অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইংগা আৰভাড

ইংগা মেৰী আৰভাড পিটাৰছন (ইংৰাজী: Inga Arvad; জন্ম: ৬ অক্টোবৰ ১৯১৩ – মৃত্যু: ১২ ডিচেম্বৰ ১৯৭৩) এগৰাকী ডেনিছ-আমেৰিকান সাংবাদিক আছিল। তেওঁ ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত এডল্ফ হিটলাৰৰ অতিথি আছিল আৰু ১৯৪১ চনৰপৰা ১৯৪২ চনলৈ জন এফ কেনেডীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ৪২৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ইংগা মেৰী আৰভাড পিটাৰছন (ইংৰাজী ভাষা: Inga Arvad; জন্ম: ৬ অক্টোবৰ ১৯১৩ – মৃত্যু: ১২ ডিচেম্বৰ ১৯৭৩) এগৰাকী ডেনিছ-আমেৰিকান সাংবাদিক আছিল। তেওঁ ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত এডল্ফ হিটলাৰৰ অতিথি আছিল আৰু ১৯৪১ চনৰপৰা ১৯৪২ চনলৈ জন এফ কেনেডীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। এই পৰিঘটনাৰ সংলগ্নতাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ এগৰাকী নাজী চোৰাংচোৱা হোৱাৰ সন্দেহৰ সৃষ্টি কৰিছিল। আমেৰিকাৰ গোপন তদন্তত তেনে কোনো প্ৰমাণ পোৱা নগ'ল আৰু তেওঁৰ অতীতৰ এই কথাই আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁৰ পেছাদাৰী জীৱন বা সামাজিক মৰ্যাদাত কোনো ক্ষতি কৰা নাছিল। তেওঁ ১৯৪৫ চনত মেট্ৰ'-গোল্ডউইন-মেয়াৰৰ বাবে এগৰাকী বোলছবি লেখিকা১ আৰু এগৰাকী হলিউডৰ গছিপ স্তম্ভলেখক আছিল,২ আৰু ১৯৪০-ৰ দশকৰ শেষৰফালৰপৰা মৃত্যুলৈকে তেওঁ চহকী কাউবয় অভিনেতা তথা সামৰিক বিষয়া টিম মেককয়ৰ পত্নী আছিল।

কৰ্মজীৱন

আৰভাড আছিল ১৯৩১ চনত ডেনিছ বাতৰি কাকত বেৰ্লিংচকে টিডেণ্ডে-ৰদ্বাৰা নিৰ্বাচিত সুন্দৰী।৩ আৰভাডে নিউয়ৰ্কৰ কলম্বিয়া স্কুল অৱ জাৰ্নালিজমত অধ্যয়ন কৰিছিল আৰু তাৰ পিছত ৱাশ্বিংটন ডি.চি.লৈ গুচি গৈছিল, য’ত তেওঁ ৱাশ্বিংটন টাইমছ-হেৰাল্ডত স্তম্ভলেখক হিচাপে কাম কৰিছিল। তেওঁ একেখন বাতৰি কাকতৰে সাংবাদিক কেথলিনৰ জৰিয়তে ৱাশ্বিংটনত জন এফ কেনেডীক লগ পাইছিল। তেওঁৰ সম্পাদকে আৰভাডৰ লিখাৰ শৈলী "স্বভাৱজাত আৰু উন্নত" আছিল বুলি উল্লেখ কৰিছিল।৪

১৯৩৫ চনত এগৰাকী স্বতন্ত্ৰ সাংবাদিক হিচাপে৫ তেওঁ এডল্ফ হিটলাৰৰ সাক্ষাৎকাৰ লৈছিল আৰু এই সম্পৰ্কই তেওঁৰ সমগ্ৰ জীৱনত প্ৰভাৱ পেলাইছিল। হিটলাৰৰ সাক্ষাৎকাৰ লোৱা অতি কমসংখ্যক স্ক্যাণ্ডিনেভিয়ানৰ ভিতৰত তেওঁক অন্যতম বুলি গণ্য কৰা হয়।১ হিটলাৰে তেওঁক দুবাৰ৬ বা সম্ভৱতঃ তিনিবাৰ সাক্ষাৎকাৰ দিছিল।২ হাৰমান গৰিংয়ে অতি সোনকালে জাৰ্মান অভিনেত্ৰী এমি চনেমেনক বিবাহ কৰাব বুলি বাতৰি পৰিৱেশন কৰি আৰভাডে তেওঁৰ সতীৰ্থসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।৫

