অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

এডেলা মহছেনী

এডেলা মহছেনী (Adela Mohseni) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

এডেলা মহছেনী (Adela Mohseni) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।১

পৃষ্ঠভূমি

আফগানিস্তানৰ ৱাৰ্ডক প্ৰদেশত জন্মগ্ৰহণ কৰা মহছেনীয়ে ১৯৭৮ চনত ছয় বছৰ বয়সত পৰিয়ালৰ সৈতে ইৰাণলৈ প্ৰব্ৰজন কৰে। মহছেনীয়ে তাব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ন্যায়িক আইনত বি এ ডিগ্ৰী লাভ কৰে। ২০০১ চনত আমেৰিকাৰ আগ্ৰাসনৰ পিছত আফগানিস্তানলৈ উভতি অহা মহছেনীয়ে ২০০৫ চনত হাইনৰিখ ব’ল ফাউণ্ডেশ্যনৰ বাবে মহিলাৰ অধিকাৰৰ দিশত কাম আৰম্ভ কৰে। ২০০৭ চনত মহছেনীয়ে কানাডাৰ বেচৰকাৰী সংস্থা ৰাইটছ এণ্ড ডেম’ক্ৰেচিৰ কাবুল কাৰ্যালয়ত প্ৰগ্ৰেম অফিচাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। কাবুল কাৰ্যালয়ৰ দায়িত্বত থকা সঞ্চালক হামিদ ছাবুৰীয়ে মহছেনীক "আফগান নাগৰিক সমাজৰ এজন অতি সক্ৰিয় সদস্য, আফগান মহিলাসকলক তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাত সহায় কৰা" বুলি অভিহিত কৰিছে।১২৩

শৰণাৰ্থীৰ মৰ্যাদা

২০১২ চনৰ ফেব্ৰুৱাৰী মাহত মহছেনীয়ে মৃত্যুৰ ভাবুকি লাভ কৰি মালিকৰ সহায়ত কানাডালৈ প্ৰব্ৰজন কৰাৰ আশাত পৰিয়ালসহ ভাৰতলৈ পলায়ন কৰে। ভাৰতত থকাৰ সময়ত মহছেনীক ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই শৰণাৰ্থীৰ মৰ্যাদা প্ৰদান কৰিছিল যদিও পুনৰ সংস্থাপনৰ বাবে তেওঁৰ ওপৰত কোনো প্ৰক্ৰিয়া চলোৱা হোৱা নাছিল। ২০১২ চনৰ এপ্ৰিল মাহত কানাডা চৰকাৰে ৰাইটছ এণ্ড ডেম'ক্ৰেচি বন্ধ কৰি দিছিল, সেয়েহে মহচেনী আৰু তেওঁৰ পৰিয়াল ভাৰতত আবদ্ধ হৈ পৰিছিল আৰু ২০১৩ চনৰ ডিচেম্বৰ মাহত কাবুললৈ উভতি অহালৈকে তাতেই আছিল।১২৩

তথ্যসূত্ৰ

  1. ↑ (16 May 2014). Adela Mohseni: 'Any people who are not aware of their rights will not live in peace'. FIDH
  2. ↑ Hamilton, Graeme. (7 June 2013). How Ottawa abandoned an Afghan activist who received death threats for working with Canadian 'infidels'. National Post
  3. ↑ Hamilton, Graeme. (30 July 2015). Abandoned by Canada, Afghan women's rights activist wins refugee status in Great Britain. National Post

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডেলা মহছেনী” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৭৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।