হাল্ক (ইংৰাজী: Hulk) হৈছে মাৰ্ভেল কমিক্সৰ দ্বাৰা প্ৰকাশিত আমেৰিকান কমিক বুকৰ এজন মহানায়ক। লেখক ষ্টেন লি আৰু শিল্পী জেক কিৰ্বিয়ে সৃষ্টি কৰা এই চৰিত্ৰটো প্ৰথমবাৰৰ বাবে দ্য ইনক্ৰিডিবল হাল্ক (১৯৬২) কমিকৰ প্ৰথম খণ্ডত চিত্ৰায়িত কৰা হৈছিল। তেওঁৰ কমিক বুকত “ডিছ’চিয়েটিভ আইডেণ্টিটি ডিছঅৰ্ডাৰ” (dissociative identity disorder, DID) থকা এই চৰিত্ৰটো মূলতঃ সেউজীয়া চালৰ, সীমাহীন শাৰীৰিক শক্তিৰ অধিকাৰী এজন পেশীবহুল ব্যক্তি যি এজন শাৰীৰিকভাৱে দুৰ্বল, সামাজিকভাৱে আঁতৰি থকা আৰু আৱেগিকভাৱে সংৰক্ষিত পদাৰ্থবিজ্ঞানী ৰবাৰ্ট ব্ৰুচ বেনাৰৰ চৰিত্ৰক প্ৰতিনিধিত্ব কৰে।
চৰিত্ৰায়ণ
কাল্পনিক চৰিত্ৰৰ জীৱনী
ৰবাৰ্ট ব্ৰুচ বেনাৰৰ মনোজগতত তেওঁৰ অশান্ত শৈশৱৰ গভীৰ প্ৰভাৱ পৰিছিল, য'ত তেওঁৰ পিতৃ ব্ৰায়ান বেনাৰে তেওঁৰ সৰুৰে পৰাই তেওঁৰ আপাত দৃষ্টিত অস্বাভাৱিক বুদ্ধিমত্তাৰ বাবে তেওঁক দানৱ হিচাপে গণ্য কৰিছিল।১ এই অভিজ্ঞতাবোৰৰ ফলত ব্ৰুচৰ বিচ্ছিন্ন পৰিচয় বিকাৰৰ সৃষ্টি হয় আৰু তেওঁৰ নেতিবাচক আৱেগক দমন কৰা আৰম্ভ কৰে। ব্ৰায়ানে ব্ৰুচৰ মাকক ক্ৰোধত হত্যা কৰাৰ২ পিছত ব্ৰুচে হাইস্কুলীয়া বয়সলৈকে কেইবাজনো আত্মীয়ৰ লগত বাস কৰিছিল, তেতিয়া তেওঁৰ বুদ্ধিমত্তাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ দৃষ্টি আকৰ্ষণ কৰিছিল।৩ জেনেৰেল থেডিয়াছ "থাণ্ডাৰবল্ট" ৰছৰ অধীনত বেনাৰক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে নিযুক্তি দিয়া হয় আৰু অতি সোনকালেই জেনেৰেলৰ কন্যা বেটী ৰছৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠে।৪
গামা বোমাৰ পৰীক্ষামূলক বিস্ফোৰণৰ সময়ত বেনাৰে পৰীক্ষণস্থলীৰ পৰা কিশোৰ ৰিক জ’নছক ৰক্ষা কৰে, কিন্তু বিস্ফোৰণটোৰ পৰা নিৰ্গত বিপুল পৰিমাণৰ গামা বিকিৰণ বেনাৰৰ দেহত আপতিত হয় আৰু তেওঁ অজ্ঞান হৈ পৰে। পিছত তেওঁ অক্ষত অৱস্থাত জ্ঞান ঘূৰাই পায়, কিন্তু ৰাতি হোৱাৰ লগে লগে তেওঁ এটা শক্তিশালী আৰু ধ্বংসাত্মক জীৱলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰে। তেওঁ সেই ৰূপ ধাৰণ কৰি সকলোকে আক্ৰমণ কৰিবলৈ ধৰে আৰু এজন সৈনিকে “হাল্ক” বুলি বৰ্ণনা কৰে। এই ৰূপান্তৰৰ পৰা নিজকে নিৰাময় কৰাৰ প্ৰচেষ্টাই বেনাৰৰ অৱস্থা আৰু সলনি কৰিবলৈ ধৰে। ইয়াৰ ফলত ক্ৰোধ বা ভয়ৰ প্ৰতিক্ৰিয়া হিচাপে বেনাৰ ৰূপান্তৰিত হ’বলৈ আৰম্ভ কৰে। হাল্ক এভেঞ্জাৰছৰ প্ৰতিষ্ঠাপক সদস্য, কিন্তু তেওঁৰ ওপৰত তেওঁলোকৰ অনাস্থাৰ বাবে তেওঁ গোটটো সোনকালে ত্যাগ কৰিবলৈ বাধ্য হয়। বেনাৰে ৰিকৰ সহায়ত নিজৰ দ্বৈত পৰিচয়ৰ ৰহস্য বজাই ৰাখে, কিন্তু তেওঁৰ মৃত্যু হোৱা বুলি ভাবি ৰিকে বেনাৰৰ গোপনীয়তা প্ৰকাশ কৰে, যাৰ ফলত বেনাৰ পলাতক হ'বলৈ বাধ্য হয়।