অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

এড'বী এক্সডি

এড'বী এক্সডি (এড'বী এক্সপিৰিয়েঞ্চ ডিজাইন বুলিও জনা যায়) হৈছে এড'বী ইন্‌ক'ৰ্পৰেশ্যনদ্বাৰা বিকশিত আৰু প্ৰকাশিত ৱেব এপ্ আৰু ম'বাইল এপৰ বাবে এক ভেক্টৰ-ভিত্তিক ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণ সঁজুলি।

হালনাগাদ: ১৯ জুলাই ২০২১ ৩৯৩ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

এড'বী এক্সডি (এড'বী এক্সপিৰিয়েঞ্চ ডিজাইন বুলিও জনা যায়১) হৈছে এড'বী ইন্‌ক'ৰ্পৰেশ্যনদ্বাৰা বিকশিত আৰু প্ৰকাশিত ৱেব এপ্ আৰু ম'বাইল এপৰ বাবে এক ভেক্টৰ-ভিত্তিক ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণ সঁজুলি। মেকঅ'এছ আৰু ৱিণ্ড'জত উপলব্ধ হোৱাৰ লগতে ম'বাইল ডিভাইচত পোনপটীয়াকৈ কামৰ ফলাফল পূৰ্বদৰ্শন কৰাত সহায়ক হ'বলৈ ইয়াৰ আইঅ'এছ আৰু এণ্ড্ৰইড সংস্কৰণো উপলব্ধ। এড'বী এক্সডি-ত ৱেবছাইট ৱায়াৰফ্ৰেমিং আৰু ক্লিক-থ্ৰু প্ৰ'ট'টাইপ তৈয়াৰ কৰিব পাৰি।২

ইতিহাস

এড'বীয়ে ২০১৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত এড'বী মেক্স সন্মিলনত "প্ৰজেক্ট কমেট" নামৰ এটা নতুন আন্তঃপৃষ্ঠ ৰূপাংকণ আৰু প্ৰ'ট'টাইপিং সঁজুলি বিকশ কৰি থকাৰ কথা ঘোষণা কৰে। ২০১০ চনত মুক্তি লাভ কৰা ইউএক্স আৰু ইউআই ৰূপাংকণ-কেন্দ্ৰিত ভেক্টৰ সম্পাদক স্কেট্‌চৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখিয়েই এই ঘোষণা কৰা হয়।৩

প্ৰথম ৰাজহুৱা বিটা সংস্কৰণ ২০১৬ চনৰ ১৪ মাৰ্চত এড'বী একাউণ্ট থকা প্ৰতিগৰাকী ব্যক্তিৰ বাবে "এড'বী এক্সপিৰিয়েঞ্চ ডিজাইন চিচি"ৰূপে মেকঅ'এছ-ৰ বাবে মুকলি কৰা হয়।৪ ১৩ ডিচেম্বৰ, ২০১৬ তাৰিখে ৱিণ্ড'জ ১০ৰ বাবে এড'বী এক্সডি-ৰ এটা বিটা সংস্কৰণ মুকলি কৰা হয়।৫ এড'বীয়ে ২০১৭ চনৰ ১৮ অক্টোবৰত এড'বী এক্সডি বিটাৰ পৰা ওলোৱাৰ কথা ঘোষণা কৰে।৬

সুবিধাসমূহ

এড'বী এক্সডি-ত ম'বাইল আৰু ৱেব এপৰ বাবে ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ তৈয়াৰ কৰা হয়। এক্সডি-ৰ বহুতো সুবিধা পূৰ্বতে ইলাষ্ট্ৰেটৰ বা ফ'ট'শ্বপৰ দৰে এড'বীৰ আনবোৰ এপ্লিকেশ্যনত ব্যৱহাৰ কৰাটো জটিল আছিল বা একেবাৰেই নাছিল।৭

ৰিপীট গ্ৰিড

তালিকা আৰু ফটো গেলেৰীৰ দৰে পুনৰাবৃত্তিমূলক সামগ্ৰীৰ গ্ৰিড সৃষ্টি কৰাত সহায় কৰে।

প্ৰ'ট'টাইপ আৰু এনিমেশ্যন

আৰ্টব'ৰ্ড সংযোগৰ জৰিয়তে এনিমেটেড প্ৰ'ট'টাইপ সৃষ্টি কৰে। এই প্ৰ'ট'টাইপসমূহ সমৰ্থিত ম'বাইল ডিভাইচত পূৰ্বদৰ্শন কৰিব পাৰি।

