ভৌতিক ৰাশি
১০ প্ৰবন্ধ
-
বল
কোনো এটা বস্তুৰ গতি, দিশ বা জ্যামিতিক গঠন সাল সলনি কৰিব পৰা যিকোনো কাৰকক পদাৰ্থ বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়। অন্য ভাষাত ভৰযুক্ত কোনো বস্তুৰ বেগ সলনি কৰিব পৰা (যেনে ত্বৰিত কৰা) বা কোনো নমনীয় বস্তুৰ বিকৃতি ঘটাব পৰা কাৰকক বল বুলি ক’ব পাৰি।
-
উষ্ণতা
উষ্ণতা হৈছে কোনো বস্তু গৰম নে ঠাণ্ডা তাৰ এক তুলনামূলক জোখ। থাৰ্মমিটাৰৰ সহায়ত ইয়াক জোখা হয়। উষ্ণতা জোখাৰ বহুতো স্কেল আৰু একক আছে। তাৰে ভিতৰত চেলচিয়াছ(পোনপ্ৰথমে চেণ্টিগ্ৰেড হিচাপে জনা গৈছিল), ফাৰেণহাইট, আৰু বৈজ্ঞানিক কাম কাজত ব্যৱহৃত কেলভিন অন্যতম।
-
চুম্বকীয় ক্ষেত্ৰ
চুম্বক ক্ষেত্ৰ হৈছে বৈদ্যুতিক কাৰেণ্ট আৰু চুম্বকীয় পদাৰ্থৰ চৌম্বিক প্ৰভাৱ(magnetic effect)। কোনো এক বিন্দুৰ চুম্বক ক্ষেত্ৰ, দিশ আৰু মান দুইটাৰ ওপৰত নিৰ্ভৰশীল, ইয়াক ভেক্টৰ ক্ষেত্ৰৰ দ্বাৰা প্ৰকাশ কৰা হয়।
-
কুলম্ব
কুলম্ব (ইংৰাজী: Coulomb) হ'ল বৈদ্যুতিক আধানৰ এছ.আই.একক যাক C ৰে সূচোৱা হয়। চাৰ্লছ আগাষ্টিন ডি কুলম্বৰ নামেৰে এককটোৰ নামাকৰণ কৰা হৈছে।
-
ঘনত্ব
ঘনত্ব (ইংৰাজী: Density) হ'ল একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। ঘনত্বক ρ (ৰ') বা D ৰে সূচোৱা হয়। গাণিতিকভাৱে, ঘনত্ব:⟨\rho = \frac{m}{V},⟩ য'ত m ভৰ আৰু V আয়তন।
-
কাৰ্য্য
পদাৰ্থ বিজ্ঞানত, যেতিয়া বল প্ৰয়োগ কৰি বলৰ দিশত কিছু সৰণ ঘটাব পাৰি, তেতিয়া কাৰ্য্য কৰা হৈছে বুলি কোৱা হয়। উদাহৰণস্বৰূপে, যেতিয়া এটা ফুটবল মাটিৰ পৰা ওপৰত ৰখা হয় আৰু তাৰপাছত পেলাই দিয়া হয়, ফুটবলটোৰ ওপৰত কৰা কাৰ্যৰ পৰিমাণ হ'ব ফুটবলৰ ওজন (বল) আৰু মাটিৰ পৰা ওপৰত থকাৰ দূৰত্ব(সৰণ)ৰ গুণফল।
-
দ্ৰুতি
দৈনন্দিন জীৱন আৰু গতিবিজ্ঞানত, দ্ৰুতি হৈছে কোনো বস্তুৰ বেগৰ পৰিমাপ(magnitude) আৰু ই এটা স্কেলাৰ ৰাশি। এক নিৰ্দিষ্ট সময়সীমাত কোনো এক বস্তুৱে অতিক্ৰম কৰা মুঠ দূৰত্বক উক্ত সময়সীমাৰে হৰণ কৰিলে গড় দ্ৰুতি পোৱা যায়।
-
ভৰবেগ
নিউটনীয় বলবিদ্যাত, ভৰবেগ বা ৰৈখিক ভৰবেগ হৈছে কোনো বস্তুৰ ভৰ আৰু বেগৰ গুণফল। এছ আই একক হৈছে কিল'গ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড। ইয়াৰ মাত্ৰা বলৰ ঘাতৰ সৈতে সমতুল্য। নিউটনৰ দ্বিতীয় সূত্ৰ অনুসৰি, কোনো বস্তুৰ সলনি হোৱা ভৰবেগ তাৰ ওপৰত কাৰ্যকৰী হোৱা বলৰ ঘাতৰ সমান।
-
ওম
ওম (ইংৰাজী: Ohm) হ'ল ৰোধৰ এছ.আই.একক যাক গ্ৰীক অক্ষৰ ওমেগা (Ω) ৰে সূচোৱা হয়। জাৰ্মান পদাৰ্থ বিজ্ঞানী তথা গণিতজ্ঞ জৰ্জ চায়মন ওমৰ নামেৰে এই এককৰ নামকৰণ কৰা হৈছে।
-
ঘাতবল
ধ্ৰুপদী বলবিজ্ঞানত, ঘাতবল(J) হৈছে সময়ৰ সাপেক্ষে বলৰ অনুকল( integral)। ⟨J = \int F \,\mathrm{d}t⟩ যিহেতু বল এটা ভেক্টৰ ৰাশি, ঘাতবলো এটা ভেক্টৰ ৰাশি। এছ আই একক হৈছে নিউটন ছেকেণ্ড। অন্য ইংৰাজ আভিযান্ত্ৰিক একক কিছুমান হৈছে পাউণ্ড-ছেকেণ্ড আৰু শ্লাগ-ফুট প্ৰতি ছেকেণ্ড। ⟨J = F_{\text{average}} (t_2 - t_1)⟩