অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শ্বেফিল্ড

শ্বেফিল্ড (Sheffield) ইংলেণ্ড ৰ চাউথ য়ৰ্কশ্বায়াৰত অৱস্থিত এখন মহানগৰী। এই মহানগৰীৰ নামটো ইয়াৰ মাজেৰে বৈ যোৱা ‘শ্বেফ (River Sheaf) নামৰ নদীখনৰ নামৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ বৰ্তমানৰ জনসংখ্যা ১,৫৬৯,০০০। জনসংখ্যাৰ ফালৰ পৰা শ্বেফিল্ডৰ স্থান ইংলেণ্ডৰ ভিতৰতে তৃতীয়।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১,৮২১ শব্দ · ১০ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শ্বেফিল্ড (Sheffield) ইংলেণ্ড ৰ চাউথ য়ৰ্কশ্বায়াৰত অৱস্থিত এখন মহানগৰী। এই মহানগৰীৰ নামটো ইয়াৰ মাজেৰে বৈ যোৱা ‘শ্বেফ (River Sheaf) নামৰ নদীখনৰ নামৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ বৰ্তমানৰ জনসংখ্যা ১,৫৬৯,০০০১। জনসংখ্যাৰ ফালৰ পৰা শ্বেফিল্ডৰ স্থান ইংলেণ্ডৰ ভিতৰতে তৃতীয়।

এই মহানগৰখন ডন নদী (River Don) আৰু ইয়াৰ চাৰিখন উপনৈ,একাদিক্ৰমে লক্সলি ( Loxley), পৰ্টাৰ ব্ৰুক (Porter Brook), ৰিভেলিন (Rivelin) আৰু শ্বেফ (Sheaf) ৰ উপত্যকাত অৱস্থিত। শ্বেফিল্ডৰ মুঠ মাটিকালিৰ ৬১% ই সেউজ (green space) আৰু মহানগৰৰ প্ৰায় এক-তৃতীয়াংশ ‘পিক ডিষ্ট্ৰিক্ট ৰাষ্ট্ৰীয় উদ্যান’ৰ ভিতৰত অৱস্থিত।২ শ্বেফিল্ডত ২৫০ তকৈও অধিক উদ্যান আৰু মিলিয়ন জোপা গছ আছে বুলি জনা যায়।২ ইয়াৰদ্বাৰাই শ্বেফিল্ড ইউৰোপৰ ভিতৰতে সৰ্বাধিক গছ: মানুহ অনুপাত সম্পন্ন মহানগৰ হিচাপে পৰিগণিত হৈছে।২ এই মহানগৰতে বিশ্বৰ আটাইতকৈ পুৰণি ফুটবল ক্লাৱটোও অৱস্থিত।৩

১৯ শতিকাত, ষ্টিলৰ উৎপাদনৰ ক্ষেত্ৰত শ্বেফিল্ডে আন্তৰ্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। ২১ শতিকাত অন্যান্য ব্ৰিটিছ মহানগৰসমূহৰ লগতে শ্বেফিল্ডৰো বহুলভাৱে বিকাশ আৰু উন্নতি হয়।৪

ইতিহাস

১৮১৯ চনৰ আলোকচিত্ৰত শ্বেফিল্ড মানৰ (Sheffield Manor) ধ্বংসাবশেষ
১৮১৯ চনৰ আলোকচিত্ৰত শ্বেফিল্ড মানৰ (Sheffield Manor) ধ্বংসাবশেষছবি: Drawn by E. Blore · Public domain

বৰ্তমানৰ শ্বেফিল্ড মহানগৰীত বহুপূৰ্বৰে পৰা প্ৰায় ১২,৮০০ বছৰৰ আগৰ অৰ্থাৎ পেলিঅ’লিথিকি যুগৰ শেষভাগৰ পৰাই মানুহৰ বসতি আছিল বুলি তথ্য পোৱা গৈছে।৫ শ্বেফিল্ডত মানুহৰ বসতিৰ সবাতোকৈ প্ৰাচীন প্ৰমাণ পোৱা গৈছে মহানগৰীৰ পূব দিশত থকা “ক্ৰেছৱেল ক্ৰেগছ (Creswell Crags) নামৰ ঠাইখনত। লৌহযুগৰ সময়ত ইয়াত ‘ব্ৰিগেনটিছ (Brigantes)’ নামৰ এটা জনজাতি বাস কৰাৰ প্ৰমাণ পোৱা যায়। এই জাতিৰ লোকেই শ্বেফিল্ডৰ আশে পাশে থকা পাহাৰবোৰত ভালেসংখ্যক ফৰ্ট নিৰ্মাণ কৰিছিল।৬

ৰোমাণ আধিপত্য শেষ হোৱাৰ পিছত শ্বেফিল্ডৰ দক্ষিণ অংশটো ‘এলমেট সাম্ৰাজ্য (kingdom of Elmet)’ৰ অধীনত আছিল। শ্বেফ আৰু ডন নদীয়ে এই সাম্ৰাজ্য আৰু ‘মেৰ্চিয়া সাম্ৰাজ্য (kingdom of Mercia)’ ক পৃথক কৰিছিল।৭ ‘ৱেলছ (Wales)’ আৰু ‘ৱেলছউড (Waleswood)’-এ এই ঐতিহাসিক এলমেট সাম্ৰাজ্যৰ নিদৰ্শন বহন কৰিছে। ‘ ৱেলছ’ শব্দটো জাৰ্মান শব্দ “Walha’'। পৰৱৰ্ত্তীকালত শ্বেফিল্ডলৈ আহি থিতাপি লোৱা এংল’-চেক্সন (Anglo-Saxon) সকলে পুৰণি আবাসীসকলক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰিছিল।৮৬

