অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অ'লেস্কো দুৰ্গ

অ'লেস্কো দুৰ্গ ( Olesko Castle বৰ্তমান ইউক্ৰেইনৰ জোলোচিভ ৰাইঅনৰ সীমাৰ ভিতৰত অৱস্থিত। দুৰ্গটোৰ প্ৰথম ঐতিহাসিক উল্লেখ ১৩৯০ চনৰ এখন নথিত পোৱা যায়। সেই সময়ত পোপ বনিফেচ নৱমে অলেস্কো আৰু টুষ্টান দুৰ্গ হালিচৰ এজন কেথলিক বিচপক প্ৰদান কৰিছিল।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ৫৯০ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অ'লেস্কো দুৰ্গ ( Olesko Castle বৰ্তমান ইউক্ৰেইনৰ জোলোচিভ ৰাইঅনৰ সীমাৰ ভিতৰত অৱস্থিত। দুৰ্গটোৰ প্ৰথম ঐতিহাসিক উল্লেখ ১৩৯০ চনৰ এখন নথিত পোৱা যায়। সেই সময়ত পোপ বনিফেচ নৱমে অলেস্কো আৰু টুষ্টান দুৰ্গ হালিচৰ এজন কেথলিক বিচপক প্ৰদান কৰিছিল। অলেস্কো দুৰ্গ পশ্চিম ইউক্ৰেইনৰ সৰ্ববৃহৎ চহৰ লভিভৰপৰা প্ৰায় ৭৫ কিলোমিটাৰ দূৰত অৱস্থিত।১

অৱস্থিতি

অ'লেস্কো দুৰ্গৰ প্ৰৱেশদ্বাৰ।
অ'লেস্কো দুৰ্গৰ প্ৰৱেশদ্বাৰ।ছবি: CC BY-SA 3.0

অ’লেস্কো দুৰ্গটো ডিম্বাকৃতিৰ আৰু প্ৰায় ৫০ মিটাৰ উচ্চতাৰ এটা সৰু পাহাৰৰ ওপৰত অৱস্থিত। দুৰ্গটোক দুৰ্গৰ চাৰিওফালে খন্দা গভীৰ খাদ আৰু প্ৰতিৰক্ষামূলক প্ৰাচীৰে আগুৰি আছে। ইয়াৰ উপৰি দুৰ্গটোৰ চাৰিওফালে ঘন জলাহভূমি আছে। দুৰ্গটো অৱস্থিত ভূমিখনৰ মালিকীস্বত্ব সময়ে সময়ে বহুবাৰ সলনি হৈছিল। প্ৰথম অৱস্থাত ই ভলহিনিয়া আৰু লভিভ অঞ্চলৰ সীমান্তত অৱস্থিত আছিল।

বিভিন্ন সময়ত এই দুৰ্গটো পোলেণ্ড, লিথুৱানিয়া আৰু হাংগেৰীৰ অধীনত আছিল। ১৪শ শতিকাত এই তিনিখন দেশৰ মাজৰ পৰিৱৰ্তনশীল সীমা দুৰ্গটোৰ ভূখণ্ডৰ মাজেৰে পাৰ হোৱাৰ ফলত অ’লেস্কো দুৰ্গটো এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক স্থানত পৰিণত হৈছিল। দুৰ্গটোৰ অধিকাৰ লাভৰ বাবে সঘনাই যুদ্ধ সংঘটিত হৈছিল। দুৰ্গটোৰ ভূগৰ্ভস্থ অংশত থকা এটা গভীৰ খাদ অৱৰোধৰ সময়ত ভিতৰত আৱদ্ধ বাসিন্দাসকলৰ পলায়নৰ পথ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

অধিবাসী

১৫শ শতিকাত দুৰ্গটো প্ৰতিৰক্ষাৰ স্থান হিচাপে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কেৱল অভিজাত শ্ৰেণীৰ লোকসকলৰ অৱসৰ-বিনোদনৰ স্থানলৈ ৰূপান্তৰিত কৰা হৈছিল।

