অষ্ট্ৰ'হ দুৰ্গ ( Ostroh Castle) পশ্চিম ইউক্ৰেইনৰ ৰিভনে অঞ্চলৰ অষ্ট্ৰ'হ চহৰত অৱস্থিত এটা দুৰ্গ। ১৪শ, ১৫শ আৰু ১৬শ শতিকাত এই দুৰ্গটো শক্তিশালী অষ্ট্ৰ'হৰ ৰাজবংশৰ মুখ্য দুৰ্গ আছিল। বৰ্তমান এইটো ধ্বংসাৱশেষত পৰিণত হৈছে।
অৱস্থান
অষ্ট্ৰ'হ দুৰ্গ পশ্চিম ইউক্ৰেইনৰ ৰিভনে অঞ্চলত অৱস্থিত অষ্ট্ৰ'হ চহৰৰ এটা দুৰ্গ।
দুৰ্গ চৌহদটো চাৰিটা মুখ্য গঠনেৰে গঠিত। প্ৰথমে প্ৰহৰী মিনাৰ য'ত অষ্ট্ৰ'হ স্থানীয় ইতিহাস সংগ্ৰহালয় অৱস্থিত,১ বোহোয়াভলেন্সকা গীৰ্জা, নতুন মিনাৰ আৰু ১৯০৫ চনত নিৰ্মাণ কৰা ঘণ্টা মিনাৰ। দুৰ্গটো তুলনামূলকভাৱে সৰু আৰু ওখ অণ্ডাকাৰ মুকলি ঠাইত অৱস্থিত। অঞ্চলটোৰ প্ৰাকৃতিক ভূগোলে দুৰ্গ চৌহদটোক অধিক সুৰক্ষিত কৰি তুলিছিল। দুৰ্গৰ দক্ষিণ আৰু পূব দিশ ২০ মিটাৰ ওখ এটা শিলাময় থিয় গৰাৰ ওপৰত নিৰ্মিত, আৰু উত্তৰ আৰু পশ্চিম দিশত পূৰ্বৰ বৃহৎ গিৰিখাতৰ ঠাইত নিৰ্মাণ কৰা কেইবাটাও খাদে চহৰখনক দুৰ্গৰপৰা পৃথক কৰিছে।
ইতিহাস
১২৪১ চনৰ মংগোল আক্ৰমণৰ পূৰ্বেই এই অঞ্চলত প্ৰথম কাঠৰ দুৰ্গ নিৰ্মাণ কৰা হৈছিল। সেই আক্ৰমণৰ সময়ত সেইবোৰ ধ্বংস হয়।
১৪শ, ১৫শ আৰু ১৬শ শতিকাত এই দুৰ্গটো শক্তিশালী অষ্ট্ৰ'হৰ ৰাজবংশৰ মুখ্য দুৰ্গ আছিল।১৩৮৬ চনৰপৰা অষ্ট্ৰ'হ চহৰখন অষ্ট্ৰ'হস্কি পৰিয়ালৰ অধীনত আছিল আৰু তেওঁলোকে এই দুৰ্গটো নিৰ্মাণ কৰিছিল। অষ্ট্ৰ'হস্কিসকলৰ অধীনত চহৰখনৰ গুৰুত্ব বৃদ্ধি পাইছিল।২
পিছলৈ অষ্ট্ৰ'হস্কি পৰিয়ালৰ প্ৰতিষ্ঠাপক দানিলো অষ্ট্ৰ'ঝস্কিয়ে চহৰখনৰ ছুডোভি পাহাৰত এই ধ্বংসাৱশেষ পুনৰ নিৰ্মাণ কৰে। তাৰ পিছৰপৰা দুৰ্গ চৌহদটোত আৰু বহু সংযোজন আৰু পুনৰ্নিৰ্মাণ কৰা হৈছে, যদিও চৌহদটোৱে ইয়াৰ মধ্যযুগীয় স্থাপত্যৰ বৈশিষ্ট্য ধৰি ৰাখিছে।
২০শ শতিকাৰ আৰম্ভণিতে অষ্ট্ৰ'হৰ পুৰোহিত মিখাইলো টুচেমস্কিৰ উদ্যোগত দুৰ্গটো পুনৰুদ্ধাৰ কৰা হয়। তেওঁ ৰাছিয়ান জনসাধাৰণৰ সংঘৰ স্থানীয় শাখাৰ নেতা আছিল। সেই সময়ত স্থানটোত এটা ঐতিহাসিক সংগ্ৰহালয় মুকলি কৰা হয় আৰু ১৯০৯-১৯১৬ চনত টুচেমস্কিৰ নেতৃত্বত অষ্ট্ৰ'হৰ ৰাজকুমাৰসকলৰ নামেৰে এটা পূব অৰ্থডক্স ভ্ৰাতৃসংঘ সক্ৰিয় আছিল।৩