এঘাৰ শতিকাত নৰ্মানৰ ইংলেণ্ড অধিকাৰৰ ঘটনাৰ পিছত, স্থানীয় অধিবাসীসকলে প্ৰতিৰক্ষাৰ বাবে শ্বেফিল্ড কেছ’ল (Sheffield Castle) নিৰ্মাণ কৰে আৰু ইয়াকে কেন্দ্ৰ কৰি এখন সৰু চহৰ গঢ় লৈ উঠে। এই চহৰখনেই বৰ্তমানৰ আধুনিক শ্বেফিল্ড মহানগৰী।৯

১২৯৬ চনত শ্বেফিল্ডত ‘কেছ’ল স্কুৱাৰ (Castle Square) নামৰ বাণিজ্যকেন্দ্ৰ স্থাপন হয়।১০ আৰু পৰ্য্যায়ক্ৰমে শ্বেফিল্ডৰ বিকাশ হ’বলৈ লয়। চৈধ্য শতিকাত ‘চুৰিকটাৰী’ৰ উৎপাদনৰ বাবে শ্বেফিল্ড প্ৰখ্যাত হৈ পৰে। ১৬ শতিকালৈ ই ইংলেণ্ডৰ ভিতৰতে বাচন-বৰ্তন নিৰ্মাণৰ এক প্ৰধানকেন্দ্ৰ হৈ পৰে।১১

১৭৪০ চনত শ্বেফিল্ডত সেসময়ত ব্যৱহৃত ষ্টীলতকৈ উন্নত এক বিশেষ ষ্টীল উৎপাদন পদ্ধতিৰ উৎদ্ভাৱন হয়।১২ একেসময়তে, ৰূপৰ এক পাতল আৱৰণৰ সৈতে তাম মিহলাই ৰূপৰ প্লেটিং (silver plating) কৰা পদ্ধতিৰো আৱিষ্কাৰ হয় আৰু কালক্ৰমত ইয়ে ‘শ্বেফিল্ড প্লেট (Sheffield plate)’ হিচাপে বিশ্ববিখ্যাত হৈ পৰে।১৩ এই আৱিষ্কাৰসমূহে শ্বেফিল্ডক এখন ঔদ্যোগিক মহানগৰীৰূপে গঢ়ি তোলাত অৰিহণা যোগায়।১৪

১৯ শতিকালৈ শ্বেফিল্ডৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়; ফলত ১৮০১ চনৰ ৬০,০৯৫ জনৰ পৰা ১৯০১ চনত ৪৫১,১৯৫ জন হয়গৈ।৬ ১৮৯৩ চনত এই চহৰখনক মহানগৰীৰ মৰ্য্যদা প্ৰদান কৰা হয়।১৫ জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাঢ়ি যোৱা প্ৰয়োজনসমূহ পূৰাবলৈ মহানগৰৰ উপকণ্ঠ অঞ্চলত কেইবাটাও বান্ধ সজা হয়। ইয়াৰে ‘ডেল ডাইক নদীবান্ধ (Dale Dike Reservoir) -ৰ বেৰা ভাঙি পৰি ১৮৬৪ চনত শ্বেফিল্ডত প্ৰলয়কাৰী বানপানীৰ সৃষ্টি কৰে যাৰ ফলত মহানগৰৰ একাংশ ক্ষতিগ্ৰস্ত হয়।১৬

১৯৫০ আৰু ৬০ৰ দশত শ্বেফিল্ডৰ বহুখিনি অঞ্চলৰ পুনৰ্নিমাণ হয়।১৭পৰৱৰ্ত্তী কালত ১৯৯১ চনত শ্বেফিল্ডত আন্তঃৰাষ্ট্ৰীয় ষ্টুডেণ্ট গেমছ (World Student Games) অনুষ্ঠিত কৰাৰ সময়ত ইয়াৰ তীব্ৰতা বৃদ্ধি পায়।

প্ৰশাসন

শ্বেফিল্ডৰ স্থানীয় পৰ্য্যায়ত পৰিচালনা কৰে ‘শ্বেফিল্ড চিটি কাউন্সিল (Sheffield City Council)’-এ। এই কাউন্সিল ২৮টা ৱাৰ্ডক প্ৰতিনিধিত্ব কৰা মুঠ ৮৪ জন (প্ৰতিটো ৱাৰ্ডৰ পৰা তিনিজনকৈ প্ৰতিনিধি) কাউন্সিলৰেৰে গঠিত। বৰ্তমান ই শ্ৰমিক দল (Labour Party) ৰ অধীনত কাৰ্যনিবাহ কৰি আছে। মহানগৰখনত ‘লৰ্ড মেয়ৰ’ৰ পদবীও আছে, কিন্তু ই নিতান্তই আলংকৰিক।

এই মহানগৰখনক ক্তৰাজ্যৰ হাউছ অব কমনছ (House of Commons of the United Kingdom) ৰ সাংসদত পাচজন সদস্যই আৰু ষষ্ঠ এগৰাকীয়ে শ্বেফিল্ডৰ একাংশৰ লগতে বাৰ্ণছলীৰ প্ৰতিনিধিত্ব কৰে।১৮ পূৰ্বৰ উপ-প্ৰধানমন্ত্ৰী নিক ক্লেগ (Nick Clegg)-এ সংসদত শ্বেফিল্ড হালাম (Sheffield Hallam) সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।

