এভাৰিষ্ট গেল'ৱা (২৫ অক্টোবৰ ১৮১১-৩১ মে' ১৮৩২) এগৰাকী ফ্ৰান্সৰ গণিতজ্ঞ আছিল আৰু তেওঁৰ জন্ম হৈছিল ব'ৰ্গ-লা-ৰেইনত। কৈশোৰ অৱস্থাতেই তেওঁ বহুপদ ৰাশিৰ সমীকৰণ এটা N-তম মূলকৰ দ্বাৰা সমাধানৰ আৱশ্যকীয় আৰু পৰ্যাপ্ত চৰ্ত নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ জৰিয়তে গণিতৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰো ওৰ পেলাইছিল। তেওঁৰ অৱদানে গেল'ৱা তত্ত্ব (Galois theory) আৰু সংঘ তত্ত্ব (Group theory) ৰ ভেঁটি গঠন কৰিছিল- যি দুটা হৈছে abstract algebra-ৰ দুটা মুখ্য শাখা আৰু Galois connection ৰ উপক্ষেত্ৰ। “বিন্যাস” (Permutation) ৰ group-ক বুজাবলৈ গণিতশাস্ত্ৰত কাৰিকৰী পদ ৰূপে "group" শব্দৰ ব্যৱহাৰ তেওঁৱেই পোন-প্ৰথমে কৰিছিল। ফ্ৰান্সৰ ৰজা লুইছ ফিলিপৰ ৰাজত্ব কালৰ এজন radical Republican গেল'ৱাৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছিল দ্বন্দ্ব যুদ্ধ এখনত হোৱা আঘাতৰ ফলত- মাত্ৰ ২০ বছৰ বয়সত।১
তথ্যসূত্ৰ
- ↑ Stewart, J., et al. Algebra and Trigonometry. p. 334
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এভাৰিষ্ট গেল'ৱা” প্ৰবন্ধৰ সংশোধন ২৩৪৪০৯ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।