অনয়ৰা খাতুন (: Anoyara Khatun জন্ম প্ৰায় ১৯৯৬); এগৰাকী ভাৰতীয় শিশু অধিকাৰৰ সমৰ্থক। ২০১৭ চনত ২১ বছৰ বয়সত পশ্চিমবংগ ৰাজ্যত শিশু সৰবৰাহৰ বিৰুদ্ধে আৰু বাল্যবিবাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰীশক্তি পুৰুস্কাৰেৰে সন্মানিত হয়।
জীৱন
১৯৯৬ চনত পশ্চিম বংগৰ গ্ৰাম্য উত্তৰ ২৪ পৰগনা জিলাৰ সন্দেশখালিৰ চোটো আছগৰা গাঁৱত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালত অনয়ৰা খাতুনে জন্মগ্ৰহণ কৰিছিল।১২৩অনয়ৰাই সৰুতে দেউতাকক হেৰুৱাইছিল আৰু বাৰ বছৰ বয়সত তেওঁক নতুন দিল্লীলৈ ঘৰুৱা সহায়কাৰী হিচাপে কাম কৰিবলৈ লৈ যোৱা হৈছিল।১২ ঘৰুৱা শ্ৰমিক হিচাপে কেইমাহমান কাম কৰাৰ পিছত তেওঁ তাৰ পৰা পলায়ন কৰি নিজৰ গাঁওলৈ উভতি আহে আৰু তাত শিশুৰ অৱস্থা ভয়ংকৰ বুলি বিবেচনা কৰে।১৪ শিশুসকলক জোৰকৈ প্ৰসৱ কৰা হৈছিল আৰু কিছুমানক চহৰলৈ আৰু সীমান্তৰ ওপৰেৰে বাংলাদেশলৈ সৰবৰাহ কৰা হৈছিল, ৩ আনহাতে কিছুমানক বাল্যবিবাহ কৰিবলৈ বাধ্য কৰা হৈছিল। চৌপাশৰ পৰিস্থিতি সলনি কৰাৰ উদ্দেশ্যেৰে তেওঁ ‘ঢাগিয়া সমাজ কল্যাণ সমিতি’৩ আৰু চেভ দ্য চিলড্ৰেনৰ সংস্পৰ্শলৈ আহে আৰু তাতেই তেওঁ শিশু অধিকাৰৰ ধাৰণাটোৰ ওপৰত সম্যক জ্ঞান আহৰণ কৰে। এই বৃহৎ সংখ্যক লোকৰ ওচৰলৈ যাবলৈ তেওঁ এনে গোট গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যিবোৰ শিশুৰ অধিকাৰৰ ক্ষেত্ৰত জ্ঞাত আৰু আত্মনিৰ্ভৰশীল হৈ কাম কৰিব পাৰিব। কম সময়ৰ ভিতৰতে অনয়াৰাই ১৮০ টা সৰবৰাহ কৰা শিশুক পৰিয়ালৰ সৈতে পুনৰ সংযোগ কৰাত সহায় কৰে, প্ৰায় তিনি ডজন বাল্য বিবাহ বন্ধ কৰে, ৮৫ টা শিশুক শিশু শ্ৰমৰ পৰা উদ্ধাৰ কৰে আৰু ৪০০ শিশুক পুনৰ স্কুললৈ পঠিয়াই দিয়ে।১৫

২০১১ চনত মমতা বেনাৰ্জীয়ে তেওঁক সম্বৰ্ধনা জনায়। ২০১২ চনত অনয়াৰা আন্তঃৰাষ্ট্ৰীয় শিশু শান্তি বঁটাৰ বাবে মনোনীত তিনিজনৰ ভিতৰত অন্যতম হিচাপে আত্মপ্ৰকাশ কৰে।১ ২০১৭ চনৰ ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসত পশ্চিম বংগ ৰাজ্যত শিশু সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়া আৰু বাল্য বিবাহৰ বিৰুদ্ধে আগবঢ়োৱা অৱদানৰ বাবে অনয়ৰা খাতুনক ২০১৬ চনৰ বাবে ভাৰতৰ মহিলাৰ বাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰীশক্তি পুৰস্কাকাৰে সন্মান প্ৰদান কৰা হয়।৫৬ শিশু অধিকাৰৰ সমৰ্থক হিচাপে ২০১৫ আৰু ২০১৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল অনয়াৰা খাতুনক।১৭
তথ্যসূত্ৰ
- ↑ (7 July 2014). Anoyara Khatun: The Child Crusader Against Exploitation of Children. Save the Children India
- ↑ Bhattacharya, Ravik. (2017-03-10). ‘Nari Shakti Puraskar’ winner from Bengal waiting for over a year to get a house under Pradhan Mantri Awas Yojana. Hindustan Times
- ↑ Singh, G. (2017-06-01). A child rights crusader. ROTARY NEWS
- ↑ Bhalla, Nita. (8 March 2017). India honors former child maid who saved hundreds of others. Thomson Reuters Foundation
- ↑ (16 March 2017). Indian government confers Child Champion Anoyara Khatun with ‘Nari- Shakti Puraskar’. Save the Children India
- ↑ Chatterjee, Chandreyee. (11 March 2017). Girl champ & her fans. Telegraph India
- ↑ (2016-10-11). Young Indian displays girl power, fighting against trafficking. UN News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনয়ৰা খাতুন” প্ৰবন্ধৰ সংশোধন ৬১৩২৩৪ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।