অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়াঞ্চল

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়ক আইন অনুসৰি নটা সময় অঞ্চলত ভাগ কৰা হৈছে। দেশখনৰ বেছিভাগ অঞ্চলতে দিবালোক সংৰক্ষণ সময় মানি চলা হয়। এই সময় অঞ্চলসমূহৰ সীমা আৰু দিবালোক সংৰক্ষণ সময়ৰ নীতি-নিয়ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগৰ আধিনত পৰিচালিত হয়।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৫ ৫৪৮ শব্দ · ৩ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়ক আইন অনুসৰি নটা সময় অঞ্চলত ভাগ কৰা হৈছে। দেশখনৰ বেছিভাগ অঞ্চলতে দিবালোক সংৰক্ষণ সময় মানি চলা হয়। এই সময় অঞ্চলসমূহৰ সীমা আৰু দিবালোক সংৰক্ষণ সময়ৰ নীতি-নিয়ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগৰ আধিনত পৰিচালিত হয়।

সময় অঞ্চলসমূহ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নটা সময় অঞ্চল হৈছে: পূবৰ পৰা পশ্চিমলৈ আটলান্টিক মান সময় (Atlantic Standard Time, AST), পূব মান সময় (Eastern Standard Time, EST), কেন্দ্ৰীয় মান সময় (Central Standard Time, CST), পৰ্বতীয় মান সময় (Mountain Standard Time, MST), প্ৰশান্ত মান সময় (Pacific Standard Time, PST), আলাস্কা মান সময় (Alaskan Standard Time, AKST), হাৱাই-অলুয়েছিয়ন মান সময় (Hawaii-Aleutian Standard Time, HST), চামোৱা মান সময় (Samoa standard time, ইউ টি চি −১১) আৰু চামাৰো মান সময় (Chamorro Standard Time, ইউ টি চি +১০)। সময় অঞ্চলবোৰৰ সীমা ইয়াত চাব পাৰে।

আমেৰিকাৰ মূল ভূ-খণ্ডত ব্যৱহৃত সময় অঞ্চলসমূহ

কেন্টাকিৰ ৱেইন কাউণ্টিত প্ৰবেশৰ পথত পূব সময় অঞ্চলত প্ৰবেশ কৰাৰ জাননী দেখা গৈছে
কেন্টাকিৰ ৱেইন কাউণ্টিত প্ৰবেশৰ পথত পূব সময় অঞ্চলত প্ৰবেশ কৰাৰ জাননী দেখা গৈছেছবি: Kevinraleigh · CC BY-SA 3.0

পূবৰ পৰা পশ্চিমলৈ, আমেৰিকাৰ মূল ভূ-খণ্ডত ব্যৱহাৰ কৰা সময় অঞ্চলসমূহ:

  • পূব মান সময় অঞ্চল: (EST; ইউ টি চি −০৫; Zone R), আটলান্টিক উপকূল আৰু অ’হাঅ’ উপত্যকাৰ পূব ফালৰ তিনিভাগৰ দুভাগ এই সময় অঞ্চলৰ অন্তৰ্গত।
  • কেন্দ্ৰীয় মান সময় অঞ্চল: (CST; ইউ টি চি −০৬; Zone S), আমেৰিকা উপসাগৰৰ উপকূল, মিছিছিপি উপত্যকা, আৰু গ্ৰেট প্লেইনচ্ এই সময় অঞ্চলৰ অন্তৰ্গত।
  • পৰ্বতীয় মান সময় অঞ্চল: (MST; ইউ টি চি −০৭; Zone T), ৰকি পৰ্বতমালাৰ অঞ্চল ইয়াৰ অন্তৰ্গত।
  • প্ৰশান্ত মান সময় অঞ্চল: (PST; ইউ টি চি −০৮; Zone U), প্ৰশান্ত উপকূল আৰু নেভাডা এই সময় অঞ্চলৰ অন্তৰ্গত।

মূল ভূ-খণ্ডৰ বাহিৰৰ ৰাজ্যত ব্যৱহৃত সময় অঞ্চলসমূহ

  • আলাস্কা মান সময় অঞ্চল: (AKST; ইউ টি চি −০৯; Zone V), আলাস্কা ৰাজ্যৰ বেছিভাগ অঞ্চল এই সময় অঞ্চলৰ অন্তৰ্গত।
  • হাৱাই-অলুয়েছিয়ন মান সময় অঞ্চল: (বা আধিকাৰিক ভাবে হাৱাই মান সময়, Hawaii Standard Time: HST) (HAST; ইউ টি চি −১০; zone W), হাৱাই ৰাজ্য আৰু অলুয়েছিয়ন দ্বীপপুঞ্জৰ অধিকাংশ এই সময় অঞ্চলৰ অন্তৰ্গত।

