অতিপ্ৰাকৃত
৯ প্ৰবন্ধ
-
অতিপ্ৰাকৃতিক
অতিপ্ৰাকৃতিক (Supernatural) বুলিলে প্ৰকৃতিৰ নিয়মৰ ঊৰ্ধত থকা পৰিঘটনা বা সত্তাক বুজোৱা হয়।প্ৰাচীন জগতত ইয়াৰ কোনো অস্তিত্ব নাছিল। লোককথা আৰু ধৰ্মীয় প্ৰসংগত অতিপ্ৰাকৃতিকতাক বৈশিষ্ট্যযুক্ত কৰা হয়। কিন্তু অধিক ধৰ্মনিৰপেক্ষ প্ৰসংগতো ইয়াক বৈশিষ্ট্যযুক্ত হিচাপে ব্যাখ্যা কৰিব পাৰি।
-
তাবিজ
তাবিজ(amulet), হৈছে এক সৌভাগ্য আকৰ্ষক সামগ্ৰী। এই তাবিজে ইয়াৰ অধিকাৰীক সুৰক্ষা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। তাবিজৰ বাবে সাধাৰণতে যিকোনো ব্যৱহৃত সামগ্ৰীবোৰৰ ভিতৰত আছে ৰত্ন, মূৰ্তি, মুদ্ৰা, চিত্ৰ, উদ্ভিদৰ অংশ, জন্তুৰ অংশ, আৰু লিখিত শব্দ আদি।
-
অশুভ দৃষ্টি
অশুভ দৃষ্টি (नज़र; evil eye) হৈছে এক অতিপ্ৰাকৃতবিশ্বাস। অশুভ দৃষ্টিৰ দ্বাৰা কোনো ব্যক্তিৰ জীৱনলৈ অমংগল কঢ়িয়াই অনা হয় বুলি বিশ্বাস কৰা হয়। সাধাৰণতে এজন ব্যক্তিৰ অজ্ঞাতে এই দৃষ্টি নিক্ষেপ কৰা হয়। প্ৰাচীন গ্ৰীক ধ্ৰুপদী কালৰ পৰা এই ধাৰণাটোৰ আৰম্ভ হৈছে বুলি জনা যায়।
-
আলমেড চাটেল
আলমেড চাটেল (ইংৰাজী: Almede Chattelle) আছিল এজন যাযাবৰী ব্যক্তি যাক ১৮৯৪ চনত ওণ্টাৰিঅ'ৰ লিষ্টৱেলত ১৩বছৰীয়া জেচি কিথৰ হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।
-
উইজাৰ্ড ক্লিপ
উইজাৰ্ড ক্লিপৰ কিংবদন্তি (ইংৰাজী: Wizard Clip) হ’ল ১৮২০-ৰ দশকত ৱেষ্ট ভাৰ্জিনিয়াৰ মিডলৱেত সংঘটিত হোৱা বুলি কোৱা এটা জনপ্ৰিয় ভূতৰ গল্প। উইজাৰ্ড ক্লিপৰ কাহিনীটো সেই অঞ্চলৰ মৌখিক ইতিহাসৰ এটা অংশ। কেথলিক ৰিভিউৰ মুখ্য সম্পাদক তথা কাৰ্ডিনেল গিবনছৰ সচিব ৰেভাৰেণ্ড এলফ্ৰেড ই.
-
উডচাইড ষ্ট'ৰ
উডচাইড ষ্ট'ৰ বা ট্ৰিপ ষ্ট'ৰ কেলিফৰ্ণিয়াৰ ছান মেটিঅ' কাউণ্টিৰ উডচাইডৰ কিংছ মাউণ্টেইন ৰোডৰ ৩৩০০ ট্ৰিপ ৰোডত অৱস্থিত। এই ভৱনটো ১৯৮৫ চনৰ পৰা ঐতিহাসিক স্থানৰ ৰাষ্ট্ৰীয় পঞ্জীত অন্তৰ্ভুক্ত হৈ আছে আৰু ১৯৪৯ চনৰ পৰা ছান মেটিঅ' কাউণ্টিৰ এক কেলিফৰ্ণিয়া ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে তালিকাভুক্ত হৈছে।
-
ডিব্বুক বক্স
ডিব্বুক বক্স (ইংৰাজী: Dybbuk box; হিব্ৰু: קופסת דיבוק) হ’ল এটা পুৰণি সুৰা ৰখা কেবিনেট যাক এটা ডিব্বুক (ইহুদীবাদৰ এক পৌৰাণিক ধাৰণা) দ্বাৰা ভীতিগ্ৰস্ত বা অলৌকিক শক্তি থকা বুলি দাবী কৰা হয়। এই বক্সটোৱে তেতিয়া চৰ্চা লাভ কৰিছিল যেতিয়া ইয়াৰ গৰাকী কেভিন মেনিছে ইয়াক ই-বে’ত নিলামৰ বাবে দিছিল।
-
ড্ৰামাৰ অফ কৰ্টাচি
ড্ৰামাৰ অফ কৰ্টাচি (ইংৰাজী: Drummer of Cortachy) হ’ল কৰ্টাচি দুৰ্গত বাস কৰা বুলি বিশ্বাস কৰা এটা প্ৰেতাত্মাৰ নাম। এই কাহিনীটোৰ বহুতো ব্যাখ্যা আছে, কিন্তু বিভিন্নজনৰ মতে ই ওগিলভি পৰিয়ালৰ সদস্য, আৰ্লিৰ আৰ্ল বা কৰ্টাচি দুৰ্গৰ গৰাকীৰ মৃত্যুৰ আগজাননী দিয়ে।
-
ৱমেন ইন ব্লেক (অতিপ্ৰাকৃতিক)
ৱমেন ইন ব্লেক (ইংৰাজী: Woman in Black) হ’ল এপ্লাচিয়ান লোককথাৰ এক অলৌকিক চৰিত্ৰ যিয়ে ১৯০০ চনৰ আৰম্ভণিৰপৰা মাজভাগলৈকে দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত দেখা দিছিল।