তেওঁক সেই বিবাহলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু তাতেই তেওঁ গুৰুত্বপূৰ্ণ নাজী নেতাসকলক লগ পাইছিল। যোচেফ গোৱেবলছৰ জৰিয়তে তেওঁ হিটলাৰৰ সাক্ষাৎকাৰ নিশ্চিত কৰিছিল।৭ তেওঁৰ প্ৰবন্ধটোত হিটলাৰৰ এটা বৰ্ণনা পিছলৈ ইংৰাজীলৈ অনুবাদ কৰা হৈছিল: "আপুনি তৎক্ষণাত তেওঁক ভাল পাব। তেওঁক অকলশৰীয়া যেন লাগে। দয়ালু হৃদয়ৰ পৰিচায়ক চকুযুৰিয়ে আপোনাৰফালে পোনপটিয়াকৈ চাই থাকে। সেই চকুযুৰি এক বিশেষ শক্তিৰে উজলি থাকে।" ৩ আৰভাড ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত হিটলাৰৰ অতিথি আছিল, যাৰ ফলত আমেৰিকাত এফ.বি.আই.-য়ে তেওঁক এজন সম্ভাৱ্য চোৰাংচোৱা হিচাপে তদন্ত কৰিছিল।৫ হিটলাৰে তেওঁক কৈছিল যে তেওঁ নৰ্ডিক সৌন্দৰ্যৰ এক নিখুঁত উদাহৰণ। হিটলাৰৰ সৈতে তেওঁৰ এখন ফটো প্ৰকাশ পাইছিল আৰু এফ.বি.আই.-য়ে তেওঁক অনুসৰণ কৰিছিল। তদন্তত পোৱা গৈছিল যে তেওঁ ব্ৰিটেইনৰ প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰদূতৰ পুত্ৰ জন এফ কেনেডীৰ সৈতে ডেটিং কৰি আছিল। কেনেডীৰ উচ্চ মৰ্যাদাৰ বাবে আৰভাডৰ ওপৰত অধিক নিৰীক্ষণ আৰু সন্দেহ বৃদ্ধি পাইছিল যদিও সেইবোৰ কেতিয়াও প্ৰমাণিত হোৱা নাছিল। যদিও তেওঁ কেৱল সামাজিক বাতৰিহে লিখিছিল আৰু কেতিয়াও হিটলাৰৰ ৰাজনীতিক সমৰ্থন কৰা নাছিল, তথাপি তেওঁৰ সৈতে থকা সম্পৰ্কই তেওঁৰ পেছাদাৰী জীৱনত ছাঁ পেলাইছিল।

ব্যক্তিগত জীৱন

আৰভাডৰ প্ৰথম স্বামী আছিল কামাল আব্দেল নবী, যাৰ সৈতে তেওঁ ১৯৩১ চনত ১৭ বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ দ্বিতীয় বিবাহ হৈছিল হাংগেৰীয়ান চলচ্চিত্ৰ পৰিচালক পল ফেজোচৰ সৈতে ১৯৩৬ চনৰ ২৮ জানুৱাৰীত ডেনমাৰ্কৰ ক'পেনহেগেনত।৮ তেওঁ দুখন ডেনিছ ছবি Storm Varsel আৰু ফেজোচৰদ্বাৰা পৰিচালিত ১৯৩৪ চনৰ ছবি Flight from the Millions-ত অভিনয় কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ভ্ৰমণ কৰাৰ সময়ত আৰু কেনেডীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ সময়তো তেওঁ ফেজোচৰ সৈতে বিবাহিত হৈ আছিল। ১৯৪২ চনৰ জুন মাহত তেওঁ ফেজোচৰপৰা বিবাহ বিচ্ছেদ লাভ কৰে।৯