ভৌগোলিক অৱস্থিতি

ভৌগোলিক ভাৱে শ্বেফিল্ড ত অৱস্থিত। ই ৰ’থাৰহাম (Rotherham) ৰ কাষৰীয়া অঞ্চল আৰু দুয়োকে এম ৱান মটৰৱে (M1 motorway) -ই পৃথক কৰিছে। ইয়াৰ উত্তৰে ‘বাৰ্ণছলী (Barnsley)’ আৰু পশ্চিম তথা দক্ষিণ দিশত ডাৰ্বিশ্বায়াৰ (Derbyshire) অৱস্থিত।১৯ i

‘ডেল ডাইক নদীবান্ধ (Dale Dike Reservoir) অৱস্থিত উপত্যকাটো, এই বান্ধৰ বেৰা ভাঙি পৰি ১৮৬৪ চনত শ্বেফিল্ডত প্ৰলয়কাৰী বানপানীৰ সৃষ্টি কৰিছিল
‘ডেল ডাইক নদীবান্ধ (Dale Dike Reservoir) অৱস্থিত উপত্যকাটো, এই বান্ধৰ বেৰা ভাঙি পৰি ১৮৬৪ চনত শ্বেফিল্ডত প্ৰলয়কাৰী বানপানীৰ সৃষ্টি কৰিছিলছবি: Roger May · CC BY-SA 2.0
শ্বেফিল্ড ৰে’লৱে ষ্টেচন
শ্বেফিল্ড ৰে’লৱে ষ্টেচনছবি: CC BY 2.5

ভৌগোলিকভাৱে শ্বেফিল্ড বৈচিত্ৰপূৰ্ণ।২০এই মহানগৰখন সাতটা পাহাৰে গঠন কৰিছে বুলি কোৱা হয় যদিও প্ৰকৃততে মুঠতে আঠোটা পাহাৰৰ ওপৰত শ্বেফিল্ড অৱস্থিত।২১ তদুপৰি ইয়াৰ মাজেৰে পাচখন নৈ ক্ৰমান্বয়ে ’ডন’, শ্বেফ’, ’ৰিভেলিন’, ’লক্সলি’ আৰু ’পৰ্টাৰ ব্ৰুক’ প্ৰবাহিত হৈছে। চহৰখন সাগৰপৃষ্ঠৰ পৰা সৰ্বনিম্ন উচ্চতা ২৯ মিটাৰ আৰু সৰ্ব্বোচ্চ ৫৪৮ মিটাৰ। অৱশ্যে মহানগৰৰ আৱাসিক এলেকাসমূহ ১০০-২০০ মিটাৰ উচ্চতাতে অৱস্থিত।২২

শ্বেফিল্ডত বৰ্তমান প্ৰায় দুই মিলিয়নৰো অধিক গছ আছে বুলি জনা যায়২৩। সমগ্ৰ ইউৰোপৰ ভিতৰতে প্ৰত্যেক ব্যক্তিৰ বিপৰীতে সৰ্বাধিক গছ সম্পন্ন এই মহানগৰখন ইংলেণ্ডৰ ভিতৰতে আটাইতকৈ সেউজ মহানগৰ হিচাপে প্ৰখ্যাত২৪। শ্বেফিল্ডত কমেও ১৭০খন সৰু বৰ কাঠনি (woodlands) আছে যি প্ৰায় ১০.৯১ বৰ্গ কিমি জুৰি বিস্তৃত হৈ আছে। মহানগৰৰ এক তৃতীয়াংশ জুৰি থকা পিক ডিষ্ট্ৰিক ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও ইয়াত ৭৮খন উদ্যান, ১০খন অন্যান্য উদ্যান আছে। সকলো মিলি মহানগৰৰ মুঠ মাটিকালিৰ প্ৰায় ৬১% সেউজ ঠাই।২২৫ শ্বেফিল্ডৰ প্ৰায় এক-তৃতীয়াংশ পিক ডিষ্ট্ৰিক্ট ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত। ইংলেণ্ডৰ ভিতৰতে কেৱল শ্বেফিল্ডেই মহানগৰৰ সীমাত এইদৰে এক ৰাষ্ট্ৰীয় উদ্যানৰ অংশ অন্তৰ্ভুক্ত কৰিছে।২৬

জলবায়ু

যুক্তৰাজ্যৰ অন্য ঠাইসমূহৰ দৰেই শ্বেফিল্ডৰ জলবায়ু temperate। মহানগৰৰ পশ্চিম দিশত থকা পেনাইনজ পৰ্বতমালা (The Pennines) ৰ বাবে অঞ্চলটোৰ বতৰ ঠাণ্ডা, সেমেকা আৰু প্ৰায়ে ডাৱৰীয়া হৈ থাকে যদিও এই পৰ্বতে পশ্চিমীয়া তইব্ৰ বতাহ নিয়ন্ত্ৰণ কৰি "rain shadow" হিচাপেও কাম কৰে২৭। ১৯৭১ চনৰ পৰা ২০০০ চনৰ ভিতৰত শ্বেফিল্ডত বাৰ্ষিক গড়ে ৮২৪.৭ মিমি বৰষুণ হৈছিল। সাধাৰণতে ডিচেম্বৰ আটাইতকৈ সেমেকা আৰু জুলাই শুকান মাহ।২৮২৯

