আৰ্নেষ্টিনা ইডেম এপিয়া (: Ernestina Edem Appiah,জন্ম প্ৰায় ১৯৭৭ ) এগৰাকী ঘানীয়ান সামাজিক উদ্যোগী মহিলা। তেওঁ বিদ্যালয়ৰ পাঠদান শেষ হোৱাৰ পিছত শিশুসকলক কম্পিউটাৰ প্ৰগ্ৰেম লিখিবলৈ শিকোৱাৰ বাবে ঘানা ক’ড ক্লাব নামৰ এক বিশেষ কাৰ্যসূচী প্ৰতিষ্ঠা কৰিছিল। ২০১৫ চনত ঘানাত কম্পিউটিং প্ৰচাৰৰ বাবে কৰা কামৰ বাবে তেওঁ "বিবিচি ১০০ গৰাকী আটাইতকৈ প্ৰেৰণাদায়ক মহিলা" তালিকাত স্থান লাভ কৰে।
জীৱনী
আপিয়াহৰ কম্পিউটিঙৰ প্ৰতি আকৰ্ষণ আৰম্ভ হৈছিল যেতিয়া তেওঁ স্থানীয় তথ্য প্ৰযুক্তি কোম্পানী এটাৰ সম্পাদিকা হিচাপে নিযুক্তি পাইছিল।১ সহকৰ্মীসকলৰ কামৰ পৰা প্ৰেৰণা লাভ কৰিছিল সচাঁ, কিন্তু সচিব হিচাপে আন সহকৰ্মীসকলৰ দৰমহাতকৈ ১০%তকৈও কম উপাৰ্জন কৰিছিল তেওঁ। সেই প্ৰেৰণা লৈ তেওঁ নিজে নিজে এইচটিএমএলত ক’ড শিকি ৱেবছাইট বনাবলৈ আৰম্ভ কৰে।২পিছত তেওঁ নিজৰ আইটি দক্ষতাক এটা ভাৰ্চুৱেল সহায়তা ব্যৱসায়লৈ ৰূপান্তৰিত কৰে, যি পিছলৈ গৈ তেওঁৰ প্ৰথম কোম্পানী হিচাপে গঢ় লৈ উঠে।২
ঘানা ক’ড ক্লাব
২০০৭ চনত তেওঁ নিজৰ প্ৰথম সামাজিক উদ্যোগ হেল্ থী কেৰিয়াৰ ইনিচিয়েটিভ প্ৰতিষ্ঠা কৰে, যাৰ লক্ষ্য আছিল ছোৱালীবিলাকক তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) ক্ষেত্ৰত জ্ঞান বিতৰণ আৰু মেণ্টৰিং কৰা। ইয়াৰ ফলত এই উদ্যোগটোৱে একে বছৰতে ঘানা ক’ড ক্লাব স্থাপিত কৰে।৩ ঘানা ক’ড ক্লাব হৈছে এখন বে-চৰকাৰী সামাজিক প্ৰতিস্থান, যি প্ৰতিস্থানে সমগ্ৰ ঘানাৰ শিশুসকলক কম্পিউটাৰ প্ৰগ্ৰামিং দক্ষতা শিকাই আহিছে।৪৩৫
২০১৫ চনত এপিয়া ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনৰ আটাইতকৈ প্ৰেৰণাদায়ক মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়, সেই বছৰত এই তালিকাত স্থান পোৱা একমাত্ৰ ঘানাৰ মহিলা আছিল তেওঁ।৬৪ ২০২০ চনলৈকে ঘানা ক’ড ক্লাবে ঘানাৰ ১০০টা কম্পিউটাৰ কেন্দ্ৰত ১,৭০০ জন শিক্ষাৰ্থী আৰু ৩০০ জন শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰিছে।৭
কোডিঙৰ সীমাৰ বাহিৰে
বৰ্তমান এপিয়া ঘানা ক’ড ক্লাবৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে সেৱা আগবঢ়াই আছে। তেওঁ সংগঠনটোক কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলাত নেতৃত্ব দিছে, যাতে ঘানাৰ শিক্ষাৰ্থীসকলৰ বাবে অধিক প্ৰগ্ৰামিং সুবিধা প্ৰদান কৰিব পৰা যায়। ইয়াৰ ভিতৰত চেমচেং ৰ সৈতে মিলি এটা ইনোভেচন হাব মুকলি কৰাৰ কাৰ্যসূচীও আছে।৮ এপিয়ায়ে কোডিঙৰ সীমাৰ বাহিৰলৈ গৈ তথ্য-প্ৰযুক্তি ক্ষেত্ৰত প্ৰয়োজনীয় আন গুৰুত্বপূৰ্ণ দক্ষতাসমূহ, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা, অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰতো কাম কৰিছে।৯ ২০২৩ চনত ঘানা ক’ড ক্লাবএ আক্রাৰ কোৱাবেনিয়া জিলাত হপাৰ ডিন এ আই চেণ্টাৰ মুকলি কৰে, যাৰ লক্ষ্য হৈছে ঘানাৰ যুৱ প্ৰজন্মক কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভৱিষ্যৎ কৰ্মজীৱনৰ বাবে সাজু কৰা।১০ ২০২৪ চনত তেওঁ ঘানা ক’ড ক্লাব আৰু ইকো’বেংকৰ মাজত অংশীদাৰিত্ব সহযোগিতাত নেতৃত্ব দিয়ে, যাৰ জৰিয়তে শিশুসকলৰ কৃত্ৰিম বুদ্ধিমত্তা শিক্ষাৰ ক্ষেত্ৰত অধিক সুযোগ সৃষ্টি কৰাৰ ব্যৱস্থা লোৱা হয়।১১
তথ্যসূত্ৰ
- ↑ (2018-09-01). Meet Ernestina Appiah, CEO of Ghana Code Club. Nsesa Foundation
- ↑ (2016-01-07). Why this woman is teaching 20,000 Ghanaian kids to code. ONE.org Global
- ↑ SISTEM one-on-one from Accra, Ghana with Ms. Ernestina Edem Appiah, Founder of Ghana Code Club: An afterschool digital club introducing children between the ages of 8-17 to basic programming skills.. istg-africatomorrow.com
- ↑ Quashie, Sena. Pulse Women"s Month: Meet Ernestina Edem Appiah, the ICT whisperer. pulse
- ↑ ISPACE Phoenix Kids awards 53 students. ghananewsagency
- ↑ (2015-11-17). Who are the BBC's 100 Women of 2015?. BBC News
- ↑ Computer science can help Africans develop skills of the future. Brookings
- ↑ (2021-04-28). Samsung launches innovation hub, coding programmes to improve modern learning in Ghana
- ↑ Segbefia, Sedem. (2021-06-23). Next generation must be AI ready – Ghana Code Club CEO. The Business & Financial Times
- ↑ (2023-12-01). Ghana Code Club inaugurates Hopper Dean AI Centre in Kwabenya
- ↑ Etefe, Juliet. (2024-10-23). Ecobank injects GH¢2.2m into basic school digital education initiative. The Business & Financial Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্নেষ্টিনা ইডেম এপিয়া” প্ৰবন্ধৰ সংশোধন ৬১৩২৯৬ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।