ৰাজ্যৰ বাহিৰৰ সময় অঞ্চলসমূহ

  • আটলান্টিক মান সময় অঞ্চল: (AST; ইউ টি চি −০৪; Zone Q), পুয়েৰ্তো ৰিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া দ্বীপপুঞ্জ ইয়াৰ অন্তৰ্গত।
  • চামোৱা মান সময় অঞ্চল (SST; ইউ টি চি −১১; Zone X), আমেৰিকান চামোৱা এই সময় অঞ্চলৰ অন্তৰ্গত।
  • চামাৰো মান সময় অঞ্চল: (ChST; ইউ টি চি +১০; Zone K), গুৱাম আৰু উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জ ইয়াৰ অন্তৰ্গত।

ক্ষুদ্ৰ দূৰবৰ্তী দ্বীপসমূহ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান ক্ষুদ্ৰ দূৰবৰ্তী দ্বীপে উপৰত বহিৰে আন বেলেগ সময় অঞ্চল ব্যৱহাৰ কৰে। বেকাৰ দ্বীপ আৰু হাউলেণ্ড দ্বীপ ইউ টি চি −১২-ৰ অন্তৰ্গত, আনহাতে ৱেক দ্বীপ ইউ টি চি +১২-ৰ অন্তৰ্গত। উদাহৰণ স্বৰূপে বেকাৰ দ্বীপ আৰু হাউলেণ্ড দ্বীপত বুধবাৰৰ দুপৰীয়া ১২ বাজিলে ৱেক দ্বীপ বৃহস্পতি বাৰৰ দুপৰীয়া ১২ বাজিব। আন্তৰাষ্ট্ৰীয় তাৰিখ ৰেখাৰ পৰস্পৰ বিপৰীত ফালে এই দ্বীপকেইটাই কৰা অৱস্থানেই হৈছে ইয়াৰ কাৰণ। আন দূৰবৰ্তী দ্বীপসমূহ হৈছে: জাৰ্ভিচ দ্বীপ, মিডৱে এটোল, পালম্যৰা এটোল আৰু কিংমেন ৰীফ (ইউ টি চি −১১); জনষ্টোন এটোল (ইউ টি চি −১০); আৰু নাভাচা দ্বীপ, বাজ’ নুৱেভ’ বেঙ্ক আৰু চেৰানিলা বেঙ্ক (ইউ টি চি −০৫)।

দিবালোক সংৰক্ষণ সময়

আমেৰিকা যুক্তৰাষ্ট্ৰত দিবালোক সংৰক্ষণ সময় প্ৰথম বাৰৰ বাবে পালন কৰা হয় ১৯১৮ চনত। বৰ্তমান দেশখনৰ অধিকাংশ অঞ্চলতে দিবালোক সংৰক্ষণ সময় মানি চলা হয়। ইয়াৰ ব্যতিক্ৰম হৈছে আৰিজোনা আৰু হাৱাই ৰাজ্য, লগতে পুয়েৰ্তো ৰিকো, আমেৰিকান চামোৱা, গুৱাম, উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জ, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া দ্বীপপুঞ্জ।

১৯৮৭ ৰ পৰা ২০০৬ চনলৈ, আমেৰিকা যুক্তৰাষ্ট্ৰত দিবালোক সংৰক্ষণ সময় এপ্ৰিল মাহৰ প্ৰথম দেওবাৰৰ পৰা আৰম্ভ হৈ অক্টোবৰ মাহৰ অন্তিম দেওবাৰত শেষ হৈছিল। শক্তি সঞ্চয়ৰ উদেশ্য, শক্তি নীতি আইন, ২০০৫ অনুসৰি ২০০৭ চনৰ পৰা দিবালোক সংৰক্ষণ সময় এমাহৰ বাবে বঢ়াই দিয়া হয়। তেতিয়াৰে পৰা ই মাৰ্চ মাহৰ দ্বিতীয় দেওবাৰৰ পৰা আৰম্ভ হৈ নৱেম্বৰ মাহৰ প্ৰথম দেওবাৰত শেষ হয়।১ স্থানীয় সময়ৰ পূৱা ২ বজাত দিবালোক সংৰক্ষণৰ বাবে সময় সলনি কৰা হয়।

সময় আগুৱাই দিয়াৰ দৃশ্য]]