দুয়োটা মিনাৰ ১৫শ শতিকাৰ দ্বিতীয়াৰ্ধ আৰু ১৬শ শতিকাৰ আৰম্ভণিতে বেলেপাথৰেৰে নিৰ্মাণ কৰা হৈছিল। এইবোৰ তিনিটা মহলাযুক্ত গঠন আৰু ইয়াৰ পৰিকল্পনাত অণ্ডাকাৰ আৰু আয়তক্ষেত্ৰৰ সংমিশ্ৰণ দেখা যায়। ১৯৮৫ চনৰপৰা লুটস্ক মিনাৰত এখন গ্ৰন্থ সংগ্ৰহালয় স্থাপন কৰা হৈছে। তাতাৰ মিনাৰটো তুলনামূলকভাৱে বেয়াকৈ সংৰক্ষিত। ইয়াৰ অণ্ডাকাৰ অংশৰ এটা বৃহৎ অংশ নষ্ট হৈছে।
উত্তৰাধিকাৰ
দুৰ্গটো বৰ্তমান ধ্বংসাৱশেষ। দুৰ্গৰ ঠিক কাষতে এটা সৰু উদ্যান আছে আৰু এটা সৰু খাদে ইয়াক দুৰ্গৰপৰা পৃথক কৰিছে। ১৯৭৮ চনত উদ্যানখনত অষ্ট্ৰ'হ একাডেমী প্ৰতিষ্ঠাৰ ৪০০ বছৰ পূৰ্তি উপলক্ষ্যে এটা স্মাৰক স্থাপন কৰা হয়। একেটা স্থানতে পূৰ্বতে এটা ভৱন আছিল, য'ত ইভান ফ্যোদৰভে "আজবুকা" (বৰ্ণমালা) আৰু অষ্ট্ৰ'হ বাইবেল মুদ্ৰণ কৰিছিল।
২০০৭ চনত ইউক্ৰেইনৰ সাতটা আশ্চৰ্য বিচাৰি উলিওৱাৰ প্ৰতিযোগিতাৰ অংশ হিচাপে দুৰ্গটোক "আধ্যাত্মিক ইউক্ৰেইনৰ উল্লেখযোগ্য স্থান" হিচাপে সন্মানিত কৰা হয়।৪
অধিক পঠন
- Atamanenko, V. (2004). Опис Острозької волості 1654 року. Ukrainian Archeographic Yearbook. পৃ. 504 – 528
- Castlecomplex of Ostroh. ইউক্ৰেইনৰ সাতটা আশ্চৰ্য
- Ostroh Castle. কিয়েভৰ ৰাষ্ট্ৰীয় তাৰাছ শ্বেভচেংকো বিশ্ববিদ্যালয়
বাহ্যিক সংযোগ
- [অষ্ট্ৰ'হ ইউক্ৰেইনৰ দুৰ্গ আৰু গীৰ্জাসমূহৰ ৱেবছাইটৰপৰা (স্ব-প্ৰকাশিত)
- ইউক্ৰেইনৰ ইতিহাসৰ বিশ্বকোষৰ প্ৰবন্ধ
তথ্যসূত্ৰ
- ↑ Краєзнавчий музей. Острозький замок
- ↑ Ostroh. Internet Encyclopaedia of Ukraine. Canadian Institute of Ukrainian Studies
- ↑ Klymentii I. Fedevych; Klymentii K. Fedevych. (2017). For Faith, Tsar and Kobzar: Little Russian Monarchists and the Ukrainian National Movement. Krytyka. পৃ. 165. ISBN 9789662789058
- ↑ (22 August 2007). Сім чудес України визначено!
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অষ্ট্ৰ'হ দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৩৩ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।