অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলেক্সা পেনাভেগা

এলেক্সা এলেচে পেনাভেগা (ইংৰাজী: Alexa Ellesse PenaVega; জন্মগত নাম: ভেগা; জন্ম: ২৭ আগষ্ট, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ প্ৰথম চাৰিখন স্পাই কিডছ চলচ্চিত্ৰত কাৰমেন কৰ্টেজ আৰু ২০০৪ চনৰ বোলছবি শ্লিপঅভাৰত জুলি কৰ্কীৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৮৫৪ শব্দ · ৫ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

এলেক্সা এলেচে পেনাভেগা১ (ইংৰাজী ভাষা: Alexa Ellesse PenaVega; জন্মগত নাম: ভেগা; জন্ম: ২৭ আগষ্ট, ১৯৮৮) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ প্ৰথম চাৰিখন স্পাই কিডছ চলচ্চিত্ৰত কাৰমেন কৰ্টেজ আৰু ২০০৪ চনৰ বোলছবি শ্লিপঅভাৰত জুলি কৰ্কীৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত। ২০০৯ চনত তেওঁ এবিচি ফেমিলিৰ ধাৰাবাহিক ৰুবি এণ্ড দ্য ৰকিটছত নাম ভূমিকা ৰুবি গেলাগাৰ হিচাপে অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ভেগাৰ পিতৃ বাৰুচ ভেগা এজন কলম্বিয়ান ফেশ্বন ফটোগ্ৰাফাৰ আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ (CIA) প্ৰাক্তন তথ্যদাতা আছিল।২ তেওঁৰ মাতৃ জিনা ৰু এগৰাকী প্ৰাক্তন মডেল।৩৪৫

অভিনেত্ৰী মাকেনজি ভেগাসহ ভেগাৰ মুঠ ছয়জন ভাই-ভনী আছে। চাৰি বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে কেলিফৰ্ণিয়ালৈ গুচি আহে।৬ কিশোৰী অৱস্থাত তেওঁ ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল।৭

এলেক্সা ভেগা (ইংৰাজী ভাষা: Alexa Vega; জন্ম: ২৭ আগষ্ট, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।

কৰ্মজীৱন

১৯৯৬ চনত আঠ বছৰ বয়সত ভেগাই টুইষ্টাৰ বোলছবিখনত কম বয়সীয়া জো হাৰ্ডিং হিচাপে অভিনয় কৰিছিল। তেওঁ ইআৰ, ফ’ল’ দ্য ষ্টাৰ্ছ হোম, ঘোষ্ট হুইচপাৰাৰ আৰু দ্য বাৰ্নি মেক শ্ব’ আদিকে ধৰি অসংখ্য টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। ২০০১ চনত স্পাই কিডছ ছবিত "কাৰমেন কৰ্টেজ" চৰিত্ৰৰ বাবে তেওঁ বিশ্বজুৰি পৰিচিত হৈ পৰে। প্ৰথমখন স্পাই কিডছ ছবি বিপুলভাৱে সফল হৈছিল আৰু ইয়াৰ দুখন ছিকুৱেল স্পাই কিডছ ২: দ্য আইলেণ্ড অৱ লষ্ট ড্ৰিমছ আৰু স্পাই কিডছ ৩-ডি: গেম অভাৰ নিৰ্মাণ কৰা হৈছিল। এই তিনিখন ছবিৰ চিত্ৰগ্ৰহণৰ সময়ত তেওঁ নিজৰ বেছিভাগ ষ্টাণ্ট নিজেই কৰিছিল। ২০১১ চনত ভেগাই ইয়াৰ পৰৱৰ্তী খণ্ড স্পাই কিডছ: অল দ্য টাইম ইন দ্য ৱৰ্ল্ডত এগৰাকী প্ৰাপ্তবয়স্ক কাৰমেন কৰ্টেজ হিচাপে অভিনয় কৰিছিল।

২০০৯ চনত ''ৰিপ’! ৰোড ট্যুৰ''ৰ সময়ত ভাষণ দি থকা অৱস্থাত ভেগা
২০০৯ চনত ৰিপ’! ৰোড ট্যুৰৰ সময়ত ভাষণ দি থকা অৱস্থাত ভেগাছবি: Alexa_Vega_during_Repo_Tour.jpg: Jeff Wickliffe from Passaic Park, USA derivativ · CC BY-SA 2.0

