অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ইৰাণৰ সাহিত্য

ইৰাণৰ সাহিত্য (:Literature in Iran) ইৰাণৰ সাহিত্যই ইৰাণত ব্যৱহৃত বিভিন্ন ভাষাৰ বিভিন্ন সাহিত্য পৰম্পৰাক সামৰি লৈছে। ইৰাণৰ আধুনিক সাহিত্যসমূহৰ ভিতৰত পাৰ্চী সাহিত্য (পাৰ্চী ভাষাত,যিটো দেশখনৰ প্ৰাথমিক ভাষা), আজাৰবাইজানী সাহিত্য (আজাৰবাইজানী ভাষাত, যিটো দেশখনৰ দ্বিতীয়টো বৃহৎ পৰিমাণে ব্যৱহৃত কথিত…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮৫৮ শব্দ · ৫ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ইৰাণৰ সাহিত্য (:Literature in Iran) ইৰাণৰ সাহিত্যই ইৰাণত ব্যৱহৃত বিভিন্ন ভাষাৰ বিভিন্ন সাহিত্য পৰম্পৰাক সামৰি লৈছে। ইৰাণৰ আধুনিক সাহিত্যসমূহৰ ভিতৰত পাৰ্চী সাহিত্য (পাৰ্চী ভাষাত,যিটো দেশখনৰ প্ৰাথমিক ভাষা), আজাৰবাইজানী সাহিত্য (আজাৰবাইজানী ভাষাত, যিটো দেশখনৰ দ্বিতীয়টো বৃহৎ পৰিমাণে ব্যৱহৃত কথিত ভাষা), আৰু কুৰ্দি সাহিত্য (কুৰ্দি ভাষাত, যিটো দেশখনৰ তৃতীয়টো বৃহৎ পৰিমাণে ব্যৱহৃত কথিত ভাষা) আদি।

ইতিহাস

ইৰাণৰ আটাইতকৈ পুৰণি সংৰক্ষিত সাহিত্যিক পৰম্পৰাবোৰ হৈছে অৱেস্তান ভাষাৰ—যিটো নেকি ইৰাণীয় ভাষাসমূহৰ ভিতৰত এটা পৱিত্ৰ ভাষা আৰু জৰথুষ্ট্ৰী ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ অৱেস্তা লিখিবলৈ ব্যৱহাৰ কৰা অৱেস্তাৰ ভাষা। এই সাহিত্যৰ আটাইতকৈ পুৰণি নিদৰ্শন খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰপৰা পোৱা যায় আৰু আজিও দেশখনৰ জৰথুষ্ট্ৰী সমাজে ধৰ্মীয় আচাৰ-অনুষ্ঠানত ইয়াক সংৰক্ষণ কৰি আহিছে।১ ইয়াৰ লগতে পাৰ্চী ভাষাৰো এক গুৰুত্বপূৰ্ণ সাহিত্যিক পৰম্পৰা আছে। পাৰ্চী ভাষা দক্ষিণ-পশ্চিম ইৰাণৰ পাৰ্চিছ (পাৰচিয়া নামেৰে বেছি পৰিচিত) অঞ্চলৰ পুৰণি ইৰাণীয় উপভাষাৰপৰা উৎপত্তি হৈছে। ইয়াৰ সাহিত্যৰ নিদৰ্শন খ্ৰীষ্টীয় ৩য় শতিকাৰপৰা ১০ম শতিকাৰ ভিতৰত পোৱা যায়, যদিও ইয়াৰ আটাইতকৈ পুৰণি ৰূপ খ্ৰীষ্টপূৰ্ব ৬ষ্ঠৰপৰা ৪ৰ্থ শতিকাৰ ভিতৰত পুৰণি শিলালিপিত খোদাই কৰা অৱস্থাত পোৱা যায়।

