ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন
৭০ প্ৰবন্ধ
-
সংস্কৃত ভাৰতী
সংস্কৃত ভাৰতী (সংস্কৃত: संस्कृत भारती; Samskrita Bharati) সংস্কৃত ভাষাক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰা এটা অলাভজনক সংস্থা। বৈদিক আৰু ধ্ৰুপদী যুগত সংস্কৃত এক সৰ্বভাৰতীয় ভাষা আছিল যদিও আধুনিক ভাৰতত ইয়াৰ ব্যুৎপত্তিগত আঞ্চলিক উপভাষাৰ বাবে নিজৰ স্থান হেৰুৱাই পেলায়।
-
সহপিডিয়া
সহপিডিয়া (ইংৰাজী: Sahapedia) এটা ৱেবছাইট যিয়ে ভাৰতৰ সংস্কৃতি আৰু ইতিহাস সকলোৰে বাবে সুলভ কৰিবলৈ বিচাৰে। সহপিডিয়া শব্দটো ‘সহ’ আৰু ‘এনচাইক্লোপিডিয়া’ (বিশ্বকোষ) শব্দ দুটাৰ সংমিশ্ৰণত গঠিত। সংস্কৃত ভাষাত ‘সহ’ মানে হৈছে ‘একে লগে’।
-
সাৰনাথ সংগ্ৰহালয়
সাৰনাথ সংগ্ৰহালয় ( Sarnath Museum ) ভাৰতৰ পুৰাতাত্ত্বিক জৰীপৰ আটাইতকৈ পুৰণি স্থান সংগ্ৰহালয় (site museum)। ইয়াত ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগৰ দ্বাৰা সাৰনাথৰ পুৰাতাত্ত্বিক স্থানত কৰা অনুসন্ধান আৰু খননৰ তথ্য সংগৃহীত কৰা হৈছে। সাৰনাথ উত্তৰ প্ৰদেশ বাৰাণসীৰ ওচৰৰ এখন ঠাই।
-
সৰমায়া আৰ্টছ ফাউণ্ডেশ্যন
সৰমায়া আৰ্টছ ফাউণ্ডেশ্যন (Sarmaya Arts Foundation) হৈছে ভাৰতীয় উপমহাদেশৰ কলা, শিল্পকলা আৰু জীৱন্ত পৰম্পৰাৰ এক অলাভজনক কিউৰেটেড ভঁৰাল। সৰমায়া ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানটোৰ নেতৃত্বত আছে পাল আব্ৰাহাম আৰু পবিত্ৰ ৰাজাৰাম।
-
ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়
আঞ্চলিক প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়, ছাৱাই মাধোপুৰ বা ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয় (Rajiv Gandhi Regional Museum of Natural History) ভাৰতৰ চতুৰ্থ আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়, য’ত ভাৰতৰ পশ্চিম অঞ্চলৰ উদ্ভিদ, জীৱ-জন্তু আৰু ভূতত্ত্বৰ প্ৰদৰ্শন হয়।
-
ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয়
ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয় (State Archaeological Museum ) পশ্চিম বংগৰ কলকাতাত অৱস্থিত আৰু ১৯৬২ চনত প্ৰতিষ্ঠা হোৱা এটা পুৰাতাত্ত্বিক সংগ্ৰহালয়। ইয়াত চুছুনীয়া (বাঁকুৰা) আৰু অন্যান্য স্থানৰ পৰা উদ্ধাৰ হোৱা প্ৰাচীন, মধ্য আৰু উত্তৰ পাষাণ যুগৰ বিৰল উপকৰণ, পাণ্ডু ৰাজাৰ ধীবি (বৰ্ধমান)ৰ পৰা সংগৃহীত…
-
ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ
ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ (State Museum, Lucknow) ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ উত্তৰ প্ৰদেশত অৱস্থিত এটা বিশিষ্ট সংগ্ৰহালয়। এই সংগ্ৰহালয়টো লক্ষ্ণৌৰ বানাৰসী বাগৰ নবাব ৱাজিদ আলী শ্বাহ জুল’জিকেল গাৰ্ডেনত অৱস্থিত।
-
ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ
ৰামকৃষ্ণ মিচন স্বামী বিবেকানন্দৰ পৈতৃক গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ (Ramakrishna Mission Swami Vivekananda's Ancestral House and Cultural Centre) ভাৰতৰ কলকাতাৰ ১০৫ বিবেকানন্দ ৰোডত অৱস্থিত। এই ঘৰতে স্বামী বিবেকানন্দৰ (তেতিয়া নৰেন্দ্ৰনাথ দত্ত বুলি কোৱা হৈছিল) ১৮৬৩ চনৰ ১২ জানুৱাৰীত জন্মগ্ৰহণ কৰে।
-
ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান
ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান (National Institute of Kathak Dance) কথকৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰধান নৃত্য প্ৰতিষ্ঠান। নতুন দিল্লীত অৱস্থিত এই প্ৰতিষ্ঠানখনক কথক কেন্দ্ৰ হিচাপেও জনা যায়। ভাৰতৰ সংগীত, নৃত্য, নাটকৰ ৰাষ্ট্ৰীয় একাডেমী “সংগীত নাটক একাডেমী”ৰ ই এক গোট।
-
ৰাষ্ট্ৰীয় দলিত প্ৰেৰণা স্থল আৰু গ্ৰীণ গাৰ্ডেন
ৰাষ্ট্ৰীয় দলিত প্ৰেৰণা স্থল আৰু গ্ৰীণ গাৰ্ডেন ( Dalit Prerna Sthal and Green Garden ) ভাৰতৰ উত্তৰ প্ৰদেশৰ নয়ডাত অৱস্থিত এটা স্মৃতিসৌধ। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীয়ে ইয়াক নিৰ্মাণ কৰিছিল আৰু ২০১১ চনৰ ১৪ অক্টোবৰত উদ্বোধন কৰিছিল।