২০০৩ চনৰ জুলাই মাহৰ ভেনিটী ফেয়াৰ আলোচনীত তেওঁক সেই বছৰৰ অন্যতম জনপ্ৰিয় কিশোৰ চেলিব্ৰিটি হিচাপে নামকৰণ কৰা হৈছিল। ২০০৪ চনত ভেগাই দুখন ছবিৰ কাম সম্পূৰ্ণ কৰে: শ্লিপঅভাৰ আৰু ষ্টেটছ এভিডেন্স। পিছৰ বছৰত তেওঁ লাইফটাইম টেলিভিছন ছবি অড গাৰ্ল আউটত চাইবাৰ উৎপীড়নৰ বলি হোৱা এজনী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰে। ২০০৬ চনত তেওঁ আন এখন টেলিভিছন ছবি ৱাকআউটত অভিনয় কৰে; আৰু ২০০৭ চনৰ এপ্ৰিলত সীমিত পৰিসৰত মুক্তি পোৱা ৰিমেম্বাৰ দ্য ডেজ ছবিৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰে। তেওঁ ২০০৮ চনত মুক্তি পোৱা ৰিপ’! দ্য জেনেটিক অপেৰাৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰে।৮ এৰাম ৰাপাপোৰ্টৰ ৰচনা আৰু পৰিচালনাত ২০০৮ চনৰ মাৰ্চ মাহত চিকাগোত দৃশ্যগ্ৰহণ আৰম্ভ হোৱা হেলিক্স ছবিৰ মুখ্য চৰিত্ৰৰ বাবে ভেগাৰ নাম নিশ্চিত কৰা হয়। তেওঁক প্ৰথমতে ২০০৯ চনৰ ৰবাৰ্ট ৰড্ৰিগেজৰ ছবি শ্বৰ্টছৰ বাবে নিৰ্বাচন কৰা হৈছিল, অৱশ্যে ব্ৰকেন হিলৰ চিত্ৰগ্ৰহণৰ বাবে তেওঁ অষ্ট্ৰেলিয়াত থকাৰ বাবে তেওঁৰ পৰিৱৰ্তে কেট ডেনিংছক লোৱা হয়। তেওঁ ব্ৰডৱেৰ হেয়াৰস্প্ৰেত পেনি হিচাপে অভিনয় কৰিছিল।৯ ২০০৯ চনত তেওঁ এবিচি ফেমিলী টেলিভিছন চিটকম ৰুবী এণ্ড দ্য ৰকিটছত ৰুবী গালাগৰৰ চৰিত্ৰত অভিনয় কৰিছিল, য’ত পেট্ৰিক আৰু ডেভিদ কেছিডিয়েও অভিনয় কৰিছিল।

ভেগাই ২০১২ চনৰ চিনেমা দ্য ডেভিলছ কাৰ্নিভালত উইকৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবি পৰিচালক ডেন লিন বাউছমেন আৰু চিত্ৰনাট্যকাৰ টেৰেন্স জাডুনিচৰ আছিল। তেওঁলোকে পূৰ্বে ৰিপ’! দ্য জেনেটিক অপেৰাত ভেগাৰ সৈতে কাম কৰিছিল।১০ ভেগাই ছবিখনৰ চাউণ্ডট্ৰেকৰ বাবে দুটা গানো গাইছিল।১১

২০১২ চনত ভেগাই ৰব মাৰ্গোলিছৰ পৰিচালনাত নিৰ্মিত স্বতন্ত্ৰ থ্ৰিলাৰ ছবি ২বিআৰ/১বিএত স্পেন্সাৰ গ্ৰামাৰ আৰু কেথৰিন মৰিছৰ সৈতে অভিনয় কৰিছিল। ভেগাই লাইফটাইম চেনেলৰ চিনেমা দ্য প্ৰেগনেন্সি প্ৰজেক্টত অভিনয় কৰিছিল আৰু তেওঁৰ এনিমেটেড ছবি দ্য ক্লকৱৰ্ক গাৰ্লৰ কাম সম্পূৰ্ণ হৈছিল। ২০১০ চনত নিৰ্মিত ভেগাৰ ছবি দ্য মাইনএ সীমিত মুক্তি লাভ কৰিছিল। ভেগাই এনিমেটেড ধাৰাবাহিক আনছুপাৰভাইজডত ক্ৰিষ্টিনাৰ চৰিত্ৰত কণ্ঠদান কৰিছিল আৰু ৰয়েল পেইনছত অতিথি চৰিত্ৰত অভিনয় কৰিছিল। এৰোস্মিথৰ মিউজিক ভিডিঅ’ "লেজেণ্ডাৰী চাইল্ড"ত ভেগাই এগৰাকী যুৱতী নায়িকাৰ ভূমিকা পালন কৰিছিল।১২

২০১৩ আৰু ২০১৪ চনত ভেগাই ২৩ ব্লাষ্ট, মাচেট কিলছ, বাউণ্টি কিলাৰ, উইকেড ব্লাড, দ্য ৰিমেইনিং, আৰু দ্য হাণ্টাৰ্ছ ছবিত অভিনয় কৰে। তেওঁ বিগ টাইম ৰাছ ধাৰাবাহিকৰ শেষ খণ্ড "বিগ টাইম ড্ৰিমছ"ত নিজৰ চৰিত্ৰতে অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। ২০১৫ চনত ভেগাই ডু ইউ বিলিভ?ত লেচী হিচাপে অভিনয় কৰে।১৩

