ছোমালিয়াৰ ব্যক্তি
১২ প্ৰবন্ধ
-
অনিছা হাজিমুমিন
অনিছা আব্দুলকাদিৰ হাজিমুমিন ( Anisa Abdulkadir Hajimumin; জন্ম: ২০ নৱেম্বৰ, ১৯৭৮) এগৰাকী ছোমালি আমেৰিকান ৰাজনীতিবিদ, সমাজ কৰ্মী আৰু লেখিকা। তেওঁ পুণ্টলেণ্ডৰ মহিলা আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী আছিল।
-
অ’দান আহমেদ
অ’দান আহমেদ এগৰাকী ছোমালি ৰাজনৈতিক কৰ্মী। তেওঁ ছোমালি মহিলা সংসদীয় সংস্থা ছোমালিয়াৰ ট্ৰেঞ্জিচনেল ফেডাৰেল সংসদ গঠন কৰাত সহায় কৰিছিল, যাৰ পিছত ছোমালিয়াৰ ফেডাৰেল সংসদ গঠন হৈছিল। নেচনেল ডেম’ক্ৰেটিক ইনষ্টিটিউটৰ জ্যেষ্ঠ কাৰ্যসূচী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
আদাৰ ইছমাইল জুৰাটি
আদাৰ ইছমাইল জুৰাটি এগৰাকী ছোমালি ৰাজনীতিবিদ, যি জুবালেণ্ডৰ মহিলা আছিল আৰু পৰিয়াল পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আছিল। তেওঁ লিংগভিত্তিক হিংসা আৰু বাল্য বিবাহ নিৰ্মূলৰ ওপৰত গুৰুত্ব আৰোপ কৰা বাৰ্ষিক ১৬ দিনীয়া সক্ৰিয়তা অভিযানৰ পোষকতা কৰিছিল।
-
আশা গেলে ডিৰি
আশা গেলে ডিৰি ( Asha Gelle Dirie; জন্ম: ১৯৬৬) এগৰাকী ছোমালি ৰাজনীতিবিদ আৰু নাগৰিক সমাজৰ কৰ্মী। ২০০৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ উত্তৰ-পূব ছোমালিয়াৰ স্বায়ত্তশাসিত পুণ্টলেণ্ড আঞ্চলিক ৰাজ্যখনৰ মহিলা উন্নয়ন আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এডনা আডান ইছমাইল
এডনা আডান ইছমাইল ( Edna Adan Ismaaciil; জন্ম ৮ ছেপ্টেম্বৰ ১৯৩৭) এগৰাকী নাৰ্ছ ধাত্ৰী, কৰ্মী, আৰু ২০০৩ চনৰ পৰা ২০০৬ চনলৈকে ছোমালিলেণ্ডৰ প্ৰথম মহিলা বৈদেশিক মন্ত্ৰী আছিল। ইয়াৰ পূৰ্বে তেওঁ ছোমালিয়াৰ পৰিয়াল কল্যাণ আৰু সামাজিক উন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ফাউজিয়া ইউছুফ আদম
ফাউজিয়া ইউছুফ হাজী আদম এগৰাকী ছোমালি ৰাজনীতিবিদ। ২০১২ চনৰ ৪ নৱেম্বৰৰপৰা ২০১৪ চনৰ ১৭ জানুৱাৰীলৈকে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ছোমালিয়াৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনৰ জানুৱাৰী মাহত ছোমালিয়াই আফ্ৰিকান ইউনিয়ন আয়োগৰ অধ্যক্ষৰ পদৰ বাবে তেওঁক মনোনীত কৰে।
-
ফাদুমো দায়িব
ফাদুমো কাছিম দায়িব, ডাকনাম ডেকো -যাৰ অৰ্থ ছোমালি ভাষাত "উপহাৰ"-, এগৰাকী ছোমালি ৰাজনীতিবিদ আৰু ২০১৬ চনৰ নৱেম্বৰ মাহত নিৰ্বাচনত অৱতীৰ্ণ হোৱা ছোমালিয়াৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী মহিলা। ইষ্টাৰ্ন ফিনলেণ্ড বিশ্ববিদ্যালয় (এম পি এইচ, এম এছ) হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (MPA)
-
মাৰিয়ান আহমেদ আলি
মৰিয়ান বা মাৰিয়ান আহমেদ আলী পুণ্টলেণ্ডৰ এগৰাকী ৰাজনীতিবিদ, যি মহিলা উন্নয়ন আৰু পৰিয়াল পৰিক্ৰমা বিভাগৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী (MOWDAFA) আছিল। তেওঁ ছোমালিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দিৱেলি গাছৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰিছিল।
-
মৰিয়ম কাছিম
মৰিয়ম কাছিম (ছোমালি: মৰিয়াম কাছিম আক্সমেদ, আৰবী: مريم قاسم) এগৰাকী ছোমালি ৰাজনীতিবিদ। ২০১২ চনৰ নৱেম্বৰৰ পৰা ২০১৪ চনৰ জানুৱাৰীলৈকে ছোমালিয়াৰ মানৱ উন্নয়ন আৰু জনসেৱা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ টায়ো ৰাজনৈতিক দলৰ অধ্যক্ষও।
-
হানান ইব্ৰাহিম
হানান ইব্ৰাহিম এম বি ই, এগৰাকী ছোমালি সমাজ কৰ্মী। তেওঁ অন্যান্য সংগঠনৰ লগতে বাৰ্নেট মুছলিম মহিলা নেটৱৰ্কৰ অধ্যক্ষ।
-
হোডান ছাইড ইছে
হোডান ছাইড ইছে পুণ্টলেণ্ডৰ ইউএনএফপিএ (UNFPA Goodwill Ambassador)ৰ সদস্য। ২০২৪ চনৰ ৮ জানুৱাৰী–২০১৯ চনৰ ৮ জানুৱাৰীলৈকে পুণ্টলেণ্ডৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী আৰু পুণ্টলেণ্ডৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দিৱেলি মহম্মদ আলীৰ পত্নী।
-
ৰেহমা গুলিয়ে
ৰেহমা বিন্ত গুলিয়ে, ৰহমা মহম্মদ গুলিয়ে বুলিও জনা যায়, ছোমালিয়াৰ ফেডাৰেল চৰকাৰৰ এগৰাকী ৰাজনীতিবিদ আৰু কৰ্মী। তেওঁ হিৰ্ছাবেল ৰাজ্যৰ মহিলা আৰু মানৱ অধিকাৰ মন্ত্ৰী, আৰু ডেগোডিয়া বংশৰ পৰা নিৰ্বাচিত হোৱা বৰ্তমানলৈ প্ৰথমগৰাকী ছোমালিয়ান সাংসদ। গুলিয়েৰ জন্ম হৈছিল কেনিয়াৰ মাণ্ডেৰাত।