জনসংখ্যা

যুক্তৰাজ্যৰ ২০০১ চনৰ লোকপিয়ল (United Kingdom Census 2001) অনুসৰি শ্বেফিল্ডৰ জনসংখ্যা ১৯৯১ চনৰ পৰা প্ৰায় ২% হ্ৰাস পাই ৫১৩,২৩৪ হৈছেগৈ।৩০ ২০১১ চনৰ পৰিসংখ্যা অনুসৰি, শ্বেফিল্ডত ৮৪% শ্বেতাংগ (৮১%- ব্ৰিটিছ, ০.৫% আইৰিছ, ০.১% জিপছী, ২.৩% অন্যান্য), ২.৪% সানমিহলি, ৮% এছিয়া বংশোদ্ভৱ ব্ৰিটিছ (British Asian) (১.১% ব্ৰিটিছ ভাৰতীয়, ৪% ব্ৰিটিছ পাকিস্তানী, ০.৬% ব্ৰিটিছ বাংলাদেশী, ১.৩% ব্ৰিটিছ চীনা আৰু ১% অন্যান্য), ৩.৬% কৃষ্ণাংগ ব্ৰিটিছ, ১.৫% ব্ৰিটিছ আৰৱ আৰু ০.৭% অন্যান্য জনগোষ্ঠীৰ লোক আছে।৩১ ধৰ্মৰ ফালৰ পৰা, মুঠ জনসংখ্যাৰ ৫৩% খ্ৰীষ্টান, ৬% মুছলমান, ০.৬% হিন্দু, ০.৪% বৌদ্ধধৰ্মী, ০.২% শিখ, ০.১% জিউ, ০.৪% অন্যান্য ধৰ্মাৱলম্বী লোক আছে। বাকী ৩১% নাস্তিক লোক আছে (৩২ ইয়াৰ দুখন প্ৰখ্যাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মহানগৰত ২০-২৪ বছৰ বয়সৰ লোকৰ সংখ্যাই অধিক৩৩।

অৰ্থনীতি

Labour profile
Total employee jobs255,700
Full-time168,00065.7%
Part-time87,70034.3%
Manufacturing31,80012.4%
Construction8,5003.3%
Services214,90084.1%
Distribution, hotels & restaurants58,80023.0%
Transport & communications14,2005.5%
Finance, IT, other business activities51,80020.2%
Public admin, education & health77,50030.3%
Other services12,7005.0%
Tourism-related18,4007.2%

পূৰ্বৰ নিম্নগামী ধাৰাৰ বিপৰীতে বৰ্তমান শ্বেফিল্ডৰ অৰ্থনীতিৰ দ্ৰুতগতিত সম্প্ৰসাৰণ আৰম্ভ হৈছে। ২০০৪ চনৰ এক তথ্য অনুসৰি৩৪, ২০০৩ চনত শ্বেফিল্ডৰ হালাম জিলা (Sheffield district of Hallam) লণ্ডণৰ বাহিৰত আটাইতকৈ সমৃদ্ধিশালী অঞ্চল আছিল। অন্য এক তথ্য৩৫ই প্ৰকাশ কৰে যে, লণ্ডণৰ বাহিৰে শ্বেফিল্ড আটাইতকৈ দ্ৰুতগামী মহানগৰী। শ্বেফিল্ডৰ আৰ্থনীতি ১৯৯৭ ৰ ৫.৬ বিলিয়ণ পাউণ্ডৰ পৰা৩৬ ২০০৭ চনত ৯.২ বিলিয়ন পাউণ্ডলৈ বৃদ্ধি পায়৩৭।

যাতায়ত

পথ

শ্বেফিল্ড দুটা ৰাষ্ট্ৰীয় পথেৰে অন্য প্ৰান্তৰ সৈতে সংযোজিত হৈছে-এম ৱান মটৰৱে (M1 motorway) আৰু এম ১৮ মটৰৱে (M18 motorway)৩৮। এম ৱান মটৰৱে মহানগৰৰ উত্তৰ-পূব দিশত বিস্তাৰিত। ই শ্বেফিল্ডক দক্ষিণে লণ্ডণৰ সৈতে আৰু উত্তৰে লীডছৰ সৈতে সংযোগ কৰিছে। এম ১৮ এ মহানগৰ খনক ডংকেষ্টাৰ, ৰবিন হুড ডংকেষ্টাৰ শ্বেফিল্ডৰ সৈতে সংযোগ কৰিছে। ’শ্বেফিল্ড পাৰ্কৱে’ নামৰ ঘাইপথে মহানগৰৰ কেন্দ্ৰীয় অঞ্চলটোক এই মটৰৱে সমূহৰ সৈতে লগ লগাইছে।

ৰেল

শ্বেফিল্ড ৰেলৱে ষ্টেচনে (Sheffield railway station) ৰে ’মিডলেণ্ড মেইনলাইন’ (Midland Main Line) পাৰ হৈ গৈছে যি মহানগৰখনক লণ্ডন হৈ পূব মিডলেণ্ড (East Midlands) ৰ লগত সংযোগ কৰিছে। তদুপৰি, ক্ৰছ কান্ত্ৰি ৰুট (Cross Country Route) -এ স্কটলেণ্ড আৰু উত্তৰ-পূব ইংলেণ্ডক পশ্চিম মিডলেণ্ড (West Midland) আৰু মানচেষ্টাৰক হাল আৰু ইষ্ট এংলিয়া ৰ সৈতে সংযোগ কৰিছে৩৯৪০।