২০১৫ চনৰ শৰৎকালত ভেগাই ডান্সিং উইথ দ্য ষ্টাৰ্ছৰ ২১সংখ্যক ছিজনত অংশগ্ৰহণ কৰিছিল; ভেগাক পেছাদাৰী নৃত্যশিল্পী মাৰ্ক বালাছৰ সৈতে জুটি হিচাপে নিৰ্বাচন কৰা হৈছিল।১৪ ৯ নৱেম্বৰত নৱম সপ্তাহত ভেগা আৰু বালাছ প্ৰতিযোগিতাৰপৰা বাহিৰ হয় আৰু ষষ্ঠ স্থান লাভ কৰে। সেই ছিজনত তেওঁৰ স্বামী কাৰ্লোছ পেনাবেগায়ো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল; তেওঁ আৰু তেওঁৰ সংগী ১১সংখ্যক সপ্তাহত বাহিৰ হৈছিল।১৫

২০১৬ চনত তেওঁ হলমাৰ্কৰ ধাৰাবাহিক টেলিভিছন চিনেমা যেনে মিছ মেচড, ডেষ্টিনেচন ৱেডিং, আৰু ক্ৰীষ্টমাছ মেড টু অৰ্ডাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।১৬

২০১৯ চনত ভেগা আৰু তেওঁৰ স্বামী কাৰ্লোছ পেনাবেগাই হলমাৰ্ক মুভিজ এণ্ড মিষ্ট্ৰিজৰ টিভি চিনেমা পিকচাৰ পাৰফেক্ট মিষ্ট্ৰিজ: নিউলিৱেড এণ্ড ডেডত অভিনয় কৰিছিল আৰু ২০২০ চনত ইয়াৰ পৰৱৰ্তী খণ্ড পিকচাৰ পাৰফেক্ট মিষ্ট্ৰিজ: ডেড অভাৰ ডায়মণ্ডছত অভিনয় কৰিছিল।১৭

ব্যক্তিগত জীৱন

২০১০ চনৰ ১০ অক্টোবৰত দক্ষিণ ডাকোটাৰ লিডত থকা তেওঁৰ জন্মস্থানত আয়োজিত এক অনুষ্ঠানত আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক চন ক’ভেলৰ সৈতে ভেগা বিবাহপাশত আবদ্ধ হয়।১৮ ৰবাৰ্ট ৰড্ৰিগেজে তেওঁক বিয়াৰ মণ্ডপলৈ আগবঢ়াই লৈ গৈছিল।১৯ ২০১২ চনৰ জুলাই মাহত ভেগাই টুইটাৰযোগে ক’ভেলৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হোৱা বুলি ঘোষণা কৰে।২০২১

২০১২ চনৰ শেষৰফালে বাইবেল অধ্যয়নৰ সময়ত চিনাকি হোৱাৰ পিছত ভেগাই আমেৰিকান অভিনেতা তথা গায়ক কাৰ্লোছ পেনা জুনিয়ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। ২০১৩ চনৰ জুলাই মাহত সম্প্ৰচাৰিত হোৱা বিগ টাইম ৰাছৰ অন্তিমটো খণ্ডত তেওঁ অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। ২০১৩ চনৰ আগষ্ট মাহত এই দম্পতীয়ে আঙঠি পিন্ধায়,২২২৩ আৰু ২০১৪ চনৰ ৪ জানুৱাৰীত মেক্সিকোৰ পুৱেৰ্টো ভালাৰ্টাত বিবাহপাশত আবদ্ধ হয়। বিবাহৰ পিছত দুয়োৱে 'পেনাবেগা' উপাধি গ্ৰহণ কৰে।২৪ দম্পতীটোৰ লা ভিডা পেনাবেগা নামৰ এটা ইউটিউব চেনেল আছে।২৫ তেওঁলোকৰ চাৰিটা সন্তান আছে - ২০১৬ চনৰ ডিচেম্বৰ আৰু ২০১৯ চনৰ জুন মাহত জন্ম হোৱা দুটা পুত্ৰ সন্তান,২৬২৭২৮ ২০২১ চনৰ মে’ মাহত জন্ম হোৱা এজনী কন্যা সন্তান,২৯৩০ আৰু ২০২৪ চনৰ এপ্ৰিল মাহত মৃত অৱস্থাত জন্ম হোৱা আন এজনী কন্যা সন্তান।৩১ ২০২৫ চনলৈকে তেওঁলোকৰ পৰিয়ালটো টেনেচিৰ নেচভিলত বসবাস কৰিছে। ইয়াৰ পূৰ্বে তেওঁলোকে মাউইত বাস কৰিছিল।৩২৩৩