আৰভাডে ১৯৪৫ চনৰ ৫ মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰে।১০

১৯৪৫ চনৰ মে’ মাহত ব্ৰিটিছ সংসদৰ সদস্য ৰবাৰ্ট বুথবিৰ সৈতে তেওঁৰ বাগদান হয়। বুথবিয়ে কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত এখন সন্মিলনৰ বাবে ব্ৰিটিছ প্ৰতিনিধি দলৰ সৈতে থকাৰ সময়ত লছ এঞ্জেলছত আৰভাডক লগ পাইছিল।১ ইংলেণ্ডলৈ ঘূৰি যোৱাৰ পাছত বুথবিয়ে তেওঁক বিয়াৰ বাবে অনুৰোধ কৰি ২০ পৃষ্ঠাৰ এখন পত্ৰ লিখিছিল। আৰভাডে প্ৰস্তাৱটো গ্ৰহণ কৰিছিল যদিও পিছলৈ বাগদান ভংগ কৰে। কাৰণ হিটলাৰে এবাৰ তেওঁক "নিখুঁত নৰ্ডিক সুন্দৰী" বুলি কোৱা প্ৰশংসাই বুথবিৰ ৰাজনৈতিক জীৱনত প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ ভাবিছিল। আৰভাডে মন্তব্য কৰিছিল যে তেওঁ হিটলাৰৰ নীতিসমূহক ঘৃণা কৰে আৰু কেৱল তেওঁৰ সাক্ষাৎকাৰৰ দুটা অনুষ্ঠানতহে তেওঁক লগ পাইছিল; যিয়েই নহওক, ইংৰাজ সংবাদ মাধ্যমে তেওঁৰ হিটলাৰৰ সৈতে সাক্ষাৎক লৈ যথেষ্ট চৰ্চা কৰিছিল আৰু বুথবিয়েও অতি সোনকালে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা আছিল।৬ আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টৰ ব্লেকলিষ্টত থকা ছুইডিছ উদ্যোগপতি এক্সেল ৱেনাৰ-গ্ৰেনৰ আৰভাড প্ৰেমিকা হোৱাৰ সন্দেহ কৰা হৈছিল। অৱশ্যে তেনে কোনো সম্পৰ্কৰ প্ৰমাণ পোৱা হোৱা নাই।২

আৰভাডে ১৯৪৭ চনৰ ১৪ ফেব্ৰুৱাৰীত নিউয়ৰ্কৰ য়ংকাৰ্ছত আমেৰিকান অভিনেতা টিম মেককয়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়; অৱশ্যে মেককয়ৰ মতে তেওঁলোকে আগতেই বিয়া পাতিছিল।১১১২১৩১৪ তেওঁলোকৰ দেখা-দেখি হৈছিল যেতিয়া মেককয়ই থলুৱা আমেৰিকান সংৰক্ষিত এলেকাত এখন চুটি ছবি নিৰ্মাণ কৰি আছিল। মেককয় আৰু আৰভাডে পেঞ্চিলভেনিয়াৰ বাকচ কাউণ্টিৰ ডলিংটন মেনৰ নামৰ ১২৭ একৰৰ এটা বিশাল ভূ-খণ্ডত বাস কৰিছিল।১৪ মেককয়ই তেওঁৰ ৱাইমিঙৰ ৰামচ 'ইগলছ নেষ্ট' বিক্ৰী কৰি তাৰপৰা গুচি আহিছিল, য’ত তেওঁ ৩৭ বছৰ বাস কৰিছিল। আৰভাড আৰু মেককয়ৰ দুটা পুত্ৰ সন্তান আছিল, ৰোনাল্ড আৰু টেৰেন্স। ১৯৪৭ চনৰ আগষ্ট মাহত যেতিয়া তেওঁলোকৰ প্ৰথম সন্তান জন্ম হয়, তেতিয়া মেককয়ৰ বয়স আছিল ৫৬ বছৰ। অভিনেত্ৰী বিঝু হেৰনৰ কন্যা এগনেছ মিলাৰৰ সৈতে হোৱা তেওঁৰ পূৰ্বৰ বিবাহৰপৰা তিনিটা সন্তান আছিল।১৫