পাৰ্চী হৈছে ইৰাণৰ চৰকাৰী ভাষা আৰু দেশখনৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠী (অৰ্থাৎ পাৰ্চীসকল)ৰ ভাষা। পাৰ্চী সাহিত্য দেশখনৰ আটাইতকৈ প্ৰভাৱশালী সাহিত্যিক পৰম্পৰা হিচাপে পৰিচিত।২ ইৰাণৰ বাহিৰতো, এছিয়া মাইনৰ, মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ বহু মধ্যযুগীয় পাৰ্চী সংস্কৃতিত এই সাহিত্যৰ ব্যৱহাৰ আৰু অধিক বিকাশ লাভ হৈছিল। আজিও এই ভাষা মধ্য এছিয়াৰ (তাজিকিস্তান আৰু উজবেকিস্তান) আৰু আফগানিস্তানত বহুলভাৱে ব্যৱহৃত হৈ আছে।

ইৰাণত মুছলমান বিজয়ৰ পিছত আৰবী সাহিত্যৰ বিকাশ আৰম্ভ হয়। ইৰাণৰ ভাষাসমূহত বহু শব্দ চেমিটিক আৰবী ভাষাৰপৰা ধাৰ কৰা হৈছে আৰু ইয়াৰ লিপিয়ে ইৰাণৰ পূৰ্বৰ লিখন ব্যৱস্থাৰ ঠাই লোৱা এই চেমিটিক আৰবী ভাষাটো মধ্যযুগত ইৰাণী লেখকসকলে বহুলাংশে ব্যৱহাৰ কৰিছিল, কিয়নো ই সমগ্ৰ মুছলমান আধিপত্যৰ সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় ভাষা হিচাপে ব্যৱহৃত হৈছিল। মধ্যযুগীয় ইৰাণীয় লেখকসকলে বিভিন্ন ক্ষেত্ৰৰ গৱেষণামূলক সাহিত্যৰ বাবে বিশেষকৈ আৰবী ভাষা ব্যৱহাৰ কৰিছিল। ইয়াৰ বিকাশ প্ৰথমে খোৰাসান অঞ্চলত হৈছিল। তেওঁলোকে আৰবী ভাষাত ইৰাণীয় আৰু বিশ্ব ইতিহাস দুয়োটাৰ ওপৰত কিছুমান অত্যন্ত উল্লেখযোগ্য ইতিহাস গ্ৰন্থ ৰচনা কৰিছিল, বিশেষকৈ বিখ্যাত পণ্ডিত তাবাৰীৰ ৰচনা সমূহ।৩

তুৰ্কিক আজাৰবাইজানী ভাষা ওঘুজ তুৰ্কিক ভাষাৰ এটা শাখা। এই ভাষাটো প্ৰায় খ্ৰীষ্টীয় পঞ্চমৰপৰা দ্বাদশ শতিকাৰ ভিতৰত আজাৰবাইজান আৰু তাৰ আশে-পাশে থকা অঞ্চলসমূহত ধীৰে ধীৰে গঢ় লৈ উঠিছিল। আজি এই ভাষা ইৰাণৰ দ্বিতীয় ডাঙৰ জনগোষ্ঠী আজাৰবাইজানীসকলৰ মাতৃভাষা। এই ভাষাৰ সাহিত্য ত্ৰয়োদশ শতিকাত মংগোলীয় আক্ৰমণৰ সময়ৰপৰা আৰম্ভ হয়। এই সাহিত্যত তুৰ্কিক আৰু ইৰাণীয় দুয়োটা সংস্কৃতিৰ প্ৰভাৱ স্পষ্টকৈ দেখা যায়। ছাফাৱী সাম্ৰাজ্যৰ সময়ত ইৰাণ পুনৰ একত্ৰিত হোৱাৰ পিছত আজাৰবাইজানী সাহিত্যৰ বহুত উন্নতি হৈছিল। সেই সময়ৰ শাসকসকলে নিজেও কবিতা লিখিছিল। পাছত কাজাৰ বংশৰ ৰাজত্বকালতো এই সাহিত্য আৰু আগবাঢ়ি যায়। চাগাটাই নামৰ এটা প্ৰভাৱশালী তুৰ্কী ভাষাও সেই সময়ত ব্যৱহাৰ কৰা হৈছিল। ই কেৱল মধ্য এছিয়াতেই নহয়, সিৰাজ, ইছফাহান আৰু কাজভিনৰ লেখকসকলেও এই ভাষাত লিখিছিল। এই ভাষাত ইৰাণীয় ভাষা যেনে পাৰ্চী আৰু ছগডিয়ানৰ প্ৰভাৱ আছিল। ৪ আজাৰবাইজানৰ বহু কবিয়ে আজাৰবাইজানী আৰু পাৰ্চী—দুয়োটা ভাষাত লিখিছিল।৫কিন্তু পাছত পহলৱী শাসক ৰেজা শাহৰ সময়ত পাৰ্চীৰ বাহিৰে আন থলুৱা ভাষাত ছপা কৰাটো কিছুসময়ৰ বাবে বন্ধ কৰা হৈছিল। তাৰ আগতে, তুৰ্কী ভাষা অহাৰ আগতেই আজাৰবাইজানত “পুৰণি আজেৰী” নামৰ এটা ইৰাণীয় ভাষা ব্যৱহাৰ হৈছিল। এই ভাষাৰ কিছুমান পুৰণি সাহিত্যিক ৰচনা আজিও পোৱা যায়।৬