নিকি ৰিডে পল মেকডোনাল্ডৰ সৈতে কৰা বিবাহত ভেগা আছিল মুখ্য সন্মানীয় সখী।৩৪

তথ্যসূত্ৰ

  1. ↑ (January 5, 2014). Alexa Vega Weds Big Time Rush's Carlos Pena Jr.. The Hollywood Reporter
  2. ↑ De Cordoba, Jose, "Fashion Photographer Scored Millions As an Informant, but Was Justice Served?", The Wall Street Journal, December 7, 2000
  3. ↑ Tracy, Liz. (September 15, 2015). Latina Takeover: Actresses From Miami Are Playing Big Roles for Disney, Broadway, and Hollywood. Miami New Times
  4. ↑ Alexa Forever. RE: Questions for Miss Alexa Vega
  5. ↑ (September 7, 2009). Ex-spy has price on head, ache in heart. Miami Herald
  6. ↑ Alexa Vega Biography. BuddyTV
  7. ↑ Gilchrist, Todd. (July 9, 2004). Sleeping Over with Alexa Vega. IGN
  8. ↑ Paris Hilton gets movie musical role. Retrieved August 1, 2007
  9. ↑ "Spy Kids" Star Vega to Join Broadway's Hairspray - Playbill.com
  10. ↑ (March 6, 2012). Two Tickets To 'The Devil's Carnival' Please. FEARnet
  11. ↑ (April 3, 2012). The Devil's Carnival OST Out Today. Bloody Disgusting
  12. ↑ Aerosmith Rocks a Warehouse in 'Legendary Child' Video. Billboard
  13. ↑ Foundas, Scott. (March 20, 2015). Film Review: 'Do You Believe?'. Variety
  14. ↑ (September 2, 2015). Dancing with the Stars Season 21 Cast Announcement. ABC
  15. ↑ Aguilera, Leanne. (August 27, 2015). EXCLUSIVE! 'Dancing With the Stars': Married Couple Alexa and Carlos PenaVega to Compete on Season 21. ET Online|
  16. ↑ (December 23, 2018). Why Alexa PenaVega Loves Starring in Hallmark Christmas Movies
  17. ↑ Picture Perfect Mysteries - About. Hallmark Movies and Mysteries
  18. ↑ Rosario, Mariela. Alexa Vega's Wedding Album. Latina.com
  19. ↑ Scmitt, Gavin. ALEXA VEGA Interview Discussing Spy Kids 4, Repo! and more. GavinSchmitt.com
  20. ↑ (July 15, 2012). 'Spy Kids' Star Alexa Vega – I'm a 23-year-old Divorcee Now!. TMZ.com
  21. ↑ Shira, Dahvi. (July 16, 2012). Spy Kids Star Alexa Vega Files for Divorce. People
  22. ↑ Eggenberger, Nicole. (June 19, 2013). Alexa Vega Engaged to Carlos Pena, Jr., Congratulated by Ex-Husband Sean Covel. Us Weekly
  23. ↑ Spero, Jesse. Alexa Vega Dishes Engagement Details: How Did Carlos Pena Pop The Question?. Access Hollywood. NBC Universal
  24. ↑ (January 5, 2014). Alexa Vega Weds Big Time Rush's Carlos Pena Jr.. The Hollywood Reporter
  25. ↑ La Vida Penavega. ইউটিউব
  26. ↑ Juneau, Jen. (December 9, 2016). Carlos and Alexa PenaVega Welcome Son Ocean King — See His First Photo!. People
  27. ↑ Cardoza, Riley. (July 2, 2019). Alexa PenaVega Gives Birth to Baby Boy, Her Second Child With Husband Carlos PenaVega. Us Weekly
  28. ↑ PenaVega, Alexa. (July 2, 2019). ❤️✝️🌊🌴🌸🤙🏽
  29. ↑ Mauch, Ally. (December 26, 2020). Alexa and Carlos PenaVega Expecting Their Third Child: 'Can't Wait to Meet Baby This Summer'. People
  30. ↑ Ushe, Naledi. (May 10, 2021). Alexa and Carlos PenaVega Welcome Baby Daughter More Than a Month Early. People
  31. ↑ (April 15, 2024). Alexa and Carlos PenaVega Announce Stillbirth of Baby No. 4, Daughter Indy. People
  32. ↑ (April 13, 2024). Why Hallmark's Alexa and Carlos PenaVega Made the Abrupt Move to Tennessee
  33. ↑ (August 24, 2023). Alexa PenaVega Shares 'Incredible Blessing' After Returning to Maui Home
  34. ↑ Malkin, Marc; Malec, Brett. (October 5, 2011). Nikki Reed Wedding Scoop: The Dress, the Matron of Honor and More!. E! Online

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলেক্সা পেনাভেগা” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৯১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।