৫ Banner maintains the secret of his dual identity with Rick's aid, but Rick reveals his secret following his assumed death, forcing Banner to become a fugitive.৬
মনোৰোগ বিশেষজ্ঞ ডক চেমছনে হাল্কক কৰায়ত্ত কৰে আৰু বেনাৰ আৰু হাল্কক শাৰীৰিকভাৱে পৃথক কৰিবলৈ সক্ষম হয়।৭ ইয়াৰ পিছত বেনাৰে বেটীক বিয়া কৰায়। কিন্তু বেনাৰ আৰু হাল্কৰ আণৱিক গঠন অস্থিৰ হৈ পৰে আৰু তেওঁলোকক হত্যা কৰাৰ ভাবুকি দিয়ে, যাৰ ফলত চেমচনে ভিজনৰ সহায়ত তেওঁলোকক পুনৰ একত্ৰিত কৰিবলগীয়া হয়। পিছলৈ চেমচনে বেনাৰৰ ভাঙি যোৱা মনোজগতৰ উপাদানসমূহ একত্ৰিত কৰি হাল্কৰ বুদ্ধিমান কিন্তু অহংকাৰকেন্দ্ৰিক ভিন্নতা “অধ্যাপক হাল্ক”ৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। অধ্যাপক হাল্ক অতি সোনকালেই মহাশক্তিশালী ব্যক্তিৰ গোপন সংগঠন প্যান্থেয়নৰ মূল সদস্য হৈ পৰে। সংস্থাটোৰ সৈতে তেওঁৰ কাৰ্যকালত তেওঁক মাষ্ট্ৰ' নামৰ নিজৰ এক অত্যাচাৰী বিকল্প ভৱিষ্যত সংস্কৰণৰ সৈতে সংঘাতত লিপ্ত হয়, যিয়ে বহু নায়কৰ মৃত্যু হোৱা এখন পৃথিৱীত শাসন কৰে।৮ অধ্যাপক হাল্কৰ গঠনটো শেষত অস্থিৰ বুলি প্ৰমাণিত হয় আৰু বেনাৰৰ মনোজগতখন অৱশেষত আৰু এবাৰ ছিন্নভিন্ন হৈ পৰে।
"প্লেনেট হাল্ক"ত ইলুমিনেটিয়ে সিদ্ধান্ত লয় যে হাল্ক পৃথিৱীৰ বাবে অতি বিপজ্জনক আৰু সেয়ে তেওঁক ৰকেট জাহাজত উঠাই পঠিয়াই দিয়া হয়। ৰকেটটো গৈ ছাকাৰ গ্ৰহত দুৰ্ঘটনাগ্ৰস্ত হয়। হাল্কে ৱাৰবাউণ্ডত মিত্ৰ বিচাৰি পায় আৰু এলিয়েন ৰাণী কাইয়েৰাক বিয়া কৰায়, এই সম্পৰ্কত তেওঁলোকৰ দুজন পুত্ৰ জন্ম হয়: স্কাৰ আৰু হিৰো-কালা।৯ ঘটনাক্ৰমে ইলুমিনেটিৰ জাহাজখন বিস্ফোৰণ হৈ কাইৰাক হত্যা কৰে। এই হত্যাৰ প্ৰতিশোধ ল’বলৈ হাল্কে তেওঁৰ ছুপাৰহিৰো গোট ৱাৰবাউণ্ডৰ সৈতে পৃথিৱীলৈ উভতি আহে আৰু পৃথিৱীৰ বিৰুদ্ধে "হাল্ক বিশ্বযুদ্ধ"ৰ ঘোষণা কৰে। কিন্তু ৱাৰবাউণ্ডৰ এজন মিয়েক প্ৰকৃততে ধ্বংসৰ বাবে দায়ী বুলি গম পোৱাৰ পিছত হাল্কে পৰাস্ত স্বীকাৰ কৰে, পৰৱৰ্তী সময়ত বেনাৰে নিজকে মহানায়ক হিচাপে গঢ়ি তোলে। তেওঁ নতুন ৰেড হাল্কৰ সৈতে আৰু বিৰুদ্ধে কাম কৰি নতুন চুপাৰভিলেইন দল ইণ্টেলিজেন্সিয়াক পৰাস্ত কৰে।১০
