমণ কৰা বুলি কোৱাৰ পিছত মিলাছিনা আৰু জাৰেমা মুছায়েভাৰ অধিবক্তা আলেকজেণ্ডাৰ নেমভক চিকিৎসালয়ত ভৰ্তি কৰা হয়, যাৰ বিচাৰ মিলাছিনাই প্ৰতিবেদন প্ৰস্তুত কৰি আছিল।৫৬ মেম'ৰিয়েল মানৱ অধিকাৰ সংস্থাৰ মতে, আক্ৰমণকাৰীসকলে মিলাছিনাৰ মূৰৰ চুলি কাটি চেলিয়নকা আক্ৰমণ বুলি জনাজাত সেউজীয়া ৰংৰে ঢাকি দিছিল, একে সময়তে তাইক গুচি যাবলৈ আৰু কোনো প্ৰবন্ধ লিখিব নালাগে বুলি কৈছিল।৫৬ মিলাছিনা আৰু নেমভক বিমানেৰে মস্কোলৈ লৈ যোৱা হয়, য'ত মিলাছিনাক মগজুৰ আঘাতজনিত কাৰনত, হাতৰ অসংখ্য ফ্ৰেকচাৰ আৰু ঘাঁৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়।১২১৩১৪

বঁটা আৰু সন্মান

  • ২০০১ চনত ৰাছিয়াৰ গোল্ডেন পেন [ru] তদন্তকাৰী সাংবাদিকতা বিভাগত ৰাছিয়াৰ চাবমেৰিন কুৰ্স্ক (K-141)ৰ বিষয়ে ধাৰাবাহিকভাৱে সামগ্ৰীৰ বাবে১৫১৬
  • হিউমেন ৰাইটছ ৱাচৰ এলিছন ডেছ ফৰ্জেছ বঁটা অসাধাৰণ সক্ৰিয়তাৰ বাবে (২০০৯)১৭৪
  • নাইট-ৱালেছ ফেল'শ্বিপ ফৰ জাৰ্নেলিষ্ট (২০০৯-২০১০)
  • আন্তৰ্জাতিক সাহসী মহিলা বঁটা (২০১৩)১৮
  • বিনামূলীয়া মিডিয়া বঁটা (২০১৬)১৯

তথ্যসূত্ৰ

  1. ↑ (2013-07-08). First Section Case of Novaya Gazeta and Milashina v. Russia. hudoc.echr.coe.int
  2. ↑ (2018-01-29). Third Section Case of Novaya Gazeta and Milashina v. Russia. hudoc.echr.coe.int
  3. ↑ (2014-10-01). Школьникам России закрыли Америку. Voice of America
  4. ↑ (October 7, 2009). Human Rights Watch Honors Top Rights Defender. Human Rights Watch web site
  5. ↑ (4 July 2023). Russian Journalist, Lawyer Beaten and Hospitalized in Chechnya
  6. ↑ Kim, Victoria. (2023-07-04). Prominent Russian Journalist Injured in Attack in Chechnya. The New York Times
  7. ↑ A Call to Ensure Safety of Elena Milashina and Have a Proper Investigation into the Threats against Her – EU-Russia Civil Society Forum
  8. ↑ (April 5, 2012). Investigative Journalist Brutally Beaten in Russia. Committee to Protect Journalists web site
  9. ↑ (2020-02-07). Reporter who exposed Chechen gay purge attacked. BBC News
  10. ↑ (February 14, 2022). Novaya Gazeta investigative journalist forced to leave Russia. International Press Institute web site
  11. ↑ (February 8, 2022). Russia, Explained Kadyrov vs. Novaya. Novaya Gazeta
  12. ↑ (5 July 2023). Assaulted Russian Reporter Back in Moscow, Condition 'Difficult'. The Moscow Times
  13. ↑ (2023-07-07). Russian Journalist Vows to Continue Visiting Chechnya After Brutal Attack. The Moscow Times
  14. ↑ (2023-07-07). Russia: UN experts dismayed at violent attack against journalist Yelena Milashina and lawyer Alexander Nemov in Grozny. Office of the United Nations High Commissioner for Human Rights
  15. ↑ (2002-02-11). Лауреаты премий Союза Журналистов России за 2001 год «Золотое перо России». Novaya Gazeta
  16. ↑ (2023-07-04). "Вас предупреждали. Уезжайте отсюда и ничего не пишите". Novaya Gazeta Europe
  17. ↑ (October 1, 2009). Elena Milashina, Russia. Human Rights Watch web site
  18. ↑ (6 March 2013). Dissident Tibetan Writer Wins The US Government 2013 International Women of Courage Award. VOA
  19. ↑ Elena Milashina - Russia. Fritt Ord (organization)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলেনা ভেলেৰিয়েভনা মিলাছিনা” প্ৰবন্ধৰ সংশোধন ৪৯৩৯৯১ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।