আন্তঃকাৰ্যকৰীতা

এক্সডি-ৰ জৰিয়তে ইলাষ্ট্ৰেটৰ, ফ'ট'শ্বপ, ফ'ট'শ্বপ স্কেট্‌চ আৰু আফ্টাৰ ইফেক্ট্‌ছৰ ফাইলসমূহ খুলিব পাৰি। এড'বী ক্ৰিয়েটীভ ক্লাউডৰ উপৰিও, এক্সডি-ত সহযোগিতা কৰিবলৈ আন সা-সঁজুলি আৰু সেৱা যেনে— শ্লেক আৰু মাইক্ৰ'ছফ্ট টীম্‌ছৰ সৈতেও সংযোগ কৰিব পাৰি। এক্সডি-এ মেকঅ'এছ-ৰ পৰা ৱিণ্ড'জলৈ স্বয়ং-সমন্বয় আৰু স্থানান্তৰ কৰিবও পাৰে। সম্পূৰ্ণ প্ৰকাশ নিশ্চিত কৰিবলৈ প্ৰ'ট'টাইপসমূহ নিৰাপত্তাৰ বাবে পাছৱৰ্ড সুৰক্ষাসহ প্ৰেৰণ কৰিব পাৰি।৮

সমল-সচেতন লে'আউট

সমল-সচেতন লে'আউটে বস্তু যোগ, আঁতৰ বা আকাৰ সলনি কৰাৰ লগে লগেই বস্তুবিলাক সংৰেখিত কৰিব পাৰে আৰু সমান ব্যৱধান যোগ কৰিব পাৰে।

ভইচ ডিজাইন

এপসমূহ ভইচ কমাণ্ড ব্যৱহাৰ কৰি ডিজাইন কৰিব পাৰি। তদুপৰি ব্যৱহাৰকাৰীসকলে স্মাৰ্ট সহায়কসমূহৰ বাবে যি সৃষ্টি কৰে সেয়াও পূৰ্বদৰ্শন কৰিব পাৰি।

উপাদান

ব্যৱহাৰকাৰীসকলে পুনৰ্ব্যৱহাৰ কৰিবৰ বাবে ল'গ', বুটাম আৰু অন্যান্য সম্পদ সৃষ্টি কৰিবলৈ উপাদান (পূৰ্বতে "চিহ্ন"ৰূপে জনা গৈছিল) সৃষ্টি কৰিব পাৰে। সেইবোৰ ক'ত ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত ভিত্তি কৰি সেইবোৰৰ ৰং-ৰূপ সলনি হ'ব পাৰে।

প্ৰতিক্ৰিয়াশীল আকাৰ পৰিৱৰ্তন

প্ৰতিক্ৰিয়াশীল আকাৰ পৰিৱৰ্তনে স্বয়ংক্ৰিয়ভাৱে আৰ্টব'ৰ্ডত ছবি আৰু অন্যান্য বস্তু মিলায় আৰু আকাৰ দিয়ে। ই ব্যৱহাৰকাৰীক বিভিন্ন আকাৰৰ প্লেটফৰ্ম যেনে— ম'বাইল ফোন আৰু পিচি-ৰ বিভিন্ন স্ক্ৰীণৰ বাবে তেওঁলোকৰ সমল স্বয়ংক্ৰিয়ভাৱে খাপ খোৱাবলৈ দিয়ে।

প্লাগিন

এক্সডি-ৰ অনুকূল প্লাগিনেৰে অতিৰিক্ত সা-সুবিধা যোগ কৰিব পাৰি। ৰূপাংকণ, কাৰ্যক্ষমতা, স্বয়ংক্ৰিয়কৰণ, এনিমেশ্যনৰ পৰা আদি কৰি সকলো ধৰণৰ প্লাগিন পোৱা যায়।

বিকল্পসমূহ

তথ্যসূত্ৰ

  1. ↑ Adobe Experience Design CC (Beta). www.adobe.com
  2. ↑ Lardinois, Frederic. (March 14, 2016). Adobe launches Experience Design CC, a new tool for UX designers. TechCrunch
  3. ↑ Rhodes, Margaret. (October 18, 2015). Adobe's Project Comet Is a Start-to-Finish UX Design App. Wired
  4. ↑ Lardinois, Frederic. (March 14, 2016). Adobe launches Experience Design CC, a new tool for UX designers. TechCrunch
  5. ↑ Hassan, Mehedi. (December 13, 2016). Adobe XD now available to Windows 10 users in beta. MSPoweruser
  6. ↑ Lardinois, Frederic. (October 18, 2017). Adobe's XD prototyping and wireframing tool is now out of beta. TechCrunch
  7. ↑ Adobe XD. The New Hope.. Futurice
  8. ↑ Create and share designs, layouts, and prototypes quickly · Adobe XD CC. www.adobe.com

সম্পৰ্কিত শ্ৰেণী

ছফ্টৱেৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এড'বী এক্সডি” প্ৰবন্ধৰ সংশোধন ২৮৭১০৪ (১৯ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।