কুৰ্দি ভাষা ইৰাণৰ ৩য় বৃহত্তম জনগোষ্ঠী কুৰ্দসকলৰ ভাষা। এই ভাষাৰ সাহিত্য সমূহৰ বিশেষ পৰম্পৰা আছে আৰু সমগ্ৰ কুৰ্দিস্তানত কথিত বিভিন্ন কুৰ্দি উপভাষাসমূহ এই ভাষাত অন্তৰ্ভুক্ত কৰা হৈছে।৭ কুৰ্দি সাহিত্যৰ আৰম্ভণি বহু আগতেই হৈছিল। ১৬ শতিকাত পশ্চিম কুৰ্দিস্তানৰ কবি মালায়ে জাজিৰী আৰু তেওঁৰ আগৰ আন লেখকসকলৰপৰা ইয়াৰ আৰম্ভণি দেখা যায়। পাছত ই পূব কুৰ্দিস্তান (ইৰাণৰ অংশ)তো বিস্তাৰ পায়। বিশেষকৈ মহাবাদ নামৰ এটা স্বায়ত্তশাসিত গণৰাজ্যৰ সময়ত কুৰ্দি সাহিত্যৰ কিছু গুৰুত্বপূৰ্ণ ৰচনা সৃষ্টি হৈছিল।৮৯ গুৰাণী নামৰ আন এটা ইৰানিক ভাষাও কুৰ্দসকলৰ মাজত ব্যৱহৃত হৈছিল। ই কাজাৰ যুগত আৰ্ডালান অঞ্চলত দৰবাৰৰ ভাষা আছিল। এই ভাষাৰো ১৬ শতিকাৰপৰা সাহিত্যিক পৰম্পৰা আছে। ১৯ শতিকাৰ কবি আৰু ইতিহাসবিদ মস্তুৰা আৰ্ডালানৰ ৰচনা আৰু য়াৰছান ধৰ্মৰ ধৰ্মীয় গ্ৰন্থসমূহ ইয়াৰ অন্তৰ্গত।৭

ইৰাণত প্ৰথম ছপাশাল (প্ৰিণ্টিং প্ৰেছ) ১৬৩৩ বা ১৬৩৬ চনত ইছফাহানৰ নিউ জুলফা নামৰ আৰ্মেনিয়ান এলেকাত স্থাপন কৰা হৈছিল। ইয়াক এজন আৰ্মেনিয়ান ধৰ্মীয় নেতাই স্থাপন কৰিছিল।১০১১ইৰাণৰ আৰ্মেনিয়ানসকলেও সাহিত্যক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ১৯ শতিকাৰ লেখক ৰাফী তাৰ ভিতৰত এজন উল্লেখযোগ্য ব্যক্তি। আৰ্মেনিয়ান সাহিত্যৰ আৰম্ভণি বহুত আগতে, ৫ম শতিকাত হৈছিল। ১৯ শতিকাৰপৰা আজাৰবাইজান, ইছফাহান আৰু তেহৰাণত আৰ্মেনিয়ানসকলৰ বাবে বিশেষ বিদ্যালয় স্থাপন কৰা হৈছিল। এই বিদ্যালয়বোৰে আৰ্মেনিয়ান ভাষা আৰু সাহিত্যৰ উন্নতি সাধনত সহায় কৰিছিল। যদিও ৰেজা শ্বাহৰ শাসনৰ সময়ত কিছুকাল এই বিদ্যালয়বোৰ বন্ধ কৰি দিয়া হৈছিল।১২১৩

