অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অ'. ভি. ঊষা

অ'. ভি. ঊষা (ইংৰাজী: O. V. Usha; জন্ম: ৪ নৱেম্বৰ ১৯৪৮) এগৰাকী মালয়ালম কবি আৰু ঔপন্যাসিকা। কে. এম. জৰ্জে তেওঁক "গভীৰ নৈতিক চিন্তা আৰু কাৰিকৰী দক্ষতা" থকা এগৰাকী কবি বুলি অভিহিত কৰিছে। তেওঁ চাৰিখন কবিতা পুথি আৰু কেইটামান চুটি গল্পৰ লগতে এখন উপন্যাসো ৰচনা কৰিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩২২ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অ'. ভি. ঊষা (ইংৰাজী ভাষা: O. V. Usha; জন্ম: ৪ নৱেম্বৰ ১৯৪৮)১ এগৰাকী মালয়ালম ভাষা কবি আৰু ঔপন্যাসিকা। কে. এম. জৰ্জে তেওঁক "গভীৰ নৈতিক চিন্তা আৰু কাৰিকৰী দক্ষতা" থকা এগৰাকী কবি বুলি অভিহিত কৰিছে।২ তেওঁ চাৰিখন কবিতা পুথি আৰু কেইটামান চুটি গল্পৰ লগতে এখন উপন্যাসো ৰচনা কৰিছে। ইয়াৰ উপৰিও তেওঁ বিভিন্ন আলোচনীত প্ৰবন্ধ লিখিছে। ঊষাই কোট্টায়মৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ প্ৰকাশন সঞ্চালক হিচাপে সেৱা আগবঢ়াইছিল। ২০০০ চনত মুক্তিপ্ৰাপ্ত মালয়ালম চলচ্চিত্ৰ মঝাৰ বাবে তেওঁ ‘কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা’ত (শ্ৰেষ্ঠ গীতিকাৰ) সন্মান লাভ কৰিছিল।৩

জীৱনী

সোঁফালে অ'. বি. ঊষা
সোঁফালে অ'. বি. ঊষাছবি: Kannan shanmugam,shanmugam studio, Kollam · CC BY-SA 3.0

কেৰালাৰ পালক্কাদৰ ওচৰৰ এখন সৰু গাঁৱত ঊষাৰ জন্ম হৈছিল। তেওঁ পৰিয়ালৰ কনিষ্ঠ সন্তান আছিল।৪ তেওঁৰ শৈশৱ বেছিভাগেই নিজ গাঁৱতে অতিবাহিত হৈছিল। তেওঁৰ পিতৃ "মালাবাৰ স্পেচিয়েল পুলিচ"ত কৰ্মৰত আছিল আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ অ'. বি. বিজয়ান এজন প্ৰখ্যাত ঔপন্যাসিক আৰু কাৰ্টুনিষ্ট আছিল।৪ ঊষাৰ মাতৃৰ জৰিয়তে তেওঁ মালয়ালম সাহিত্যৰ প্ৰতি আকৰ্ষিত হৈছিল।৫ ঊষাই ১৩ বছৰ বয়সৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল আৰু মালয়ালম সাপ্তাহিক মাতৃভূমিৰ "চিলড্ৰেনছ কৰ্ণাৰ"ত তেওঁৰ কবিতা প্ৰকাশ পাইছিল।৬ ২৫ বছৰ বয়সলৈকে অৰ্থাৎ ১৯৭৩ চনলৈকে তেওঁৰ কবিতাসমূহ নিয়মীয়াকৈ প্ৰকাশ পাইছিল। বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰি তেওঁ দিল্লীলৈ গুচি যায় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত ঊষাই সম্পাদকীয় প্ৰশিক্ষাৰ্থী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু পিছলৈ এটা প্ৰকাশন প্ৰতিষ্ঠানৰ মুখ্য সম্পাদক হয়।৭ ১৯৭১ চনত তেওঁৰ "ইনকিলাব জিন্দাবাদ" নামৰ এটি চুটি গল্পৰ আধাৰত একে নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল।৮ একেখন ছবিৰ বাবে তেওঁ এটি গীত লিখিছিল, যিটো সম্ভৱতঃ আধুনিক মালয়ালম চলচ্চিত্ৰ জগতত প্ৰথমগৰাকী মহিলা গীতিকাৰৰ ৰচনা আছিল। ১৯৭৩ চনৰ পৰা পৰৱৰ্তী দহ বছৰ কাল তেওঁ সাহিত্য চৰ্চা কৰা নাছিল। ১৯৮২ চনৰ পৰা তেওঁ পুনৰ লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ বেছিভাগ কবিতা গ্ৰন্থ আকাৰে প্ৰকাশ হোৱা নাই যদিও তেওঁৰ একমাত্ৰ উপন্যাস শ্বহীদ নামা ২০০১ চনত প্ৰকাশ পাইছিল।৯ ২০০৮ চনত তেওঁ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী সদস্য আছিল আৰু কোট্টায়মৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ প্ৰকাশন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১০১১

ৰচনা

  • স্নেহগীতংগল (কবিতা)
  • ধ্যানম (কবিতা)
  • অগ্নিমিত্ৰন্নোৰু কুৰিপ্পু (কবিতা)
  • শ্বহীদ নামা (উপন্যাস, ২০০১)
  • নিলম থোড়া মন্নু (চুটি গল্প)

বঁটা

  • ২০০০ – শ্ৰেষ্ঠ গীতিকাৰৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (চলচ্চিত্ৰ: মঝা)

তথ্যসূত্ৰ

উৎসবোৰ

তথ্যসূত্ৰ

  1. ↑ Archived copy
  2. ↑ George 1992, পৃ. 253
  3. ↑ State Film Awards 1969 - 2012. Department of Information and Public Relations (Kerala)
  4. ↑ Ajith Kumar, J. (24 November 2002). A passion for the unknown. দ্য হিন্দু
  5. ↑ Tharu Lalita 1993, পৃ. 567
  6. ↑ Tharu Lalita 1993, পৃ. 567
  7. ↑ Tharu Lalita 1993, পৃ. 567
  8. ↑ (3 February 2011). Some Lady Bards. দ্য হিন্দু
  9. ↑ Tharu Lalita 1993, পৃ. 567
  10. ↑ (19 May 2009). Film award jury formed. দ্য হিন্দু
  11. ↑ (22 March 2010). Bibliography of new books released. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিভাৰতীয় মহিলা কবিঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ'. ভি. ঊষা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪১৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।