অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এনেট অ'টুল

এনেট অ'টুল (ইংৰাজী: Annette O'Toole; জন্ম: এনেট টুল; ১ এপ্ৰিল, ১৯৫২) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু গীতিকাৰ। তেওঁ টেলিভিছন ধাৰাবাহিক নাছ ব্ৰিজেছত লিছা ব্ৰিজেছ, ষ্টিফেন কিংৰ মহাকাব্যিক ভৌতিক উপন্যাস ইটৰ ১৯৯০ চনৰ টেলিভিছন মিনি-চিৰিজ ৰূপান্তৰত প্ৰাপ্তবয়স্ক বেভাৰলী মাৰ্ছ, ছুপাৰমেন ৩ত লানা লেং,…

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এনেট অ'টুল (ইংৰাজী ভাষা: Annette O'Toole; জন্ম: এনেট টুল; ১ এপ্ৰিল, ১৯৫২)১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী, গায়িকা আৰু গীতিকাৰ।

তেওঁ টেলিভিছন ধাৰাবাহিক নাছ ব্ৰিজেছত লিছা ব্ৰিজেছ, ষ্টিফেন কিংৰ মহাকাব্যিক ভৌতিক উপন্যাস ইটৰ ১৯৯০ চনৰ টেলিভিছন মিনি-চিৰিজ ৰূপান্তৰত প্ৰাপ্তবয়স্ক বেভাৰলী মাৰ্ছ, ছুপাৰমেন ৩ত লানা লেং, ৰোমাণ্টিক-কমেডী চলচ্চিত্ৰ ক্ৰছ মাই হাৰ্টত কেথী আৰু টেলিভিছন ধাৰাবাহিক স্মলভিলত মাৰ্থা কেণ্টৰ (ক্লাৰ্ক কেণ্টৰ দত্তক মাতৃ) চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন

অ'টুলৰ জন্ম হৈছিল হিউষ্টনত। তেওঁ ডৰোথী জেৰাল্ডিন আৰু উইলিয়াম ৱেষ্ট টুল জুনিয়ৰৰ কন্যা। তেওঁৰ মাতৃয়ে নৃত্য শিক্ষা দিছিল, যিটো অ'টুলে নিজে তিনি বছৰ বয়সৰপৰাই শিকিবলৈ আৰম্ভ কৰিছিল।২ ১৩ বছৰ বয়সত তেওঁৰ পৰিয়াল লছ এঞ্জেলচলৈ স্থানান্তৰিত হোৱাৰ পিছত তেওঁ অভিনয়ৰ পাঠ ল'বলৈ আৰম্ভ কৰে।

ব্যক্তিগত জীৱন

গায়ক-গীতিকাৰ দম্পতী এনেট অ'টুল আৰু মাইকেল মেকিনে ২০১৬ চনত ''এমপ্লয়ী অৱ দ্য মান্থ''ত তেওঁলোকৰ গীত "কিছ এট দ্য এণ্ড অৱ দ্য ৰেইনবো" পৰিৱেশন কৰিছে
গায়ক-গীতিকাৰ দম্পতী এনেট অ'টুল আৰু মাইকেল মেকিনে ২০১৬ চনত এমপ্লয়ী অৱ দ্য মান্থত তেওঁলোকৰ গীত "কিছ এট দ্য এণ্ড অৱ দ্য ৰেইনবো" পৰিৱেশন কৰিছেছবি: Catie Lazarus, the Employee of the Month show · CC BY 3.0

১৯৭০-ৰ দশকত অভিনেতা ব্ৰুনো কিৰ্বি আৰু অ'টুল এক সম্পৰ্কত আছিল।৩৪

অ'টুলে ১৯৮৩ চনৰ ৮ এপ্ৰিলত অভিনেতা বিল গাইছলিংগাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল; ১৯৯৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।২ এই দম্পতীৰ দুগৰাকী কন্যা সন্তান আছে।৫৬

অ'টুলে ১৯৯৮ চনৰ টেলিভিছন চিনেমা ফাইনেল জাষ্টিছত একেলগে কাম কৰি থকাৰ সময়ত সহযোগী অভিনেতা মাইকেল মেকিনক লগ পাইছিল। মেকিনে পঢ়ি থকা ডেড বাই ছানছেট নামৰ কিতাপখনক লৈ দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পাইছিল, যাৰ মিনিচিৰিজ ৰূপান্তৰত অ'টুলে অভিনয় কৰিছিল। ১৯৯৯ চনৰ ২০ মাৰ্চত তেওঁলোক বিবাহপাশত আবদ্ধ হয় আৰু অ'টুল মেকিনৰ পূৰ্বৰ বিবাহৰ দুই পুত্ৰৰ মাহী মাক হয়।৭ তেওঁ আৰু মেকিনৰ এক যুটীয়া সংগীত জীৱনো আছে।

তথ্যসূত্ৰ

  1. ↑ Annette O'Toole. Rotten Tomatoes. Fandango Media
  2. ↑ 1983 Annette O'Toole Interview from Starlog 72 via supermancinema.co.uk
  3. ↑ (2023-11-22). 'Virgin River' Star Anette O'Toole Reveals What It's Really Like Working With Tim Matheson. Yahoo Entertainment
  4. ↑ (News Clip: Annette O'toole). The Portal to Texas History
  5. ↑ (30 October 2012). ANPF Theater Talk Part One Nell Geisslinger. YouTube
  6. ↑ Holden, Stephen. (May 26, 2005). Kisses at the Rainbow's End. The New York Times
  7. ↑ Liebenson, Donald. (2022-08-05). Michael McKean and Annette O'Toole Have Spent the Past 23 Years Reading to Each Other. Vanity Fair

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীগীতিকাৰগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনেট অ'টুল” প্ৰবন্ধৰ সংশোধন ৫৯৬৩৯৪ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।