কাৰ্টভেলিয়ান গোষ্ঠীৰ জৰ্জিয়ান ভাষা, যি আজিও ইৰাণৰ ফেৰেইদান আৰু আন ঠাইত থকা ইৰাণী জৰ্জিয়ানসকলে কয়, ইয়াৰো ইৰাণত বহু পুৰণি সাহিত্যিক ইতিহাস আছে। ছাফাভিদ যুগত জৰ্জিয়ান লেখকসকলে নিজৰ জীৱন আৰু অভিজ্ঞতাৰ ওপৰত আধাৰ কৰি মহাকাব্য (দীঘল কাহিনীধৰ্মী কবিতা) আৰু দুখভৰা কবিতা লিখিছিল। এইবোৰে জৰ্জিয়ান সাহিত্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।১৪ বাগ্ৰাচিওনি বংশই, যিসকল ইৰাণৰ শাসনৰ অধীনত আছিল, তেওঁলোকে জৰ্জিয়ান আৰু পাৰ্চী (ফাৰ্ছী) দুয়োটা ভাষাতে নথি-পত্ৰ লিখিছিল।১৫ইৰাণত পোৱা আটাইতকৈ পুৰণি জৰ্জিয়ান পাণ্ডুলিপিৰ নাম “Samecniero” (মানে “বৈজ্ঞানিক”)। এইটো এটা কবিতা, য’ত বাইবেলৰ কাহিনীসমূহ ইছলামিক দৃষ্টিভংগীত বৰ্ণনা কৰা হৈছে। ইয়াত জৰ্জিয়ান আৰু পাৰ্চী ভাষাৰ প্ৰথম দিশাৰী অভিধানসমূহৰো এটা আছিল। অৰ্থাৎ, সেই পাণ্ডুলিপিখন এখন সৰু অভিধানৰ দৰে আছিল—যত জৰ্জিয়ান শব্দ লিখা আছিল তাৰ কাষত সেই শব্দটোৰ পাৰ্চী ভাষাত অৰ্থ দিয়া আছিল। এইটো ১৭ শতিকাৰ আৰম্ভণিত ইছফাহানত বাস কৰা লেখক ইয়াছে তুশিয়ে লিখিছিল।১৪১৬

সেই সময়ৰ আন এজন গুৰুত্বপূৰ্ণ জৰ্জিয়ান লেখক আছিল তেইমুৰাজ প্ৰথম। তেওঁ ১৬০৫ ৰপৰা ১৬৪৮ লৈ কাখেতি ৰাজ্য শাসন কৰিছিল আৰু ইৰাণৰ প্ৰভাৱত আছিল।১৭ তেওঁ বহু কাহিনী আৰু ইতিহাসমূলক লেখা লিখিছিল, য’ত পাৰ্চী সাহিত্যৰ প্ৰভাৱ দেখা যায়। আন এজন ব্যক্তি পাৰ্সাদান গৰ্গিজানিজে আছিল এজন ৰাজনীতিবিদ আৰু ইতিহাসবিদ। তেওঁ ইৰাণত থাকি বহু গুৰুত্বপূৰ্ণ জৰ্জিয়ান সাহিত্য লিখিছিল। ১৮১৯তাৰ ভিতৰত “Rostomiani” নামৰ গ্ৰন্থখন উল্লেখযোগ্য, যি ইৰাণৰ বিখ্যাত কাব্য “Shahnameh”ৰ জৰ্জিয়ান ৰূপ। তেওঁ জৰ্জিয়াৰ ইতিহাসো লিখিছিল, যি ১৬৯০ দশকত ইছফাহানত প্ৰস্তুত কৰা হৈছিল।১৪২০

ইয়াৰ উপৰি, ইৰাণত ব্যৱহৃত আন ভাষাসমূহ যেনে লুৰীশ,২১ বালুচী,২২২৩ তুৰ্কমেন,২৪ গিলাকি২৫ আৰু তাবাৰী ২৬ভাষাতো কিছু পৰিমাণে সাহিত্য বিকাশ পাইছে।