পিছলৈ হাল্কে নিজকে আৰু বেনাৰক শাৰীৰিকভাৱে পৃথক কৰিবলৈ ডাক্তৰ ডুমৰ ওচৰলৈ যায়, ডুমে অস্ত্ৰোপচাৰৰ দ্বাৰা হাল্কৰ মগজুৰ বেনাৰৰ অনন্য অন্তৰ্গত উপাদানসমূহ উলিয়াই ক্ল'ন শৰীৰত সুমুৱাই দিয়ে। অৱশেষত তেওঁৰ মূল ৰূপান্তৰক পুনৰ সৃষ্টি কৰাৰ প্ৰয়াসত তেওঁৰ ক্ল'ন কৰা শৰীৰটো ধ্বংস হোৱাৰ পিছত বেনাৰে হাল্কৰ সৈতে পুনৰ সংযুক্ত হয়। ইয়াৰ পিছত ব্ৰুচে স্বেচ্ছাই চোৰাংচোৱা সংস্থা S.H.I.E.L.D. ত যোগদান কৰে আৰু নিজকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে আৰু তাৰ বিনিময়ত সংস্থাটোৱে তেওঁক নিজৰ বাবে স্থায়ী উত্তৰাধিকাৰ সৃষ্টি কৰিবলৈ সামৰ্থ্য আৰু ধন প্ৰদান কৰে।১১ যেতিয়া এজন হত্যাকাৰীয়ে বেনাৰত মূৰত গুলীয়াই হত্যা কৰে, তেতিয়া টনি ষ্টাৰকে তেওঁক এবিধ এক্সট্ৰিমিছ ভাইৰাছৰ জৰিয়তে ৰক্ষা কৰে। এই পদ্ধতিয়ে ডক গ্ৰীণ নামৰ এক নতুন বুদ্ধিমান ব্যক্তিত্বৰ সৃষ্টি কৰে। ডক গ্ৰীণে এই সিদ্ধান্তত উপনীত হয় যে গামা মিউটেটৰ দ্বাৰা পৃথিৱীখন বিপদত পৰিছে আৰু সেয়েহে ইয়াক ক্ষমতাহীন কৰাৰ প্ৰয়োজন। তেওঁ এটা নিৰাময় সৃষ্টি কৰে আৰু এ-বম, স্কাৰ আৰু ৰেড হাল্কক শক্তিহীন কৰে। অৱশেষত ডক গ্ৰীণৰ বুদ্ধিমত্তা ম্লান হৈ পৰে আৰু তেওঁৰ স্বাভাৱিক হাল্ক ৰূপ পুনৰ ঘূৰি আহে।১২
যেতিয়া অমানৱীয় ইউলিছিছৰ দৰ্শনত বহুতো মহানায়কৰ মৃতদেহৰ ওপৰত উন্মাদভাৱে থিয় হৈ থকা হাল্কক দেখা পায়, তেতিয়া বেনাৰে হকআইক ৰূপান্তৰৰ সময়ত হত্যা কৰাৰ ক্ষমতা থকা এপাত পৰা বিশেষ কাঁড় প্ৰদান কৰে আৰু হকআইয়ে হাল্কক হত্যা কৰে।১৩ হাল্কক প্ৰথমে হেণ্ডে,১৪ তাৰ পিছত হাইড্ৰাই,১৫ আৰু শেষত গ্ৰেণ্ডমাষ্টাৰৰ বিৰুদ্ধে হ’বলগীয়া প্ৰতিযোগিতাৰ বাবে চেলেঞ্জাৰে পুনৰুজ্জীৱিত কৰে।১৬
ব্যক্তিত্ব
আন দীৰ্ঘজীৱী চৰিত্ৰৰ দৰেই হাল্কৰ চৰিত্ৰ আৰু সাংস্কৃতিক ব্যাখ্যাও সময়ৰ লগে লগে সলনি হৈছে, চৰিত্ৰত নতুন বৈশিষ্ট্যৰ যোগ হৈছে বা পৰিৱৰ্তন কৰা হৈছে। হাল্কক সাধাৰণতে সেউজীয়া ছাল, চুলি আৰু চকুৰ বৃহৎ আকাৰৰ মানুহ হিচাপে দেখা যায়, কেৱল এযোৰ ফাটি যোৱা বেঙুনীয়া ৰঙৰ পেণ্ট পিন্ধি থাকে। ব্ৰুচ বেনাৰ হিচাপে এই চৰিত্ৰটো প্ৰায় ৫ ফুট ৯ ইঞ্চি (১.৭৫ মিটাৰ) ওখ আৰু ওজন ১২৮ পাউণ্ড (৫৮.০৫ কিলোগ্ৰাম), কিন্তু হাল্কলৈ ৰূপান্তৰিত হ’লে চৰিত্ৰটো ৭ৰ পৰা ৮ ফুট (২.১৩ - ২.