+ দিবালোক সংৰক্ষণ সময় - আৰম্ভণি আৰু সমাপ্তিৰ তাৰিখ
বছৰআৰম্ভণিসমাপ্তি
২০০৭১১ মাৰ্চ৪ নৱেম্বৰ
২০০৮৯ মাৰ্চ২ নৱেম্বৰ
২০০৯৮ মাৰ্চ১ নৱেম্বৰ
২০১০১৪ মাৰ্চ৭ নৱেম্বৰ
২০১১১৩ মাৰ্চ৬ নৱেম্বৰ
২০১২১১ মাৰ্চ৪ নৱেম্বৰ
২০১৩১০ মাৰ্চ৩ নৱেম্বৰ
২০১৪৯ মাৰ্চ২ নৱেম্বৰ
২০১৫৮ মাৰ্চ১ নৱেম্বৰ
২০১৬১৩ মাৰ্চ৬ নৱেম্বৰ
২০১৭১২ মাৰ্চ৫ নৱেম্বৰ
২০১৮১১ মাৰ্চ৪ নৱেম্বৰ
২০১৯১০ মাৰ্চ৩ নৱেম্বৰ
২০২০৮ মাৰ্চ১ নৱেম্বৰ
২০২১১৪ মাৰ্চ৭ নৱেম্বৰ
২০২২১৩ মাৰ্চ৬ নৱেম্বৰ
২০২৩১২ মাৰ্চ৫ নৱেম্বৰ
২০২৪১০ মাৰ্চ৩ নৱেম্বৰ
২০২৫৯ মাৰ্চ২ নৱেম্বৰ