তথ্যসূত্ৰ

  1. ↑ Malandra, W. W. (1973). A glossary of terms for weapons and armor in old Iranian. Indo-Iranian Journal. পৃ. 264–289
  2. ↑ Emmerick, Ronald Eric. (23 February 2016). Iranian languages. Encyclopædia Britannica
  3. ↑ Danner, V. (10 August 2011). ARABIC LANGUAGE iv. Arabic literature in Iran. Encyclopædia Iranica. পৃ. 237–243
  4. ↑ (13 October 2011). CHAGHATAY LANGUAGE AND LITERATURE. Encyclopædia Iranica. পৃ. 339–343
  5. ↑ Javadi, H.; Burrill, K. (15 December 1988). AZERBAIJAN x. Azeri Literature. Encyclopædia Iranica. পৃ. 251–255
  6. ↑ Yarshater, E. (18 August 2011). AZERBAIJAN vii. The Iranian Language of Azerbaijan. Encyclopædia Iranica. পৃ. 238–245
  7. ↑ Kreyenbroek, Philip G. (20 July 2005). KURDISH WRITTEN LITERATURE. Encyclopædia Iranica
  8. ↑ Kreyenbroek, Philip G.; Sperl, Stefan. (2005). The Kurds: A Contemporary Overview. Routledge. পৃ. 56. ISBN 978-1134907663
  9. ↑ Eppel, Michael. (2016). A People Without a State: The Kurds from the Rise of Islam to the Dawn of Nationalism. University of Texas Press. পৃ. 56. ISBN 978-1477311073
  10. ↑ Berberian, Houri. (2001). Armenians and the Iranian Constitutional Revolution of 1905-1911: "the Love for Freedom Has No Fatherland". Westview Press. পৃ. 37. ISBN 978-0813338170
  11. ↑ (2005). The Heritage of Armenian Literature: From the eighteenth century to modern times. Wayne State University Press. পৃ. 45. ISBN 978-0814332214
  12. ↑ Garsoian, Nina. (13 April 2012). ARMENO-IRANIAN RELATIONS in the pre-Islamic period. Encyclopædia Iranica
  13. ↑ Amurian, A.; Kasheff, M. (12 August 2011). ARMENIANS OF MODERN IRAN. Encyclopædia Iranica. পৃ. 478–483
  14. ↑ Thomas, David; Chesworth, John A. (2017). Christian Muslim Relations: A Bibliographical History. BRILL. পৃ. 17, 547, 523, 654. ISBN 978-9004346048
  15. ↑ (2000). Caucasia between the Ottoman empire and Iran, 1555-1914. Reichert. পৃ. 123–5, 131. ISBN 978-3895001390
  16. ↑ (2016). GORGIJANIDZE, PARSADAN. Encyclopædia Iranica
  17. ↑ Anonby, Erik J. (20 December 2012). LORI LANGUAGE ii. Sociolinguistic Status of Lori. Encyclopædia Iranica
  18. ↑ Elfenbein, J. (15 December 1988). BALUCHISTAN iii. Baluchi Language and Literature. Encyclopædia Iranica. পৃ. 633–644
  19. ↑ Dames, Mansel Longworth. (1922). A Text Book of the Balochi Language. Punjab Printing & Stationery Press. পৃ. 3
  20. ↑ (2016). GORGIJANIDZE, PARSADAN. Encyclopædia Iranica
  21. ↑ Anonby, Erik J. (20 December 2012). LORI LANGUAGE ii. Sociolinguistic Status of Lori. Encyclopædia Iranica
  22. ↑ Elfenbein, J. (15 December 1988). BALUCHISTAN iii. Baluchi Language and Literature. Encyclopædia Iranica. পৃ. 633–644
  23. ↑ Dames, Mansel Longworth. (1922). A Text Book of the Balochi Language. Punjab Printing & Stationery Press. পৃ. 3
  24. ↑ Knüppel, Michael. (15 April 2010). TURKMENS OF PERSIA ii. LANGUAGE. Encyclopædia Iranica
  25. ↑ Stilo, Donald. (9 February 2012). GĪLĀN x. LANGUAGES. Encyclopædia Iranica. পৃ. 660–668
  26. ↑ Borjian, Habib. KOJUR ii. Language. Encyclopædia Iranica

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰাণৰ সাহিত্য” প্ৰবন্ধৰ সংশোধন ৬৩২৪৪৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।