শিক্ষা

শ্বেফিল্ডত দুখন বিশ্ববিদ্যালয় আছে, শ্বেফিল্ড বিশ্ববিদ্যালয় আৰু শ্বেফিল্ড হাল্লাম বিশ্ববিদ্যালয়। দুয়োখন বিশ্ববিদ্যালয় লগ লাগি প্ৰতিবছৰে প্ৰায় ৬৫,০০০ ছাত্ৰ–ছাত্ৰী নগৰখনলৈ আনে। ইউনিভাৰচিটি কলেজ শ্বেফিল্ড হিচাপে ১৮৯৭ চনত শ্বেফিল্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় আৰু ১৯০৫ চনত শ্বেফিল্ড বিশ্ববিদ্যালয় হয়।

শ্বেফিল্ড হাল্লাম বিশ্ববিদ্যালয়(Sheffield Hallam University) শ্বেফিল্ডৰ দুটা অৱস্থানত অৱস্থিত এক বিশ্ববিদ্যালয়। নগৰ চৌহদ আছে নগৰখনৰ কেন্দ্ৰস্থলৰ শ্বেফিল্ড ৰেলৱে ষ্টেচনৰ ওচৰত, আৰু কলেজিয়েট ক্ৰিচেণ্ট চৌহদ(Collegiate Crescent Campus) প্ৰায় দুমাইল দূৰত্বৰ দক্ষিণ-পশ্চিম শ্বেফিল্ডৰ একক্লেচল ৰোড (Ecclesall Road)ৰ কাষত অৱস্থিত। ৩৭,০০০ ছাত্ৰ-ছাত্ৰী(যাৰ ৪,০০০তকৈ অধিক আন্তৰাষ্ট্ৰীয় বিদ্যাৰ্থী), ৪,১৭০ জন কৰ্মচাৰী আৰু ৭৪৭টা পাঠ্যক্ৰমৰে সৈতে বিশ্ববিদ্যায়খন যুক্তৰাজ্যৰ ভিতৰতে তৃতীয় বৃহৎ বিশ্ববিদ্যালয়। শ্বেফিল্ড হাল্লাম বিশ্ববিদ্যালয়ৰ বুৰঞ্জীৰ আৰম্ভণি ১৮৪৩ চনত, যেতিয়া শ্বেফিল্ড স্কুল অৱ ডিজাইনৰ প্ৰতিষ্ঠা কৰা হয়। ১৯৬০ চনৰ সময় চোৱাত ভালেমান স্বতন্ত্ৰ কলেজে(স্কুল অৱ ডিজাইনকে ধৰি) শ্বেফিল্ড পলিটেকনিক গঠনৰ বাবে লগ লাগে (১৯৭৬ ৰ পৰা শ্বেফিল্ড চিটি পলিটেকনিক) আৰু অৱশেষত ১৯৯২ চনত শ্বেফিল্ড হাল্লম বিশ্ববিদ্যালয় হিচাপে পুনৰ নামকৰণ কৰা হয়।

খেল

date=24 June 2015}}</ref>
date=24 June 2015}}</ref>ছবি: johnthescone from Sheffield · CC BY 2.0

শ্বেফিল্ডৰ ক্ৰীড়াজগতত এক সুনাম আছে। ১৮৫৭ চনত ইয়াতেই বিশ্বৰ সৰ্বপ্ৰথম আৰু দ্বিতীয় দুয়োটা ফুটবল ক্লাব ক্ৰমে ’ শ্বেফিল্ড এফ. চি.’ (Sheffield F.C.) আৰু হালাম এফ. চি.(Hallam F.C.) নামেৰে প্ৰতিষ্ঠা হৈছিল।৪১ এই দুয়োটা ক্লাবেই বিশ্বৰ সবাটোকৈ পুৰণি ফুটবল গ্ৰাউণ্ডৰউপে খ্যাত ক্ৰছপুলত খেলিছিল।

১৮৬০ চনলৈ শ্বেফিল্ডত ১৫টা ফুটবল ক্লাব গঠন হয় আৰু পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন প্ৰতিযোগিতাবোৰ অনুষ্ঠিত হ’বলৈ লয়।৪২ বৰ্তমান ফুটবল লীগত দুটা ব্যৱহাৰিক ক্লাব আছে, শ্বেফিল্ড ইউনাইটেড (Sheffield United) আৰু শ্বেফিল্ড ৱেডনেছডে (Sheffield Wednesday)। শ্বেফিল্ড ইউনাইটেডে ফুটবল লীগ ৱান ( Football League One) আৰু শ্বেফিল্ড ৱেডনেছডেই ফুটবল লীগ চেম্পিয়নশ্বিপ (Football League Championship) ত অংশগ্ৰহণ কৰে।

is situated in close proximity to the city centre]]

আকৰ্ষণ

বিছপৰ আবাসগৃহ
বিছপৰ আবাসগৃহছবি: Chemical Engineer · CC BY-SA 3.0
মেপিন আৰ্ট গেলেৰী
মেপিন আৰ্ট গেলেৰীছবি: Oosoom at en.wikipedia · CC BY-SA 3.0

শ্বেফিল্ডৰ চিটি চেণ্টাৰত হলিউডৰ অনুকৰণত আৰম্ভ কৰা ’শ্বেফিল্ড ৱাক অব ফেম (Sheffield Walk of Fame) ত এই মহানগৰৰ অতীত আৰু বৰ্তমানৰ জনপ্ৰিয় ব্যক্তিসকলক সন্মান জনোৱা হয়৪৩। তদুপৰি শ্বেফিল্ডৰ ফাৰগেটত হুইল অব শ্বেফিল্ড (Wheel of Sheffield) অৱস্থিত আছিল। ২০১০ চনত অৱশ্যে ইয়াক লণ্ডণৰ হাইড পাৰ্ক (Hyde Park) লৈ স্থানান্তৰিত কৰা হয়৪৪। হিলি চিটি ফাৰ্ম (Heeley City Farm) আৰু গ্ৰেভছ পাৰ্ক (Graves Park) শ্বেফিল্ডত পশুপালনৰ মুখ্য স্থান৪৫৪৬।