১৬০৫ চনত এই দুৰ্গটো অভিজাত ব্যক্তি জান ডানিলোভিচে ক্ৰয় কৰে। তেওঁ আছিল ধনী স্থানীয় ভূস্বামী আৰু ৰুথেনিয়ান ভয়েভডশ্বিপৰ ভয়েভড। পিছত দুৰ্গটো কোনিয়েপলস্কি পৰিয়ালৰ হাতলৈ যায়। নতুন মালিকসকলৰ মূল বাসস্থান ঝোভকভাত আছিল আৰু তেওঁলোকে দুৰ্গটোৰ প্ৰতি বিশেষ যত্ন লোৱা নাছিল। অৱশেষত ১৬৮২ চনত তৃতীয় জান ছোবিয়েস্কিয়ে ষ্টানিস্লাভ কোনিয়েপলস্কিৰ পৰা ৪,০০,০০০ জ্লোটিৰ বিনিময়ত সমগ্ৰ দুৰ্গ-চৌহদটো ক্ৰয় কৰি ইয়াৰ সংস্কাৰ কৰে। ১৮শ শতিকাৰ আৰম্ভণিতে ৰ্জেভুস্কি পৰিয়ালে অ'লেস্কো ক্ৰয় কৰে। দুৰ্গটোত সংৰক্ষিত প্ৰাচীন সামগ্ৰীৰ সংগ্ৰহ তেওঁলোকৰ মালিকানাধীন আন এটা দুৰ্গ, পিডহিৰ্টছি দুৰ্গলৈ স্থানান্তৰ কৰা হয়। ২

এই দুৰ্গটো সম্ভৱতঃ সৰ্বাধিক বিখ্যাত পোলেণ্ডৰ ৰজা তৃতীয় জান ছোবিয়েস্কিৰ জন্মস্থান হিচাপে। ৩ তেওঁ ভিয়েনাৰ যুদ্ধৰ বীৰ হিচাপে পৰিচিত। তেওঁ প্ৰায়ে এই দুৰ্গত বাস কৰিছিল আৰু বৰ্তমানৰ সংগ্ৰহালয়ত প্ৰদৰ্শিত বহুতো শিল্পকৰ্ম সংগ্ৰহ কৰিছিল। আন এগৰাকী পোলেণ্ডৰ ৰজা মিখাল কোৰিবুট ভিশ্নিয়োভিয়েস্কিও এই দুৰ্গতেই জন্মগ্ৰহণ কৰিছিল। ৪এইটোও কোৱা হয় যে ইউক্ৰেইনৰ কোছাকসকলৰ অন্যতম প্ৰধান নেতা বোহদান খমেলনিত্স্কিয়ে তেওঁৰ শৈশৱৰ কিছু বছৰ ইয়াত কটাইছিল।

অলেস্কো দুৰ্গৰ অভ্যন্তৰীণ চোতাল।
অলেস্কো দুৰ্গৰ অভ্যন্তৰীণ চোতাল।ছবি: Участник:Russianname · CC BY-SA 2.5

পুনৰুদ্ধাৰ

১৬শ শতিকাৰ শেষভাগৰপৰা ১৭শ শতিকাৰ আৰম্ভণিলৈকে দুৰ্গটো পুনৰুদ্ধাৰ কৰা হৈছিল। দুৰ্গটোৰ বিভিন্ন কোঠা সজাবলৈ চিত্ৰ আৰু মোজাইক অনা হৈছিল। সেই সময়ত জনপ্ৰিয় হৈ থকা ইটালীয় ৰেনেছাঁ শৈলীত দুৰ্গটোৰ পুনৰ্নিৰ্মাণ কৰা হৈছিল। ১৮৩৮ চনত হোৱা এটা ভূমিকম্পত দুৰ্গটো কঁপি উঠিছিল আৰু ইয়াৰ কিছু অংশ আংশিকভাৱে ধ্বংস হৈছিল। ১৮৮২ চনত পোলেণ্ডৰ ৰাষ্ট্ৰীয় স্মৃতিসৌধ হিচাপে গণ্য কৰা দুৰ্গটো অ'লেস্কো দুৰ্গ সংৰক্ষণ সমিতিয়ে ক্ৰয় কৰে। ইয়াৰ ফলত ১৮৯২ চনত পুনৰুদ্ধাৰৰ কাম আৰম্ভ হয়। প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধ দুয়োটাই দুৰ্গটোৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছিল আৰু পূৰ্বে কৰা পুনৰুদ্ধাৰৰ কামৰ কিছু অংশ নষ্ট হৈছিল। ১৯৫৬ চনত দুৰ্গটোত বজ্ৰপাতো হৈছিল।

