অন্নু ৰাণী ( Annu Rani Dharayan; জন্ম ২৮ আগষ্ট ১৯৯২) এগৰাকী ভাৰতীয় জেভেলিন নিক্ষেপকাৰী। ২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপত জেভেলিন নিক্ষেপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।১ ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ পদক, ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা জেভেলিন নিক্ষেপকাৰী হিচাপে ইতিহাস ৰচনা কৰে।২ ৰাণী এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা জেভেলিন নিক্ষেপকাৰী।৩
ব্যক্তিগত জীৱন আৰু পটভূমি
১৯৯২ চনৰ ২৮ আগষ্টত বাহাদুৰপুৰ গাঁও,৪ মীৰুটত জাট পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অনু ৰাণী ধৰিয়ানে। তেওঁৰ পিতৃ অমৰপাল এজন খেতিয়ক আছিল।৪ তেওঁ তেওঁলোকক খালী পথাৰ এখনৰ ওপৰেৰে চুপাৰিৰ লাঠি পেলাবলৈ কোৱাৰ দ্বাৰা প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিল।৫ অন্নুৰ প্ৰথম জেভেলিন লাঠিডাল আছিল যিটো তাই নিজেই দীঘল বাঁহৰ টুকুৰা এটাৰ পৰা তৈয়াৰ কৰিছিল, কাৰণ তাইৰ এটা কিনিব পৰা নাছিল। ২০১০ চনত প্ৰথমবাৰৰ বাবে ১৮ বছৰ বয়সত জেভেলিন নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। পিছলৈ তেওঁৰ দেউতাকে ছোৱালীয়ে খেলা-ধূলা কৰাৰ বিৰোধী হোৱাৰ পিছতো তাইৰ প্ৰশিক্ষণৰ খৰচো ভায়েকে বহন কৰিবলৈ আৰম্ভ কৰে। ২০১৪ চনত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি নিজকে প্ৰমাণ কৰাৰ পিছত অৱশেষত পিতৃয়ে অন্নুৰ প্ৰতিভাক চিনি পায় আৰু এতিয়া তেওঁৰ উচ্চাকাংক্ষাক সমৰ্থন কৰে।৬৭
পেছাদাৰী কৃতিত্ব
অন্নুৰাণীক প্ৰথমে কাশীনাথ নাইকে প্ৰশিক্ষক হিচাপে লৈছিল আৰু এতিয়া তেওঁৰ প্ৰশিক্ষক বলজীত সিঙে।৮
২০১৪ চনত লক্ষ্ণৌত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত ৰাণীয়ে ৫৮.৮৩ মিটাৰ থ্ৰ’ৰে স্বৰ্ণ পদক লাভ কৰি ১৪ বছৰীয়া ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ২০১৪ চনৰ কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰে য’ত তেওঁ অষ্টম স্থান দখল কৰে। বছৰৰ শেষৰ ফালে দক্ষিণ কোৰিয়াৰ ইঞ্চিয়নত অনুষ্ঠিত এছিয়ান গেমছত ৫৯.৫৩ মিটাৰ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰে। দুবছৰৰ পিছত তেওঁ ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত ৬০.০১ মিটাৰ নিক্ষেপ কৰি পুনৰ নিজৰ অভিলেখ ভংগ কৰে।৯ ২০১৯ চনৰ মাৰ্চ মাহত পঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ৬২.৩৪ মিটাৰ নিক্ষেপ কৰি পুনৰ নিজৰ অভিলেখ ভংগ কৰে।১০
২০১৯ চনৰ ২১ এপ্ৰিলত কাটাৰত অনুষ্ঠিত হোৱা ২৩ সংখ্যক এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ৰাণীয়ে ৰূপৰ পদক লাভ কৰি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা জেভেলিন নিক্ষেপকাৰী হিচাপে পৰিগণিত হয়।১১ চেক গণৰাজ্যৰ অষ্ট্ৰাভাত অনুষ্ঠিত হোৱা আই এ এ এফ ৱৰ্ল্ড চেলেঞ্জ ইভেণ্ট গোল্ডেন স্পাইক অষ্ট্ৰাভাত ব্ৰঞ্জৰ পদক লাভ কৰে।১২
২০২০ চনত এথলেটিকছৰ স্প'ৰ্টষ্টাৰ এছেছ স্প'ৰ্টছউমেন অৱ দ্য ইয়েৰ বঁটা লাভ কৰে।১১ ৫৯ সংখ্যক ৰাষ্ট্ৰীয় মুকলি এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ জেভেলিন নিক্ষেপ প্ৰতিযোগিতাত তেওঁ সোণৰ পদক লাভ কৰে।১৩
তথ্যসূত্ৰ
- ↑ (September 30, 2019). Annu Rani qualifies for javelin throw finals with national record effort. India Today
- ↑ (2022-08-07). CWG 2022: Annu Rani wins bronze, becomes first Indian female javelin thrower to win medal.. দ্য হিন্দু
- ↑ (July 1, 2021). Tokyo 2020: India's women Javelin thrower Annu Rani secures Olympics quota through world rankings. India Today
- ↑ (2023-10-09). Asian Games ‘Golden Queen’ Annu Rani’s Javelin Was Aimed at ‘Freedom for Women’ in Her UP Village. News18
- ↑ (2022-08-07). After throwing sugarcanes, bamboo sticks, Annu Rani now hurls javelin for CWG bronze. The Indian Express
- ↑ Annu Rani's Quest For Gold – Impact Guru. impactguru.com
- ↑ Nikhil. (27 June 2017). Annu Rani – The Torchbearer for Indian Women in Athletics Javelin Throw. Voice of Indian Sports
- ↑ Srivastava, Shantanu. (13 May 2020). Annu Rani confident of breaching Olympic qualification mark, calls for resumption of outdoor training. Firstpost
- ↑ (27 June 2017). Annu Rani – The Torchbearer for Indian Women in Athletics Javelin Throw. Voice of Indian Sports – KreedOn
- ↑ Fed Cup athletics: Annu Rani rewrites her own Javelin Throw national record, qualifies for Worlds. Scroll.in. Press Trust of India
- ↑ Rayan, Stan. Annu Rani wins Sportstar Aces 2020 Sportswoman of the Year in athletics. The Hindu
- ↑ Javelin: Bronze for Annu Rani at IAAF event. Sportstar
- ↑ (October 10, 2019). National Open Athletics Championship: Annu Rani wins gold, Neeraj Chopra pulls out. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্নু ৰাণী” প্ৰবন্ধৰ সংশোধন ৪৮০০১৬ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।