সংগীত

Sheffield Arena
Sheffield Arenaছবি: Alan Murray-Rust · CC BY-SA 2.0

শ্বেফিল্ডত ভালেসংখ্যক জনপ্ৰিয় বেণ্ডৰ জন্ম হৈছে৪৭। ইয়াৰ ভিতৰত দ্য হিউমেন লীগ (The Human League),হেভেন ১৭, এবিচি আদি প্ৰধান। ইলেক্ট্ৰনিক পৰম্পৰা অব্যাহত ৰাখি টেকন’ লেবেল ৱাৰ্প ৰেকৰ্ডছ (Warp Records) নব্বৈ শতিকাত য়ৰ্কশ্বায়াৰ ব্লীপছ আৰু বাছ (Yorkshire Bleeps and Bass) ৰ এক প্ৰভাৱশালী অংশ আছিল আৰু বৰ্তমান ইয়েই যুক্তৰাজ্যৰ সবাটোকৈ পুৰণি আৰু জনপ্ৰিয় সংগীত লেবেল হিচাপে পৰিগণিত হৈছে৪৮। শ্বেফিল্ডত ভালেসংখ্যক জনপ্ৰিয় নাইট-ক্লাবো আছে৪৯।

তদুপৰি অন্যান্য বহুতো জনপ্ৰিয় আৰু প্ৰখ্যাত সংগীতজ্ঞৰ গৃহভূমি শ্বেফিল্ড। ইয়াৰ ভিতৰত জ’ ক’কাৰ (Joe Cocker), ডেফ লেপাৰ্ড Def Leppard, প’ল কাৰাক Paul Carrack আদি। প্ৰখ্যাত সংগীত বেণ্ডৰ ভিতৰত আৰ্কটিক মাংকিজ (Arctic Monkeys), Bring Me the Horizon, Pulp and Moloko আদি উল্লেখযোগ্য৫০৫১৫২৫৩।

থিয়েটাৰ

(centre) and Lyceum Theatre (right)]]

শ্বেফিল্ডত দুটা মুখ্য থিয়েটাৰ গৃহ আছে- লিচিয়াম থিয়েটাৰ (Lyceum Theatre) আৰু ক্ৰুচিব’ল থিয়েটাৰ।৫৪

সংগ্ৰহালয়

শ্বেফিল্ডৰ ৱেষ্টাৰ্ণ পাৰ্ক মিউজিয়াম, মিলেনিয়াম গেলেৰী আৰু গ্ৰেভছ আৰ্ট গেলেৰী ’মিউজিয়ামছ শ্বেফিল্ড’ সংগঠনে পৰিচালনা কৰে৫৫। আকৌ শ্বেফিল্ডৰ ঔদ্যোগিক ইতিহাস সম্পৰ্কীয় তিনিটা মূল সংগ্ৰহালয় শ্বেফিল্ড ইণ্ড্ৰাষ্ট্ৰিয়েল মিউজিয়ামছ ট্ৰাষ্টে পৰিচালনা কৰে৫৬। এই তিনিটা সংগ্ৰহালয় হ’ল- Kelham Island Museum৫৭, Abbeydale Industrial Hamlet আৰু Scheduled Ancient Monument.৫৮৫৯

সেউজ অঞ্চল (Greenspace)

শ্বেফিল্ডত ২৫০ তকৈও অধিক উদ্যান আৰু মিলিয়ন জোপা গছ আছে বুলি জনা যায়৬০। ইয়াৰদ্বাৰাই শ্বেফিল্ড ইউৰোপৰ ভিতৰতে সৰ্বাধিক গছ: মানুহ অনুপাত সম্পন্ন মহানগৰ হিচাপে পৰিগণিত হৈছে। শ্বেফিল্ডৰ মুঠ মাটিকালিৰ ৬১% ই সেউজ (green space)৬১৬২। ১৮৩৬ চনতে স্থাপন হোৱা শ্বেফিল্ড ব’টানিকেল গাৰ্ডেন (Sheffield Botanical Gardens) মহানগৰৰ দক্ষিণ-পশ্চিম দিশত আছে আৰু ইয়াৰ মাটিকালি প্ৰায় ১৯ একাৰ। ইয়াত ভিক্ট’ৰিয়া যুগৰে এক বৃহৎ কাঁচৰ ঘৰ আছে৬৩। তেনেদৰে সমগ্ৰ মহানগৰ খনতে আৰু ভালেসংখ্যক বৃহৎ উদ্যান আছে।

তদুপৰি মহানগৰৰ পৰিসীমাৰ ভিতৰতে মুঠ 1600 একৰ মাটিকালি জুৰি কেইবাখনো সংৰক্ষিত বনাঞ্চল আছে৬৪। মহানগৰত ১৭০খন মুঠ কাঠনি (woodland) আছে৬৪।

মহানগৰৰ প্ৰায় এক-তৃতীয়াংশ ‘পিক ডিষ্ট্ৰিক্ট ৰাষ্ট্ৰীয় উদ্যান’ৰ ভিতৰত অৱস্থিত। ১৯৫১ চনতে প্ৰতিষ্ঠা হোৱা এইখন ইংলেণ্ডৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান৬৫। এই উদ্যানৰ অপূৰ্ব প্ৰাকৃতিক সম্পদসমূহৰ উপৰিও ইয়াত মানুহৰ দ্বাৰা নিৰ্মিত ভালেসংখ্যক উল্লেখযোগ্য কৃতীচিহ্নও আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল চেষ্টফৰ্ড হাউচ (Chatsworth House), য’ত বিবিচি ৰ দ্বাৰা পৰিচালিত Pride and Prejudice চিৰিজৰ শ্বুটিং হৈছিল৬৬।

