অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইলেক্ট্ৰা (অ'চেনিড)

ইলেক্ট্ৰা (/ɪˈlɛktrə/; প্ৰাচীন গ্ৰীক: Ἠλέκτρα, ইংৰাজী: Electra) গ্ৰীক শ্ৰুতিকথা অনুসৰি অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ইলেক্ট্ৰা (/ɪˈlɛktrə/; প্ৰাচীন গ্ৰীক: Ἠλέκτρα, ইংৰাজী: Electra) গ্ৰীক শ্ৰুতিকথা অনুসৰি অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷১২৩

পৰিয়াল

হেচিঅ'ডৰ ইলেক্ট্ৰা থাউমাছৰ পত্নী৷ থাউমাছ আৰু ইলেক্ট্ৰাৰ কন্যা হৈছে ৰামধেনুৰ দেৱী তথা দেৱতা আৰু হাৰ্পিসকলৰ দূত আইৰিছ।৪

ইলেক্ট্ৰাৰ হাৰ্পি কন্যাৰ নাম ভিন্ন সংস্কৰণ ভিন্ন ভাবে পোৱা যায়। হেচিয়ড আৰু এপ’ল’ড’ৰাছৰ মতে তেওঁলোক হৈছে এলো আৰু অচিপেট। ভাৰ্জিলৰ মতে চেলেনো হৈছে তেওঁৰ অন্যতম হাৰ্পিৰ কন্যা।৫ হাইজিনাছ, ফেবুলে প্ৰিফেচত হাৰ্পি, চেলেনো, অচিপেট আৰু প'ডাৰ্চক থাউমাছ আৰু ইলেক্ট্ৰাৰ কন্যা বুলি কোৱাৰ বিপৰিতে ফাবুৱেলত হাৰ্পিৰ নাম এল'পাছ, চেলেনো আৰু অচিপেট বুলি কোৱা হয় আৰু তেওঁলোক থাউমাছ আৰু অজ'মিনৰ কন্যা বুলি কোৱা হৈছে।৬ অজ'মেন হয়তো ইলেক্ট্ৰাৰ গৌণ নাম আছিল, যাৰ অৰ্থ হৈছে "বহু-শাখা"।

চতুৰ্থ শতিকাৰ শেষৰ ফালে পঞ্চম শতিকাৰ আৰম্ভণিৰ কবি ননাছে উল্লেখ কৰা মতে ইলেক্ট্ৰা আৰু থাউমাছৰ দুই সন্তান হৈছে আইৰিছ আৰু নদী দেৱতা হাইডাস্পেছ।৭

কিংবদন্তি

যেতিয়া ডিমিটাৰৰ কন্যাক হেডিছে অপহৰণ কৰিছিল, সেইসময়ত ভগ্নীসকলৰ সৈতে ইলেক্ট্ৰাও পাৰ্চেফোনৰ অন্যতম সংগী আছিল।৮

তথ্যসূত্ৰ

  1. ↑ Hesiod, থিঅ'গনি 349 & 362–366; Homeric Hymn to Demeter 5 & 418; Apollodorus,1.2.2
  2. ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 41
  3. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 122. ISBN 9780786471119
  4. ↑ Hesiod, থিঅ'গনি 265–269, 780–381; also Apollodorus, 1.2.6; Hyginus, Fabulae Preface
  5. ↑ Virgil, Aeneid 3 211–212; Servius on Virgil, Aeneid 3.212
  6. ↑ Hyginus, Fabulae 14.18
  7. ↑ Nonnus, Dionysiaca 26.358–362
  8. ↑ Homeric Hymn to Demeter 418; Pausanias, Graeciae Descriptio 4.30.4

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলেক্ট্ৰা (অ'চেনিড)” প্ৰবন্ধৰ সংশোধন ৬৩০৯০১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।