নিউটনীয় বলবিদ্যাত, ভৰবেগ বা ৰৈখিক ভৰবেগ হৈছে কোনো বস্তুৰ ভৰ আৰু বেগৰ গুণফল। এছ আই একক হৈছে কিল'গ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড। ইয়াৰ মাত্ৰা বলৰ ঘাতৰ সৈতে সমতুল্য। নিউটনৰ দ্বিতীয় সূত্ৰ অনুসৰি, কোনো বস্তুৰ সলনি হোৱা ভৰবেগ তাৰ ওপৰত কাৰ্যকৰী হোৱা বলৰ ঘাতৰ সমান। উদাহৰণস্বৰূপে, জোৰেৰে গতি কৰা গধুৰ ট্ৰাকগাড়ী এখনৰ ভৰবেগ বেছি আৰু সেইকাৰণে ট্ৰাকখন সিমান গতিত নিবলৈ যিমান বলৰ প্ৰয়োজন হ'ব, সিমানখিনি ট্ৰাকখন ৰখাবলৈও প্ৰয়োজন হ'ব। যদিহে ট্ৰাকখন কম গধুৰ হ'লহেতেন অথবা লাহেকৈ গতি কৰিলেহেতেন, তেন্তে সেইমতে কম বলৰ প্ৰয়োজন হব। বেগৰ দৰে ভৰবেগো এটা ভেক্টৰ ৰাশি, ইয়াৰ দিশ আৰু মান দুটাই আছে। ⟨\mathbf{p} = m \mathbf{v},⟩ য'ত হৈছে ভৰবেগ, হৈছে বেগ আৰু হৈছে ভৰ। ভৰবেগ এটা সংৰক্ষণশীল ৰাশি। যদি কোনো বন্ধ তন্ত্ৰ বাহিৰা বলৰ দ্বাৰা প্ৰভাৱিত নহয়(not affected), তেন্তে সৰ্বমুঠ ৰৈখিক ভৰবেগ সলনি নহয়। ধ্ৰুপদী বলবিজ্ঞানত, নিউটনৰ সূত্ৰৰ দ্বাৰা ৰৈখিক ভৰবেগৰ সংৰক্ষণশীলতাৰ কথা আহে। ভৰবেগ প্ৰসংগ প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। বেলেগ বেলেগ প্ৰসংগ প্ৰণালীৰ কাৰণে দৰ্শকে ভৰবেগৰ বেলেগ বেলেগ মান পাব পাৰে। কিন্তু যদি দিয়া থাকে যে তন্ত্ৰটো পৃথক(isolated), তেতিয়া ৰৈখিক ভৰবেগৰ মান সময়ৰ সৈতে সলনি নোহোৱাটো দেখা পোৱা যাব।
নিউটনীয় বলবিদ্যা
ভৰবেগৰ মান আৰু দিশ দুইটাই থাকে। যিহেতু ইয়াৰ লগত দিশ জড়িত হৈ থাকে, কোনো বস্তুৰ সংঘৰ্ষৰ পাছত তাৰ দিশ আৰু দ্ৰুতি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। এক মাত্ৰাত(one dimension)ত ইয়াৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হৈছে।
এটা কণা
কোনো কণাৰ ভৰবেগ ৰে দেখুৱা হয়। ই হৈছে ভৰ আৰু বেগ ৰ গুণফল। ১ ⟨p = m v.⟩ এছ আই এককত ইয়াৰ একক হৈছেে কিল'গ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড। ছি জি এছ এককত, গ্ৰাম ছেণ্টিমিটাৰ প্ৰতি ছেকেণ্ড। ভেক্টৰ ৰাশি হোৱাৰ হেতু ইয়াৰ দিশ আৰু মান দুইটাই থাকে। উদাহৰণস্বৰূপে, এক কিল'গ্ৰাম ওজনৰ এখন পুতলা উৰাজাহাজে উত্তৰ দিশলৈ এক মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে গতি কৰিলে, মাটিৰ পৰা লোৱা জোখমতে ভৰবেগ হ'ব উত্তৰ দিশে এক কেজি মিটাৰ প্ৰতি ছেকেণ্ড।
অসংখ্য কণা