মনোৰঞ্জন

]]

শ্বেফিল্ডত চাৰিটা মূল চিনেমা হল আছে-ইয়াৰে দুটা চিটি চেণ্টাৰত আৰু আন দুটা লৱাৰ ধন উপত্যকাত অৱস্থিত৬৭।

সমগ্ৰ মহানগৰ খনতে ভালেসংখ্যক পাব (pub) অৱস্থিত। মহানগৰৰ নৈশ জীৱনত এক শেহতীয়া সংযোজন হৈছে লিঅ’পল্ড স্কুৱাৰ (Leopold Square) ইয়াতে থকা আগ্ৰহ (Aagrah) নামৰ ভাৰতীয় ৰেষ্টুৰেণ্টখনে কাশ্মীৰি খাদ্যৰ পৰিবেশনেৰে ’যুক্তৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট ("Best Restaurant Group in the UK") ’ মৰ্য্যদা আৰু সন্মানীয় ব্ৰিটিছ কাৰী এৱাৰ্ড (British Curry Award) ও লাভ কৰিছে৬৮।

প্ৰচাৰ মাধ্যম

শ্বেফিল্ডৰ পৰা দুখন বাতৰি কাকত প্ৰকাশ পায়- দ্য ষ্টাৰ (The Star ) আৰু শ্বেফিল্ড টেলিগ্ৰাফ (Sheffield Telegraph)ল দুয়োখন জনষ্টন প্ৰেছ (Johnston Press PLC) ৰ দ্বাৰা প্ৰকাশিত। দ্য ষ্টাৰ ১৮৯৭ চনৰ পৰাই দৈনিক প্ৰকাশ পাই আহিছে। আনহাতে শ্বেফিল্ড টেলিগ্ৰাফ ১৮৫৫ চনৰ পৰা সাপ্তাহিক ভাৱে প্ৰকাশ পাই আহিছে৬৯।