১৯৪৬ চনৰ জানুৱাৰীত ডেভিড অ’ চেলজনিক-এ আৰভাডক Duel in the Sun বোলছবিখনৰ প্ৰচাৰৰ বাবে ২৫ ৰপৰা ৩০খন আমেৰিকান চহৰ ভ্ৰমণ কৰিবলৈ পঠিয়াইছিল। তেওঁৰ সৈতে অনিতা কলবি, ফ্লোৰেন্স প্ৰিচেট আৰু ল’ৰা ওৱেলছ আছিল।১৬

মৃত্যু

১৯৭৩ চনত আৰিজোনাৰ ন'গালেছৰ ওচৰৰ এখন ফাৰ্মত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ ইংগা আৰভাডৰ মৃত্যু হয়।১৭১৮ মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু দুই পুত্ৰক এৰি থৈ যায়।৭ মিছিগানৰ ছেগিন'ৰ মাউণ্ট অলিভেট কবৰস্থানত তেওঁক সমাধিস্থ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ British Conference Delegate Woos and Wins Film Writer, Los Angeles Times, May 22, 1945, p. A3
  2. ↑ Kennedy Affair With Spy Suspect Reported, Los Angeles Times, January 19, 1976, p. B8
  3. ↑ Bjørn Westergaard. (2006-06-24). B.T. fandt de smukke piger. B.T.
  4. ↑ Dallek, Robert (2003), An Unfinished Life: John F. Kennedy, 1917-1963, p. 83
  5. ↑ Matthews, Chris. Jack Kennedy (2011) p. 44
  6. ↑ Compliment By Hitler Ends Romance With M.P., Los Angeles Times, May 24, 1945, p. 1
  7. ↑ Wife of Actor Tim McCoy Dies of Cancer, Los Angeles Times, December 14, 1973, p. OCA4
  8. ↑ Naturalization Record 123123. California, U.S., Federal Naturalization Records, 1888-1991. Petitioner: Inga Marie Arvad, Petition Number: 123123, Petition Date: 5 Mar 1945, Petition Place: Los Angeles, California, USA. National Archives at Riverside; Riverside, California; Petitions For Naturalization, U.S. District Court For the Central District of California (Los Angeles), 1940-1991; NAI Number: 594890; Record Group Title: Records of District Courts of the United States, 1685-2009; Record Group Number: 21
  9. ↑ Hersh, Seymour (1997), The Dark Side of Camelot, p. 84
  10. ↑ Naturalization Record 123123
  11. ↑ New York State Marriage Index. New York State Department of Health; Albany, New York, USA. Certificate Number: 28534, Groom: Timothy J McCoy, Bride: Inga Arvad, Marriage Date: 14 Feb 1947, Marriage Place: Yonkers, New York, USA, New York State Department of Health; Albany, NY, USA
  12. ↑ "Tim McCoy And Danish Beauty 'Married For Quite A While'", The Baltimore Sun, February 25, 1947, p. 13
  13. ↑ Tim McCoy Tells Of Three-Month Secret Marriage, Los Angeles Evening Citizen News, February 25, 1947, p. 7
  14. ↑ McCoy, T. (1988). Tim McCoy Remembers the West. Bison Books, p. 260
  15. ↑ Tim McCoy Announces Birth of Son, Los Angeles Times, August 14, 1947, p. 4
  16. ↑ Gold Rush Spurs Opus; New Draftee Heroized, Los Angeles Times, January 18, 1946, p. 9
  17. ↑ Obituary: Inga McCoy, Wife Of Cowboy Actor, Tampa Bay Times (St. Petersburg, Florida, USA), December 16, 1973, p. 63
  18. ↑ Obituary: Actor Tim McCoy's Wife Cremated Without Rites, Valley News (Van Nuys, California, USA), December 16, 1973, p.49

সম্পৰ্কিত শ্ৰেণী

ডেনমাৰ্কৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইংগা আৰভাড” প্ৰবন্ধৰ সংশোধন ৫৯৫৫৫৮ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।