১৯৬১ চনত পুনৰ দুৰ্গটোৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰা হয় আৰু এই কাম ১৯৮৫ চনলৈকে চলি থাকে। বৰ্তমান এইটো এটা সংগ্ৰহালয়, য'ত ১৬শ–১৭শ শতিকাৰ প্ৰাচীন আচ-বাব আৰু শিল্পকলাৰ সংগ্ৰহ প্ৰদৰ্শিত কৰা হয়। ইয়াত ভাস্কৰ্য, চিত্ৰকলা, স্থিৰচিত্ৰ, প্ৰয়োগিক শিল্প, টেপেষ্ট্ৰী, সেই সময়ৰ অস্ত্ৰ-শস্ত্ৰ আৰু তেতিয়াৰ দৈনন্দিন জীৱনত ব্যৱহৃত বিভিন্ন সামগ্ৰীও প্ৰদৰ্শিত হয়। পোলেণ্ডৰ সীমাৰ বাহিৰত থকা পোলেণ্ডীয় শিল্পকলাৰ অন্যতম সমৃদ্ধ ভাণ্ডাৰ হিচাপে ইয়াৰ সংগ্ৰহক গণ্য কৰা হয়।

দুৰ্গটো ‘গ'ল্ডেন হৰ্ছশ্বু‘ ৰ এটা অংশ। আৰু এয়া হৈছে ওচৰা-উচৰিকৈ অৱস্থিত তিনিটা দুৰ্গৰ এক সমষ্টি। অ'লেস্কো দুৰ্গ, পিডহিৰ্টছি দুৰ্গ আৰু জ'ল'চিভ দুৰ্গ।

ডাকটিকট আৰু মুদ্ৰা সংগ্ৰহত

২০১৭ চনৰ ৯ জুনত ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় ডাক সেৱা উক্ৰপোষ্টে ৫.৮০ হ্ৰিভনিয়া মুখমূল্যৰ “১৩শ–১৮শ শতিকাৰ ওলেস্কি দুৰ্গ” শীৰ্ষক এটা ডাকটিকট প্ৰচলন কৰে। ইউৰোপীয় ডাক আৰু দূৰসংযোগ সেৱাৰ সহযোগিতা কাৰ্যসূচীৰ অধীনত প্ৰকাশিত এই ডাকটিকটটোৱে ইউৰোপীয় ডাক সেৱা পৰিচালকসকলৰ সংস্থা পোষ্টইউৰোপে আয়োজন কৰা বাৰ্ষিক ডাকটিকট মূল্যায়নত ইউক্ৰেইনক প্ৰতিনিধিত্ব কৰিছিল।

২০২১ চনৰ ১৭ আগষ্টত ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় বেংকে ১০ হ্ৰিভনিয়া মূল্যৰ “ওলেস্কি দুৰ্গ” নামৰ এটা ৰূপৰ স্মাৰক মুদ্ৰা প্ৰচলন কৰে। এই মুদ্ৰাটো “ইউক্ৰেইনৰ স্থাপত্যিক স্মৃতিসৌধ” শীৰ্ষক শৃংখলাৰ অন্তৰ্গত।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Музей-заповідник «Олеський замок» · Львівська національна галерея мистецтв імені Бориса Возницького. lvivgallery.org.ua
  2. ↑ (2017-11-23). Ukrainian Carpathians - a trip back to the Middle Ages — My Ukraine
  3. ↑ Bain, Robert Nisbet. পৃ. 442–443
  4. ↑ (2017-12-12). Moje Kresy. Olesko, królewskie gniazdo. plus.nto.pl

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ দুৰ্গ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ'লেস্কো দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬২৯৫৬৬ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।