ভালেসংখ্যক প্ৰখ্যাত বোলছবিৰ শ্বুটিং শ্বেফিল্ডত সম্পন্ন হৈছে। ইয়াৰ ভিতৰত The Full Monty, Threads, Looks and Smiles, When Saturday Comes, Whatever Happened to Harold Smith?, The History Boys, Four Lions আদি প্ৰধান৭০।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ British Urban Pattern: Population Data (Epson)
  2. ↑ (31 January 2013). City Profile Introduction. Sheffield City Council
  3. ↑ (24 June 2015). Pelé joins Sheffield celebrations. BBC
  4. ↑ (30 November 2007). Income & Wealth. Sheffield City Council
  5. ↑ Pike, Alistair W.G.; Gilmour, Mabs; Pettitt, Paul. (2005). Verification of the age of the Palaeolithic cave art at Creswell Crags, UK. Journal of Archaeological Science. পৃ. 1649–1655
  6. ↑ Vickers, J. Edward. (1999). Old Sheffield Town. An Historical Miscellany. The Hallamshire Press Limited. ISBN 1-874718-44-X
  7. ↑ Cox, Tony. (2003). The Ancient Kingdom of Elmet. The Barwicker. পৃ. 43
  8. ↑ Simpson, Jacqueline; Roud, Stephen. (1989). ((Oxford English Dictionary)). Clarendon Press. ISBN 0-19-210019-X
  9. ↑ Hunter, Joseph. (1819). Hallamshire: The History and Topography of the Parish of Sheffield in the County of York. Lackington, Hughes, Harding, Mayor, and Jones. পৃ. 24–29
  10. ↑ (30 April 2008). Markets history – 1700s and before. Sheffield City Council
  11. ↑ Hey, David. (1997). Mesters to Masters: a History of the Company of Cutlers in Hallamshire. Oxford University Press. পৃ. 12–25. ISBN 0-19-828997-9
  12. ↑ Tweedale, Geoffrey. (1986). Metallurgy and Technological Change: A Case Study of Sheffield Specialty Steel and America, 1830–1930. Technology and Culture. The Johns Hopkins University Press on behalf of the Society for the History of Technology. পৃ. 189–222
  13. ↑ Phillips, Helen L. (2004). Oxford Dictionary of National Biography. Oxford University Press
  14. ↑ Southall, Aidan William. (2000). The city in time and space. Cambridge University Press. পৃ. 306–419. ISBN 0-521-78432-8
  15. ↑ (17 December 2012). History of the Lord Mayor. Sheffield City Council
  16. ↑ Harrison, Samuel. (1864). A complete history of the great flood at Sheffield on March 11 & 12, 1864. S. Harrison. ISBN 0-904293-01-7
  17. ↑ Taylor, Ian R.; Evans, Karen; Fraser, Penny. (1996). A tale of two cities: global change, local feeling and everyday life in the North of England: a study in Manchester and Sheffield. Taylor & Francis. পৃ. 63–72. ISBN 0-415-13829-9
  18. ↑ Harston, Jonathan G. Sheffield Parliamentary Boundary Review. MDFS. Jonathan G. Harston
  19. ↑ Harston, Jonathan G. (2005). The borders of Sheffield from 1843 to 1994. MDFS
  20. ↑ Greenstructure and Urban Planning – Case Study – Sheffield, UK. Greenstructures and Urban Planning. European Cooperation in the field of Scientific and Technical Research
  21. ↑ a study by J.G.Harston
  22. ↑ Beer, A. R. (2000). Sheffield Metropolitan District – Major Greenspace and other Land Use Statistics. Greenstructure and Greenspace in Urban Planning. Map21 Ltd
  23. ↑ Trees & Woodlands in Sheffield. Sheffield City Council
  24. ↑ Gardens and Open Spaces. Sheffield City Council
  25. ↑ Barbosa, O; Tratalos, Jamie A.; Armsworth, Paul R. (2007). Who benefits from access to green space? A case study from Sheffield, UK.. Landscape and Urban Planning. পৃ. 187–195
  26. ↑ (22 June 2009). New village officer will boost rural communities. Peak District National Park Authority
  27. ↑ North East England: climate. Met Office
  28. ↑ Sheffield 1981–2010 averages. Met Office
  29. ↑ 1982 temperature. KNMI
  30. ↑ United Kingdom Census 2001. Sheffield (Local Authority). Office for National Statistics
  31. ↑ 2011 Census: Ethnic group, local authorities in England and Wales. ONS
  32. ↑ 2011 Census: Religion, local authorities in England and Wales. United Kingdom Census 2011. Office for National Statistics
  33. ↑ Mid-2005 Population Estimates; Quinary age groups and sex for Primary Care Organisations (PCOs) for England; estimated resident population (experimental). On boundaries as at 1 October 2006. National Statistics. Office for National Statistics
  34. ↑ (7 July 2004). Wealth hotspots 'outside London'. BBC News
  35. ↑ (6 November 2005). Sheffield 'hotbed' for investment. BBC News
  36. ↑ Office for National Statistics GVA figures 2006, released 2008. Office for National Statistics
  37. ↑ (December 2009). Office for National Statistics GVA figures 2007, released 2009. Office for National Statistics
  38. ↑ Travel News: Sheffield and South Yorkshire. BBC
  39. ↑ (May 2009). 2010 Great Britain National Rail Train Operators. Network Rail website. Network Rail
  40. ↑ Travel information. Eurostar
  41. ↑ (24 November 2007). Stars mark team's 150th birthday. BBC News
  42. ↑ Harvey, Adrian. (2005). Football: the first hundred years: the untold story. Routledge. পৃ. 92–125. ISBN 0-415-35019-0
  43. ↑ City legends honoured by walk of fame – News. The Star. Retrieved 24 August 2011
  44. ↑ (24 September 2010). Giant Sheffield wheel to leave city three months early. BBC News
  45. ↑ Home। Heeley City Farm. Heeleyfarm.org.uk. Retrieved 24 August 2011
  46. ↑ Graves Park Sheffield . Gravesparksheffield.info. Retrieved 24 August 2011
  47. ↑ Reynolds, Simon. (1999). Generation ecstasy: into the world of techno and rave culture. Routledge. পৃ. 116. ISBN 0-415-92373-5
  48. ↑ Collins, Hattie. (29 November 2007). Deep down and dirty. The Guardian
  49. ↑ (18 June 2007). Nightclub collapses in city fire. BBC News
  50. ↑ Huhn, Mary. (13 May 2007). Pub Pals: Arctic Monkeys Take Their Sheffield Local Wherever They Go. New York Post. NYP Holdings, Inc
  51. ↑ www.theguardian.com/film/2014/jun/08/pulp-jarvis
  52. ↑ Pete Frame (1999). "Pete Frame's Rockin' Around Britain: Rock'n'roll Landmarks of the UK and Ireland". p. 211. Music Sales Group
  53. ↑ Joe Cocker to join Sheffield's 'hall of fame'. Local Government. Retrieved 24 June 2015
  54. ↑ Sheffield Theatres Education: Corporate Learning. Sheffield Theatres
  55. ↑ Our Museums. Museums Sheffield
  56. ↑ Sheffield Industrial Museums Trust. Simt.co.uk. Retrieved 24 August 2011
  57. ↑ Sheffield Industrial Museums Trust. Simt.co.uk. Retrieved 24 August 2011
  58. ↑ Sheffield Industrial Museums Trust. Simt.co.uk. Retrieved 24 August 2011
  59. ↑ Sheffield Industrial Museums Trust. Simt.co.uk. Retrieved 24 August 2011
  60. ↑ (January 2010). Trees & Woodlands in Sheffield. Sheffield City Council. SSC
  61. ↑ Sheffield Parks. Sheffield City Council
  62. ↑ (22 January 2013). Sheffield City Council – Gardens. Sheffield.gov.uk
  63. ↑ (4 April 2012). Sheffield City Council – Peace Gardens Awards. Sheffield.gov.uk
  64. ↑ (2 May 2013). Sheffield City Council – About Us – Woodlands and Countryside Section. Sheffield.gov.uk
  65. ↑ Peak district fact sheet
  66. ↑ Pride and Prejudice. Chatsworth
  67. ↑ Valley Centertainment Leisure. Leisure Fund Limited Partnership
  68. ↑ Sheffield Restaurants & Bars – Leopold Square. Leopoldsquare.com
  69. ↑ British Library Newspaper Catalogue. British Library website. The British Library Board
  70. ↑ Locations: Sheffield, South Yorkshire, England, UK. The Internet Movie Database. Internet Movie Database

সম্পৰ্কিত শ্ৰেণী

নগৰ-মহানগৰযুক্তৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেফিল্ড” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৭৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।