ৰাজ্যসমূহত ব্যৱহৃত সময় অঞ্চলসমূহৰ তালিকা

ৰাজ্য (বা বিশেষ অঞ্চল)সময় অঞ্চলটোকা
আলাবামাইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময় *ফিনিক্স নগৰ: ইউ টি চি−০৫:০০ EST পূব মান সময় (অনাধিকাৰিক ভাবে)
আলাস্কাইউ টি চি−০৯:০০ ইউ টি চি−১০:০০*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−09 AKST আলাস্কা মান সময় *অলুয়েছিয়ন দ্বীপপুঞ্জ (১৬৯°৩০' পশ্চিমৰ পশ্চিমত): ইউ টি চি−১০:০০ সৈতে HST হাৱাই-অলুয়েছিয়ন মান সময়
আমেৰিকান চামোৱাইউ টি চি−১১:০০চামোৱা মান সময়
এৰিজোনাইউ টি চি−০৭:০০ MTপৰ্বতীয়। নাভাজো নেচনৰ বাহিৰে আৰিজোনাৰ আন অংশত দিবালোক সংৰক্ষণ সময় মানি চলা নহয়।
আৰকানচ'ইউ টি চি−০৬:০০ CTকেন্দ্ৰীয় মান সময়
কেলিফৰ্ণিয়াইউ টি চি−০৮:০০ PTপ্ৰশান্ত মান সময়
কল’ৰাডোইউ টি চি−০৭:০০ MTপৰ্বতীয় মান সময়
কানেকটিকাটইউ টি চি−০৫:০০ ETপূব মান সময়
ডেলাৱেৰইউ টি চি−০৫:০০ ETপূব মান সময়
ফ্লৰিডাইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৫:০০ EST পূব মান সময় *কিছু অংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
জৰ্জিয়াইউ টি চি−০৫:০০ ETপূব মান সময়
গুৱামইউ টি চি+১০:০০চামাৰো মান সময়
হাৱাইইউ টি চি−১০:০০হাৱাইয় মান সময়
আইডাহোইউ টি চি−০৭:০০ MT ইউ টি চি−০৮:০০ PT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময় *কিছু অংশ: ইউ টি চি−০৮:০০ PST প্ৰশান্ত মান সময়
ইলিনয়ইউ টি চি−০৬:০০ CTকেন্দ্ৰীয় মান সময়
ইণ্ডিয়ানাইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৫:০০ EST পূব মান সময় *কিছু অংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
আয়'বাইউ টি চি−০৬:০০ CTকেন্দ্ৰীয় মান সময়
কেনচাচইউ টি চি−০৬:০০ CT ইউ টি চি−০৭:০০ MT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময় *গ্ৰীলি, হেমিল্টন, চাৰমেন আৰু ৱেলেচ কাউণ্টি: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
কেন্টাকিইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT*ৰাজ্যৰ পূব অংশ: ইউ টি চি−০৫:০০ EST পূব মান সময় *ৰাজ্যৰ পশ্চিম অংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
লুইজিয়ানাইউ টি চি−০৬:০০ CTকেন্দ্ৰীয় মান সময়
মেইনইউ টি চি−০৫:০০ ETপূব মান সময়
মেৰিলেণ্ডইউ টি চি−০৫:০০ ETপূব মান সময়
মাচাছুছিটাচইউ টি চি−০৫:০০ ETপূব মান সময়
মিছিগানইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৫:০০ EST পূব মান সময় *উইচকনচিন ৰাজ্যৰ সীমাত থকা আপাৰ পেনিনচিলা কাউণ্টি: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময়
মিনিচোটাইউ টি চি−০৬:০০ CTকেন্দ্ৰীয় মান সময়
মিছিছিপিইউ টি চি−০৬:০০ CTকেন্দ্ৰীয় মান সময়
মিজুৱাৰীইউ টি চি−০৬:০০ CTকেন্দ্ৰীয় মান সময়
মন্টানাইউ টি চি−০৭:০০ MTপৰ্বতীয় মান সময়
নাব্ৰাস্কাইউ টি চি−০৬:০০ CT ইউ টি চি−০৭:০০ MT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময় *নাব্ৰাস্কা পেনহেণ্ডেল, পশ্চিম সীমাত কল’ৰাডো ৰাজ্য থকা কাউণ্টিসমূহ, আৰু পশ্চিম চেণ্ড হিলচ্: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
নেভাডাইউ টি চি−০৭:০০ MT ইউ টি চি−০৮:০০ PT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৮:০০ PST প্ৰশান্ত মান সময় *জেকপট আৰু ৱেষ্ট ৱেণ্ড‘ভাৰ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
নিউ হেম্পশায়াৰইউ টি চি−০৫:০০ ETপূব মান সময়
নিউজাৰ্চীইউ টি চি−০৫:০০ ETপূব মান সময়
নিউ মেক্সিকোইউ টি চি−০৭:০০ MTপৰ্বতীয় মান সময়
নিউয়ৰ্ক মহানগৰইউ টি চি−০৫:০০ ETপূব মান সময়
নৰ্থ কেৰলাইনাইউ টি চি−০৫:০০ ETপূব মান সময়
নৰ্থ ডকোটাইউ টি চি−০৬:০০ CT ইউ টি চি−০৭:০০ MT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময় *কিছু অংশ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জইউ টি চি+১০:০০চামাৰো মান সময়
অ’হাঅ’ইউ টি চি−০৫:০০ ETপূব মান সময়
অকল’হামাইউ টি চি−০৬:০০ CTকেন্দ্ৰীয় মান সময়
অৰেগনইউ টি চি−০৭:০০ MT ইউ টি চি−০৮:০০ PT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৮:০০ PST প্ৰশান্ত মান সময় *মালহেউৰ কাউণ্টিৰ উত্তৰাঞ্চলৰ ৪/৫ অংশ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
পেনছিলভেনিয়াইউ টি চি−০৫:০০ ETপূব মান সময়
পুয়েৰ্তো ৰিকোইউ টি চি−০৪:০০আটলান্টিক মান সময়
ৰড আইলেণ্ডইউ টি চি−০৫:০০ ETপূব মান সময়
চাউথ কেৰলাইনাইউ টি চি−০৫:০০ ETপূব মান সময়
চাউথ ডাকোটাইউ টি চি−০৬:০০ CT ইউ টি চি−০৭:০০ MT*ৰাজ্যখনৰ পূব অংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময় *ৰাজ্যৰ পশ্চিম অংশ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
টেনেচিইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময় *মাৰিয়ন কাউণ্টিৰ বাহিৰে পূব টেনেচি: ইউ টি চি−০৫:০০ EST পূব মান সময়
টেক্সাচইউ টি চি−০৬:০০ CT ইউ টি চি−০৭:০০ MT*ৰাজ্যৰ অধিকাংশ: ইউ টি চি−০৬:০০ CST কেন্দ্ৰীয় মান সময় *কিছু অংশ: ইউ টি চি−০৭:০০ MST পৰ্বতীয় মান সময়
ইউটাহইউ টি চি−০৭:০০ MTপৰ্বতীয় মান সময়
ভাৰমন্টইউ টি চি−০৫:০০ ETপূব মান সময়
ভাৰ্জিনিয়াইউ টি চি−০৫:০০ ETপূব মান সময়
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া দ্বীপপুঞ্জইউ টি চি−০৪:০০আটলান্টিক মান সময়
ৱাছিংটনইউ টি চি−০৮:০০ PTপ্ৰশান্ত মান সময়
ৱাছিংটন ডি চিইউ টি চি−০৫:০০ ETপূব মান সময়
ৱেষ্ট ভাৰ্জিনিয়াইউ টি চি−০৫:০০ ETপূব মান সময়
ৱিস্কঞ্চিনইউ টি চি−০৬:০০ CTকেন্দ্ৰীয় মান সময়
ৱায়মিংইউ টি চি−০৭:০০ MTআলাস্কা মান সময়

তথ্যসূত্ৰ

  1. ↑ Daylight Time. United States Naval Observatory

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰসময় অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়াঞ্চল” প্ৰবন্ধৰ সংশোধন ৫৬২৭৩১ (১১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।