কোনো তন্ত্ৰৰ ভৰবেগ হ'ব কণাবোৰৰ ভৰবেগৰ যোগফল। যদি দুটা কণাৰ ভৰ আৰু,আৰু বেগ আৰু,, সৰ্বমুঠ ভৰবেগ হ'ব ⟨\begin{align} p &= p_1 + p_2 \\ &= m_1 v_1 + m_2 v_2\,. \end{align}⟩ দুটাতকৈ বেছি কণাৰ ক্ষেত্ৰত ⟨p=\sum_{i}m_iv_i⟩ অসংখ্য কণাৰ এটা তন্ত্ৰৰ ভৰকেন্দ্ৰ থাকে ⟨r_\text{cm} = \frac{m_1 r_1 + m_2 r_2 + \cdots}{m_1 + m_2 + \cdots} = \frac{\sum\limits_{i}m_ir_i}{\sum\limits_{i}m_i}.⟩ যদি গোটেই কণাবোৰ চলাচল কৰে, তেন্তে ভৰকেন্দ্ৰটোও সাধাৰণতে চলাচল কৰে((unless the system is in pure rotation around it)। যদি ভৰকেন্দ্ৰৰ বেগ, ভৰবেগ হ'ব:⟨p= mv_\text{cm}.⟩ ইয়াকে অয়লাৰৰ প্ৰথম সূত্ৰ বুলি জনা যায়২৩।
বলৰ সৈতে সম্পৰ্ক
কোনো এক কণাক সময়ত বল প্ৰয়োগ কৰা হয়, তেতিয়া ভৰবেগৰ সলনি হ'ব:⟨\Delta p = F \Delta t\,.⟩ কোনো কণাৰ ভৰবেগৰ সলনিৰ হাৰ ইয়াৰ ওপৰত প্ৰযোজ্য বল ৰ সমানুপাতিক(নিউটনৰ দ্বিতীয় সূত্ৰৰ অৱকলজ ৰূপ)১ ⟨F = \frac{dp }{d t}.⟩ যদি বল সময়ৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে আৰু সময়ৰ ভিতৰত ভৰবেগৰ পৰিৱৰ্তন(বলৰ ঘাত) হ'ব ⟨\Delta p = J = \int_{t_1}^{t_2} F(t)\, dt\,.⟩ ভৰ যদি ধ্ৰুৱক থাকে, তেন্তে:⟨F = m\frac{dv}{d t} = m a,⟩ অৰ্থাৎ বল = ভৰ আৰু সৰণৰ গুণফল।
সংৰক্ষণশীলতা
কোনো বন্ধ তন্ত্ৰত সৰ্বমুঠ ভৰবেগ ধ্ৰুৱক- ইয়ে হৈছে ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ৪৫। ধৰা হ'ল, দুটা কণাই সংস্পৰ্শলৈ(interact) আহিছে। নিউটনৰ তৃতীয় সূত্ৰানুসৰি, সিহঁতৰ মাজৰ বল সমান আৰু বিপৰীতমুখী। যদি কণাদুটা আমি ১ আৰু ২ হিচাপে চিনাক্ত কৰি লওঁ, তেন্তে নিউটনৰ দ্বিতীয় সূত্ৰানুসৰি, আৰু গতিকে,:⟨\frac{d p_1}{d t} = - \frac{d p_2}{d t},⟩ ঋণাত্মক চিনে বল দুটা বিপৰীতমুখী হোৱা বুজাইছে। যদি কণা দুটাৰ বেগ সংস্পৰ্শলৈ( interaction) অহাৰ আগেয়ে যথাক্ৰমে আৰু আৰু তাৰপাছত আৰু, তেন্তে:⟨m_1 u_{1} + m_2 u_{2} = m_1 v_{1} + m_2 v_{2}.⟩ এই সূত্ৰটো কণাবোৰৰ মাজত যিমানেই জটিল বল নহওঁক কিয়, সদায় প্ৰযোজ্য(holds) হৈ থাকে। একেদৰে, যদি বহুত কণা থাকে, প্ৰত্যেকযোৰা কণাৰ মাজত ভৰবেগৰ আদান প্ৰদান হৈ ভৰবেগৰ সৰ্বমুঠ পৰিৱৰ্তনৰ মান শূণ্য হয়।
তথ্যসূত্ৰ
- ↑ Feynman Vol. 1
- ↑ Euler's Laws of Motion
- ↑ McGill and King. (1995). Engineering Mechanics, An Introduction to Dynamics. PWS Publishing Company. ISBN 0-534-93399-8
- ↑ Feynman Vol. 1
- ↑ Ho-Kim, Quang; Kumar, Narendra; Lam, Harry C. S. (2004). Invitation to Contemporary Physics. World Scientific. পৃ. 19. ISBN 978-981-238-303-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৰবেগ” প্ৰবন্ধৰ সংশোধন ৬৩১৪৫৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।