লোকগাথা
৩৮ প্ৰবন্ধ
-
বাতাক উপাখ্যান
বাতাক উপাখ্যান হৈছে ইণ্ডোনেছিয়াৰ উত্তৰ ছুমাত্ৰাৰ বাতাক জনগোষ্ঠীৰ আদি বিশ্বাস, যিটো খ্ৰীষ্টান ধৰ্ম (প্ৰটেষ্টাণ্ট বা কেথলিক) বা ইছলাম ধৰ্ম আহিবৰ আগতে গ্ৰহণ কৰা হৈছিল।
-
বাল
বাল আছিল উত্তৰ-পশ্চিম চেমিটিক ভাষাত প্ৰাচীন কালত লেভেণ্টত কোৱা এটা উপাধি আৰু সন্মানীয় অৰ্থ 'মালিক' বা 'প্ৰভু'। মানুহৰ মাজত ইয়াৰ ব্যৱহাৰৰ পৰাই ইয়াক দেৱতাৰ ক্ষেত্ৰত প্ৰয়োগ হ’বলৈ ধৰিলে।
-
মাছানি আম্মান
মাছানি আম্মান হ'ল হিন্দু দেৱী। তামিলনাডুৰ কিছুমান বিশেষ শ্ৰেণীয়ে তেওঁক মূলতঃ পৰিয়াল দেৱী (কুলদেৱী) হিচাপে পূজা কৰে, য'ত তেওঁক আদি পৰাশক্তিৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। ভাৰতৰ তামিলনাডু ৰাজ্যৰ কইম্বাটুৰ জিলাৰ পোল্লাচি অঞ্চলৰ আনাইমালাইত তেওঁৰ মুখ্য মন্দিৰ অৱস্থিত।
-
মাণবসা গুৰুবাৰ
মাণবসা গুৰুবাৰ হ'ল পূব ভাৰতৰ ওড়িশা ৰাজ্যৰ ওড়িয়া হিন্দুসকলৰ দ্বাৰা পালন কৰা এটা ধৰ্মীয় উৎসৱ। অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, দক্ষিণ ঝাৰখণ্ড আৰু দক্ষিণ পশ্চিম বংগত বসবাস কৰা ওডিয়াসকলেও বছৰৰ নিৰ্দিষ্ট দিনত এই উৎসৱ পালন কৰে আৰু উদ্যাপন কৰে। এই উৎসৱত মহালক্ষ্মী দেৱীক অধিষ্ঠাত্ৰী দেৱী হিচাপে পূজা কৰা হয়।
-
সাত ভাই চম্পা
সাত ভাই চম্পা বাংলা ভাষাৰ এটা জনপ্ৰিয় সাধুকথা। ১৯০৭ চনত দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰৰ ঠাকুৰমাৰ ঝুলী নামৰ সাধুকথা পুথিখনত এই গল্পটো আনুষ্ঠানিকভাৱে প্ৰথম প্ৰকাশ পায়। সাহিত্যৰ নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই গ্ৰন্থখনৰ প্ৰস্তাৱনা লিখিছিল।
-
হাইলেটছ
হাইলাটেছ হৈছে চাইপ্ৰাছ দ্বীপত পূজিত এক দেৱতা, যাক পাছত গ্ৰীক দেৱতা এপ'ল'ৰ সৈতে তুলনা কৰা হৈছিল। তেওঁৰ নাম সম্ভৱত ὑλακτέω [ʰylaktéō] "ভোকোনি" বা ὕλη [ʰýlē] "অৰণ্য" শব্দৰ পৰা উদ্ভৱ হৈছিল। এক গুৰুত্বপূৰ্ণ মন্দিৰ কুৰিয়নত অৱস্থিত।
-
হাগ
হাগ (hag) হৈছে এগৰাকী শুকাই-খীণাই যোৱা বৃদ্ধা, বা এক প্ৰকাৰৰ পৰী, ডাইনী, অথবা তেনে চেহেৰাৰ এগৰাকী দেৱী। তেনে চৰিত্ৰ প্ৰায়ে লোককথা আৰু ‘হান্সেল এণ্ড গ্ৰেটেল’ৰ দৰে শিশুৰ সাধুকথাত পোৱা যায়।
-
হৰিদাস পাল
হৰিদাস পাল হৈছে 'পাল' উপাধি থকা এজন বাঙালী হিন্দু ব্যক্তিৰ নাম। কোৱা হয় যে, এই নামৰ ব্যক্তি এক সময়ত বাংলাত ধনী, মহানুভৱ আৰু প্ৰভাৱশালী ব্যক্তি আছিল। বিপুল বিত্তশালী হয়েও সৎ আৰু দয়ালু ব্যক্তি হিচাপে সমাজত গৌৰৱ অৰ্জন কৰিছিল। বৰ্তমান বাংলা ভাষাত "হৰিদাস পাল" নামটো এটা প্ৰবাদ ৰূপে পৰিণত হৈছে।