অনুতাই ৱাঘ (১৭ মাৰ্চ ১৯১০ – ১৯৯২)১ ভাৰতৰ প্ৰাক-বিদ্যালয় শিক্ষাৰ অন্যতম পথ প্ৰদৰ্শক আছিল। তেওঁ তাৰবাই মোডাকৰ পেছাদাৰী সহকৰ্মী আছিল২। মোডাকৰ সৈতে তেওঁ এনে এটা কাৰ্যসূচীৰ পথ প্ৰদৰ্শক আছিল, যাৰ পাঠ্যক্ৰম থলুৱা আছিল, কম খৰচী পাঠদান সামগ্ৰী ব্যৱহাৰ কৰিছিল আৰু অংশগ্ৰহণকাৰীসকলৰ সামগ্ৰিক বিকাশৰ লক্ষ্য আছিল।৩ এ ডি এন বাজপেয়ীয়ে তেওঁক "উচ্চ সমাজ সংস্কাৰক" বুলি বৰ্ণনা কৰিছে।৪ ১৯৮৫ চনত জামনালাল বাজাজ বঁটা লাভ কৰিছিল৫বুলি এটা অনুতাই ৱাঘৰ তথ্য-আত্মজীৱনী-ফ্ৰম দা হিল অফ কচবাদ(From the hill of Kosbad)ৰ পৰা জনা যায়।
তথ্যসূত্ৰ
- ↑ Biography of Anutai Wagh
- ↑ Jayant Patil. (1996). Agricultural and Rural Reconstruction: A Sustainable Approach. Concept Publishing Company. পৃ. 163. ISBN 978-81-7022-589-8
- ↑ Jyotsna Pattnaik. (2004). Childhood in South Asia: A Critical Look at Issues, Policies, And Programs. IAP. পৃ. 104. ISBN 978-1-59311-020-8
- ↑ A. D. N. Bajpai. (1995). Emerging Trends in Indian Economy: Papers in Honour of Prof. Daya Shankar Nag. Atlantic Publishers & Dist. পৃ. 490. ISBN 978-81-7156-520-7
- ↑ (2015). Jamnalal Bajaj Award. Jamnalal Bajaj Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুতাই ৱাঘ” প্ৰবন্ধৰ সংশোধন ৬২৬৩৩১ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।