অবনীতা বীৰ (Avnita Bir) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু অৰ্থনীতিবিদ। মহাৰাষ্ট্ৰৰ মুম্বাইৰ আৰ এন পোদাৰ স্কুল১ৰ অধ্যক্ষ। ১৫ বছৰতকৈও অধিক সময় ভাৰতীয় শিক্ষা ব্যৱস্থাত কাম কৰি আহিছে, আৰু ভাৰতীয় শিক্ষাৰ ৰূপান্তৰৰ ওপৰত ধাৰণা বিনিময়ৰ লক্ষ্যৰে দিল্লীত অনুষ্ঠিত হোৱা এখন সন্মিলন লাৰ্ণ শ্বিফ্ট ইণ্ডিয়া ২০১২ৰ কিউৰেটৰ আছিল। জীৱনৰ প্ৰথম বছৰবোৰত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ল'ৰা-ছোৱালীক (ৰাহুল গান্ধী আৰু প্ৰিয়ংকা ভাদ্ৰা) অৰ্থনীতিৰ বিশেষ পাঠ দিবলৈ নিযুক্তি দিয়া হয়।
শিক্ষা
১৯৫৭ চনৰ ৩১ অক্টোবৰত ভাৰতৰ পঞ্জাৱৰ অমৃতসৰত পাঞ্জাবী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অবনীতা সিং পৰমাৰৰ।২৩ দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম কলেজ ফৰ উইমেন৪ ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত অৰ্থনীতিৰ স্নাতকোত্তৰ শিক্ষা লাভ কৰিবলৈ দিল্লী অৰ্থনীতি বিদ্যালয়লৈ যায়। অৰ্থনীতিৰ অধ্যাপক পদৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ (ভাৰত) (NET) পৰীক্ষাতো উত্তীৰ্ণ হয়।৪ তেখেতে হাৰ্ভাৰ্ড গ্ৰেজুৱেট স্কুল অৱ ইকনমিক্স আৰু আই আই এম আহমেদাবাদকে ধৰি বিভিন্ন ঠাইত পাঠদান আৰু শিক্ষণৰ সৈতে জড়িত বহুতো সন্মিলন আৰু কৰ্মশালাতো অংশগ্ৰহণ কৰিছিল।৪
কৰ্মজীৱন
বীৰে অধ্যক্ষ হিচাপে যোগদান কৰাৰ পূৰ্বে ভাৰতৰ শিক্ষানুষ্ঠানসমূহৰ সৈতে মাল্যা অদিতি আন্তৰ্জাতিক বিদ্যালয়,১৫ হায়দৰাবাদ পাব্লিক স্কুল৬ আৰু আন কেইবাখনো প্ৰতিষ্ঠানৰ সৈতে বিভাগটোৰ মুৰব্বী আৰু সমন্বয়ক হিচাপে কাম কৰিছিল।
স্বীকৃতি
বীৰে ভাৰতীয় শিক্ষাৰ মানদণ্ড ফাউণ্ডেচনৰ পৰা শিক্ষাত উৎকৃষ্টতাৰ বাবে ইকিউএফআই ইণ্ডিয়া এডুকেচন এৱাৰ্ড ২০০৮ আৰু আইচিএছৰ দ্বাৰা ২০১১ চনত শৈক্ষিক নেতৃত্ব বঁটাকে ধৰি বঁটা লাভ কৰিছে। কপিল ছিবালৰ শিক্ষা সংস্কাৰ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ছানীয়ে পিছলৈ চিবিএছই ইণ্ডিয়াৰ শাসকীয় সংস্থাৰ সদস্য হিচাপে নিযুক্তি লাভ কৰিছিল। তেখেতক বাতৰি কাকত,৭ আলোচনী১৮আৰু এনডিটিভি৯১০ৰ দৰে বাতৰি চেনেলৰ দ্বাৰা পৰিচালিত বুলেটিনত প্ৰকাশ পাইছিল যিয়ে শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে জড়িত অন্যান্য বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ আগবঢ়োৱা প্ৰেৰণাদায়ক মেণ্টৰশ্বিপৰ বাবে তেওঁক কন বুন হুৱে স্কোলাৰ্ছ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে (২০১৩)।১১ ইয়াৰ উপৰিও তেওঁ মাইক্ৰ'ছফটে স্পেইনৰ বাৰ্চিলোনাত অনুষ্ঠিত হোৱা তেওঁলোকৰ মেণ্টৰ স্কুল কাৰ্যসূচীৰ বাবে নিৰ্বাচিত কৰা ৮০জন শিক্ষাবিদৰ ভিতৰত অন্যতম।১২ FICCI FLO এ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ২০১৪ চনত তেওঁক আউটষ্টেণ্ডিং উইমেন এচিভাৰ বঁটা প্ৰদান কৰে।১৩ ২০১৪ চনৰ নৱেম্বৰ মাহত কেলিফৰ্ণিয়াৰ মাউণ্টেন ভিউত আয়োজিত গুগল এডুকেচন চিম্পোজিয়ামত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ এগৰাকী উপস্থাপক আৰু সহ-পেনেলিষ্ট আছিল।১৪
তথ্যসূত্ৰ
- ↑ Avnita Bir: Visionary Principal
- ↑ Ancestry.com: Bir Family History. ancestry.com
- ↑ Oxford Reference, Dictionary of American Family Names: Bir(185). oxfordreference.com
- ↑ India's Learning Agenda | Who is defining this?. archive.constantcontact.com
- ↑ School Profile – Mallya Aditi International School. Mallya Aditi International School
- ↑ (2019-01-28). BEGUMPET. HYDERABAD PUBLIC SCHOOL
- ↑ Pednekar, Puja. (21 August 2012). Mumbai students to study math, English on playground. DNA India
- ↑ Mentor Magazine Cover story: Swallowing Discomfort, Spilling Out Guts. mentormagazine.net
- ↑ NDTV video | Anti-rape laws: Age of consent to be lowered. ndtv.com
- ↑ NDTV video | Education: Mini-revolution?. ndtv.com
- ↑ NTU Convocation: Koh Boon Hwee Scholars Award
- ↑ Microsoft Educator Network | Global Forum 2014: Meet the Microsoft Mentor Schools | India
- ↑ Women achievers talk of Grit, Empowerment, Passion and Commitment | Jaipur Patrika. jaipur.patrika.com
- ↑ Gafe Summit | All Presenters: Avnita Bir. gafesummit.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অবনীতা বীৰ” প্ৰবন্ধৰ সংশোধন ৫৪৬০৩১ (২৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।