৪৩ মিটাৰ) পৰ্যন্ত ওখ হয় আৰু ওজন হয় প্ৰায় ১,০৪০ৰ পৰা ১,৪০০ পাউণ্ড (৪৭১.৭৩ - ৬৩৫.০২ কিলোগ্ৰাম)ৰ ভিতৰত। গ্ৰে হাল্ক ওখ ৬ ফুট ৬ ইঞ্চি (১.৯৮ মিটাৰ) এখ আৰু ওজন ৯০০ পাউণ্ড (৪০৮.২৩ কিলোগ্ৰাম); মাৰ্জড হাল্ক ৭ ফুট ৬ ইঞ্চি (২.২৮ মিটাৰ) ওখ আৰু ওজন ১১৫০ পাউণ্ড (৫২১.৬৩ কিলোগ্ৰাম); গ্ৰীণ স্কা ৮ ফুট ৮ ইঞ্চি (২.৬৪ মিটাৰ) ওখ আৰু ওজন ২,৪০০ পাউণ্ড (১.০৮ টন)। ইমৰটেল হাল্ক প্ৰায় ৯ বা ১০ ফুট (২.৭৪ / ৩.০৪ মিটাৰ) ওখ আৰু ওজন প্ৰায় ২০০০ পাউণ্ড (৯০৭.১৮ কিলোগ্ৰাম)। অভিষেকৰ পিছত বেনাৰৰ ৰূপান্তৰ নিশাৰ সময়ত আৰম্ভ হয়, যাৰ ফলত তেওঁক ধূসৰ ছালৰ হাল্কলৈ ৰূপান্তৰিত হয়। ইনক্ৰিডিবল হাল্ক #২ ত হাল্কে সেউজীয়া ছালৰ সৈতে দেখা দিবলৈ আৰম্ভ কৰে, আৰু এভেঞ্জাৰছ #৩ (১৯৬৩)ত বেনাৰে উপলব্ধি কৰে যে তেওঁৰ ৰূপান্তৰ এতিয়া ভয়, বিষ বা খংৰ অনুভূতিৰ প্ৰতিক্ৰিয়াত নিঃসৰিত এড্ৰিনেলিনৰ ঢৌৰ দ্বাৰা আৰম্ভ হয়। ইনক্ৰিডিবল হাল্ক #২২৭ (১৯৭৮)-এ প্ৰতিষ্ঠা কৰিছিল যে হাল্কৰ পৃথক পৰিচয় তেওঁৰ মগজুক প্ৰভাৱিত কৰা মিউটেচনৰ বাবে নহয়, বৰঞ্চ বেনাৰ ডিছ'চিয়েটিভ আইডেন্টিটি ডিছঅৰ্ডাৰত আক্ৰান্ত হোৱাৰ বাবেহে হয়। বনৰীয়া গ্ৰীণ হাল্কে বেনাৰৰ দমন কৰা শৈশৱৰ ক্ৰোধ আৰু আক্ৰমণাত্মকতাক প্ৰতিনিধিত্ব কৰিছিল আৰু বেনাৰৰ দমনীয় স্বাৰ্থপৰ ইচ্ছা আৰু আহ্বানক গ্ৰে হাল্কে প্ৰতিনিধিত্ব কৰে।
তথ্যসূত্ৰ
- ↑ (October 1985). The Incredible Hulk
- ↑ (January 1991). The Incredible Hulk
- ↑ (July 2005). The Incredible Hulk
- ↑ (May 1962). The Incredible Hulk. পৃ. 8
- ↑ (November 1963). The Avengers
- ↑ (March 1966). Tales to Astonish
- ↑ (January 1986). The Incredible Hulk
- ↑ (January 1993). Hulk: Future Imperfect
- ↑ Incredible Hulk Vol. 3 #92-104. Marvel Comics
- ↑ World War Hulk #5. Marvel Comics
- ↑ (January 2013). Indestructible Hulk. Marvel Comics
- ↑ (July 2015). Hulk. Marvel Comics
- ↑ (September 2016). Civil War II. Marvel Comics
- ↑ (December 2016). Uncanny Avengers. Marvel Comics
- ↑ Secret Empire #6-7 (2017). Marvel Comics
- ↑ Avengers #679-688. Marvel Comics
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাল্ক (চৰিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬০২৭৯০ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।