এলিছা ফ্ৰেইহা (: Elissa Freiha, আৰবী: إليسا فريحة; জন্ম ১৯৮৯ বা ১৯৯০ (বয়স ৩৫–৩৬) )১ এগৰাকী আমীৰাটী-লেবাননী-আমেৰিকান ব্যৱসায়ী, উদ্যোগী, বিনিয়োগকাৰী, কাৰ্যবাহী প্ৰযোজক আৰু নাৰীবাদী কৰ্মী। তেওঁ উইমেনাৰ নামৰ মহিলাকেন্দ্ৰিক মিডিয়া কোম্পানী এটাৰ প্ৰতিষ্ঠাপক। য’ত গল্প-কথন অথাৎ মহিলা উদ্যোগপতি সকলৰ জীৱনৰ কাহিনী যেনে,তেওঁলোকৰ সংগ্ৰাম, সফলতা আৰু শিক্ষা আদিৰ কথা জনসাধাৰণলৈ আগবঢ়াই দেশৰ আন মহিলাসকলক অনুপ্ৰেৰণা দিয়া হয়। লগতে ডিজিটেল সামগ্ৰী যেনে,ভিডিঅ, ডকুমেণ্টাৰী, ছ’চিয়েল মিডিয়া পোষ্ট, অনলাইন সাক্ষাৎকাৰ,পডকাষ্ট আদিৰ জৰিয়তে প্ৰকৃত পৰিৱৰ্তনক অনুপ্ৰাণিত কৰাৰ লক্ষ্য লৈ কাম কৰে। উইমেনাই ২০১৪ চনত এঞ্জেল-ইনভেষ্টমেণ্ট নেটৱৰ্ক হিচাপে আৰম্ভ কৰিছিল যাৰ লক্ষ্য আছিল মহিলাসকলক প্ৰাৰম্ভিক পৰ্যায়ৰ ভেঞ্চাৰ কেপিটেল বিনিয়োগৰ বিষয়ে জ্ঞান দি অৰ্থনৈতিকভাৱে সবলীকৰণ কৰা আৰু মহিলা এঞ্জেল বিনিয়োগকাৰীয়ে নতুন মেনা ভিত্তিক ষ্টাৰ্টআপত বিনিয়োগ কৰাৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলা। কিন্তু ২০১৮ চনত ফ্ৰেইহাই ব্যৱসায়টোক অঞ্চলটোৰ মহিলাসকলৰ বাবে বহল প্ৰভাৱ সৃষ্টিৰ দিশত আগুৱাই লৈ যায় আৰু ৱমেনাক আজিৰ গল্প-কথন মঞ্চ হিচাপে পুনৰ কল্পনা কৰে। ২০১৮ চনত ফ্ৰেইহা আৰু ৱমেনাই মধ্যপ্ৰাচ্যৰ মহিলা নেতৃত্বাধীন ষ্টাৰ্ট-আপৰ বাবে টেক এক্সিলেটৰ আৰু তথ্যচিত্ৰ ধাৰাবাহিক উইমেনটামও মুকলি কৰে।
মধ্যপ্ৰাচ্য অঞ্চলৰ ষ্টাৰ্টআপ ইক’চিষ্টেমত কৰা কামৰ বাবে ফ্ৰেইহাই "বছৰৰ উদ্যোগী" আৰু "বছৰৰ বিনিয়োগকাৰী"কে ধৰি বহুতো বঁটা লাভ কৰিছে। বিভিন্ন প্ৰকাশনে তেওঁক "মধ্যপ্ৰাচ্যৰ আটাইতকৈ শক্তিশালী ব্যৱসায়িক মহিলা" আৰু "৪০ বছৰৰ তলৰ প্ৰভাৱশালী আৰব" হিচাপেও সঘনাই তালিকাভুক্ত কৰে।
২০২১ চনৰ জুলাই মাহত ফ্ৰেইহাক ডুবাই চেম্বাৰ অৱ ডিজিটেল ইকনমিৰ ব’ৰ্ড মেম্বাৰ হিচাপে নিযুক্তি দিয়া হয়।
জীৱনী
ফ্ৰেইহা হৈছে মিডিয়া প্ৰকাশক দাৰ আছায়াদ প্ৰতিষ্ঠা কৰা উদ্যোগী ছাইদ ফ্ৰেইহাৰ নাতিনী। ফ্ৰেইহা ডাঙৰ-দীঘল হৈছিল পেৰিছত, য’ত তেওঁৰ পিতৃ বাছাম ফ্ৰেইহা ইউনেস্ক’ত কৰ্মৰত আছিল। ফ্ৰেইহা আমেৰিকান ইউনিভাৰ্চিটি অৱ পেৰিছৰ পৰা গ্ল’বেল কমিউনিকেচনত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত পেৰিছৰ এখন বেকাৰীত কাম কৰিবলৈ লয়। স্নাতক হোৱাৰ পিছত আবুধাবিৰ জনসংযোগ প্ৰতিষ্ঠান ফ্লেছ এণ্টাৰটেইনমেণ্টত কাম কৰে। ২০০৮ চনত আমেৰিকান ইউনিভাৰ্চিটি অৱ পেৰিছত অধ্যয়ন কৰি থকাৰ সময়তে ফ্ৰেইহাই তেওঁৰ প্ৰাক্তন ৱুমেনাৰ সহ-প্ৰতিষ্ঠাপক চান্টাল ডুমন্স’ক লগ পাইছিল আৰু পিছলৈ দুয়োজনে একেলগে ব্যৱসায় আৰম্ভ কৰিছিল। ২০১৭ চনলৈকে উইমেনাৰ সৈতে জড়িত প্ৰায় ৪০ জন এঞ্জেল বিনিয়োগকাৰীয়ে সংযুক্ত আৰব আমিৰশ্বাহীৰ সাতটা ষ্টাৰ্ট-আপত ২০ লাখ ডিৰামতকৈ অধিক বিনিয়োগ কৰিছে,২ জুৰিখ আৰু নিউয়ৰ্ক চহৰৰ বিনিয়োগকাৰীকে ধৰি।৩
২০১৫ চনত ফ্ৰেইহাক বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হয়।১ ইয়াৰ উপৰিও ফৰ্বছে তেওঁক "ইউ এ ইৰ প্ৰেৰণাদায়ক ব্যৱসায়িক নেতা"ৰ ভিতৰত অন্যতম বুলি অভিহিত কৰে।৪ ২০১৯ চনত এলিছাই ৱান ইয়ং ৱৰ্ল্ডৰ উদ্বোধনী বছৰৰ উদ্যোগী বঁটা লাভ কৰে।৫
তথ্যসূত্ৰ
- ↑ (17 November 2015). BBC 100 Women 2015: Who is on the list?. BBC News
- ↑ Hill, Jessica. (21 June 2017). My UAE: Elissa Freiha on investing in women. The National
- ↑ Pupic, Tamara. (3 February 2015). Introducing the women aiming to change the face of investment in the Middle East. Arabian Business
- ↑ (16 November 2015). Elissa Freiha, 25, UAE. BBC News
- ↑ One Young World Announces 2019 Winners of Entrepreneur of the Year Award · One Young World. www.oneyoungworld.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিছা ফ্ৰেইহা” প্ৰবন্ধৰ সংশোধন ৫৮৩৯৩৬ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।