অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইউফ্ৰেছিয়া এলুভাথিংগাল

ইউফ্ৰেছিয়া এলুভাথিংগাল (ইংৰাজী: Euphrasia Eluvathingal; জন্ম: ৰোজা এলুভাথিংগাল; ১৭ অক্টোবৰ ১৮৭৭ – ২৯ আগষ্ট ১৯৫২) কেৰালাৰ পূব কেথলিক গীৰ্জা চিৰ'-মালাবাৰ গীৰ্জাৰ এগৰাকী ভাৰতীয় কাৰ্মেলাইট নান।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ইউফ্ৰেছিয়া এলুভাথিংগাল (ইংৰাজী: Euphrasia Eluvathingal; জন্ম: ৰোজা এলুভাথিংগাল; ১৭ অক্টোবৰ ১৮৭৭ – ২৯ আগষ্ট ১৯৫২) কেৰালাৰ পূব কেথলিক গীৰ্জা চিৰ'-মালাবাৰ গীৰ্জাৰ এগৰাকী ভাৰতীয় কাৰ্মেলাইট নান। ইউফ্ৰেছিয়াই পবিত্ৰ পৰিয়ালৰ দৰ্শন পাইছিল বুলি কোৱা হয়, সেই সময়তে তেওঁ বহুদিনৰ পৰা ভোগী থকা ৰোগৰ পৰা উপশম লাভ কৰিছিল। ২০১৪ চনৰ ২৩ নৱেম্বৰত ভেটিকান চহৰত পোপ ফ্ৰান্সিছে তেওঁক সন্ত (চেণ্ট) হিচাপে মান্যতা প্ৰদান কৰে। যিহেতু চেণ্ট জন দ্য বেপ্টিষ্টৰ শিৰচ্ছেদৰ স্মৃতি ২৯ আগষ্টত পালন কৰা হয়, সেয়েহে চেণ্ট ইউফ্ৰেছিয়াৰ উৎসৱ ৩০ আগষ্টলৈ স্থানান্তৰ কৰা হয়।

প্ৰাথমিক জীৱন

১৮৭৭ চনৰ ১৭ অক্টোবৰত কেৰেলাৰ থ্ৰিছুৰ জিলাৰ ইৰিঞ্জালাকুডাৰ কাট্টুৰৰ এটা চিৰ' মালাবাৰ চাৰ্চ নাছৰানী পৰিয়ালত ৰোজা এলুভাথিংগালে জন্মগ্ৰহণ কৰিছিল।১

ধৰ্মীয় জীৱন

ৰোজে ছিৰ'-মালাবাৰৰ প্ৰথম খিলঞ্জীয়া কংগ্ৰেগ কুনাম্মাভুৰ কংগ্ৰেগেচন অৱ দ্য মাদাৰ অৱ কাৰ্মেলৰ বৰ্ডিং স্কুলত ভৰ্তি হয়।১

১৯০৪ চনৰ পৰা ১৯১৩ চনলৈকে ছিনিয়ৰ ইউফ্ৰেছিয়াই ছেইণ্ট জোচেফ কনভেণ্টত নবীন মিষ্ট্ৰেছ হিচাপে কাম কৰিছিল। ১৯১৩ চনৰ পৰা ১৯১৬ চনলৈকে তেওঁ অলুৰত থকা ছেইণ্ট মেৰী কনভেণ্টৰ মাদাৰ চুপিৰিয়েৰ আছিল। তেওঁ অহৰহ প্ৰাৰ্থনা আৰু যীচুৰ পবিত্ৰ হৃদয়ৰ প্ৰতি ভক্তিৰ জীৱন যাপন কৰিবলৈ চেষ্টা কৰিছিল, বহুতৰ মাজত প্ৰাৰ্থনা কৰা মাতৃ হিচাপে পৰিচিত হৈছিল।২ ১৯৫২ চনৰ ২৯ আগষ্টত তেওঁৰ মৃত্যু হয়৷

অলৌকিকতা

তেওঁৰ প্ৰথম নথিভুক্ত কৰা অলৌকিকতা আছিল এজন কাঠমিস্ত্ৰীক হাড়ৰ কৰ্কট ৰোগৰ পৰা সুস্থ কৰা।৩ অলুৰৰ এঞ্চেৰীৰ পৰা অহা থমাছ থাৰাকান নামৰ এজন আচবাব ৰং কৰা কৰ্মীক থ্ৰিছুৰৰ জুবিলী মিছন মেডিকেল কলেজ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটে কেন্সাৰ ৰোগত আক্ৰান্ত বুলি ধৰা পেলাইছিল। থমাছক এসপ্তাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছত অস্ত্ৰোপচাৰৰ পূৰ্বে চিকিৎসকৰ স্কেনত টিউমাৰৰ কোনো লক্ষণ দেখা নগ’ল, যদিও পূৰ্বৰ স্কেনত টিউমাৰৰ স্পষ্ট প্ৰমাণ পোৱা গৈছিল। থমাছৰ ভগ্নী ৰ'জীয়ে পিছলৈ দাবী কৰিছিল যে ইউফ্ৰেচিয়াই কৰা প্ৰাৰ্থনাৰ ফলতেই এই ৰোগ নিৰাময় হৈছিল।৪৫

তথ্যসূত্ৰ

  1. ↑ Euphrasia of the Sacred Heart of Jesus (1877-1952)- Biography. www.vatican.va
  2. ↑ Cured Catholic cancer patient recalls miraculous intercession of 'praying nun'. Catholic Online
  3. ↑ Kolata, Gina. (26 October 2009). Cancers Can Vanish Without Treatment, but How?. The New York Times
  4. ↑ Saint Euphrasia Miracles. CMC Sisters
  5. ↑ (23 November 2014). All you need to know about newly canonised Saint Euphrasia and Saint Kuriakose Elias Chavara. DNA India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউফ্ৰেছিয়া এলুভাথিংগাল” প্ৰবন্ধৰ সংশোধন ৫৭৬৮৪৫ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।