ট্ৰিকোটিলোমেনিয়া (Trichotillomania) হৈছে এক মানসিক বিকাৰ। এই ৰোগত আক্ৰান্ত লোকসকলে নিৰন্তৰ নিজৰ চুলি উঘালী থাকে।১ এই বিকাৰৰ ফলত মূৰৰ চুলি বহু পৰিমাণে কমি যায়। ৰোগীয়ে এনেধৰণে নিজৰ চুলি উঘালী মনত এক সন্তুষ্টি লাভ কৰে।২ চুলি উঘালীবলৈ বন্ধ কৰাৰ প্ৰচেষ্টা সাধাৰণতে বিফল হয়। চুলি উঘালা প্ৰক্ৰিয়াটো শৰীৰৰ যিকোনো অংশত হ'ব পাৰে; অৱশ্যে, মুৰ আৰু চকুৰ চাৰিওফালে আটাইতকৈ বেছি হোৱা দেখা যায়। চুলি উঘালা এই অভ্যাসটো ইমানেই চৰম হৈ পৰে যে ইয়াৰ ফলত বহুতো সংকটে দেখা দিয়ে।
ৰোগৰ কাৰণ আৰু ৰোগ নিৰ্ণয়
বিকাৰটো পৰিয়ালত আনুবংশিকভাৱে হ'ব পাৰে। এই ৰোগ সচৰাচৰ অবচেছিভ কম্পালচিভ ডিচঅৰ্ডাৰ থকা লোকসকলৰ ক্ষেত্ৰত হয়। এই কাৰ্য মানসিক উদ্বেগৰ ফলত আৰম্ভ হ'ব পাৰে। ৰোগীসকলে সাধাৰণতে স্বীকাৰ কৰে যে তেওঁলোকে চুলি উঘালে। চিঙা চুলিবোৰ পৰীক্ষা কৰিলে এই কাৰ্য ধৰা পৰে। কিছুমান লোকে নিজকে ভাল নেদেখাৰ সমস্যা সমাধান কৰিবলৈও এনে কাৰ্যত লিপ্ত হয়।
চিহ্ন আৰু লক্ষণসমূহ
ট্ৰিকোটিলোমেনিয়া সাধাৰণতে দেহৰ এটা বা দুটা স্থানত সীমাবদ্ধ থাকে৩, কিন্তু ই একাধিক স্থানত হʼব পাৰে। সচৰাচৰ মূৰৰ চুলি চিঙা দেখা যায় যদিও আন অংশ যেনে ভ্ৰূ, চকুৰ পতা, মুখ, বাহু আৰু ভৰিতো দেখা যায়।৪
তথ্যসূত্ৰ
- ↑ Pittenger, Christopher. (2017). Obsessive-compulsive Disorder: Phenomenology, Pathophysiology, and Treatment. Oxford University Press. পৃ. 541. ISBN 9780190228163
- ↑ Woods, Douglas; Miltenberger, Raymond. (2007). Tic Disorders, Trichotillomania, and Other Repetitive Behavior Disorders: Behavioral Approaches to Analysis and Treatment. Springer Science & Business Media. পৃ. 134. ISBN 9780387459448
- ↑ Chamberlain SR, Menzies L, Sahakian BJ, Fineberg NA (April 2007). "Lifting the veil on trichotillomania". Am J Psychiatry. 164 (4): 568–74. doi:10.1176/appi.ajp.164.4.568. PMID 17403968
- ↑ What is Trichotillomania What is Trichotillomania (Hair Pulling Disorder)?. 2016
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰিকোটিলোমেনিয়া” প্ৰবন্ধৰ সংশোধন ৪৯৫৮৬২ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।