ৰাষ্ট্ৰীয় দলিত প্ৰেৰণা স্থল আৰু গ্ৰীণ গাৰ্ডেন ( Dalit Prerna Sthal and Green Garden ) ভাৰতৰ উত্তৰ প্ৰদেশৰ নয়ডাত অৱস্থিত এটা স্মৃতিসৌধ। ১২৩ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীয়ে ইয়াক নিৰ্মাণ কৰিছিল আৰু ২০১১ চনৰ ১৪ অক্টোবৰত উদ্বোধন কৰিছিল। ৪৫৬ প্ৰৱেশ মাচুল প্ৰতিজনৰ ২০টকা আৰু প্ৰতি সপ্তাহত ৭০০০ দৰ্শনাৰ্থী আৰু আম্বেদকাৰ জয়ন্তীত ১০০০ দৰ্শনাৰ্থী ইয়ালৈ আহে। ৭
সংগ্ৰহালয়
এই স্মৃতিসৌধত ৰাষ্ট্ৰীয় দলিত স্মাৰক নামেৰে জনাজাত এটা ক্ষুদ্ৰ সংগ্ৰহালয় আৰু যমুনা নদীৰ পাৰৰ ৮২.৫ একৰ মাটিকালিত নিৰ্মিত এখন বিস্তৃত সেউজীয়া ক্ষেত্ৰ আছে। ৰাষ্ট্ৰীয় দলিত স্মাৰক ৩৩ একৰ মাটিত বিস্তৃত, আৰু ইয়াত গৌতম বুদ্ধ, সন্ত শিৰোমণি ৰাইদাস, সন্ত কবীৰ, জন নায়ক বীৰছা মুণ্ডা, ই ভি পেৰিয়াৰ ৰামস্বামী, নাৰায়ণ গুৰু, ছত্ৰপতি ছাহুজী মহাৰাজ, জ্যোতিবা ফুলে, কাঁসী ৰাম, ভীমৰাও আম্বেদকাৰকে ধৰি মানৱতা, সমতা আৰু সামাজিক ন্যায়ৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা লোকসকলৰ মূৰ্তি ইয়াত আছে৷ ইয়াৰ উপৰিও ইয়াত চৌবিশটা আঠাইশ ফুট উচ্চতাৰ বালিশিলৰ মূৰ্তি আছে, যিটো পৰম্পৰাগত ভাৰতীয় আদৰণিৰ প্ৰতীক।৮ এই স্মৃতিসৌধটো সমাজ সংস্কাৰকসকলৰ বাবে উৎসৰ্গিত আৰু ইয়াক "সামাজিক পৰিৱৰ্তনৰ সংগ্ৰামৰ প্ৰতি এই দিগগজসকলৰ অতুলনীয় সংগ্ৰাম"ক সন্মান জনাই নিৰ্মাণ কৰা হৈছে।৯
তথ্যসূত্ৰ
- ↑ Valdmanis, Richard. (15 October 2013). Photo gallery: A walk through Mayawati’s Dalit park. Reuters
- ↑ (15 April 2016). Visitors throng Noida memorial on Ambedkar birthday. hindustantimes.com
- ↑ (14 October 2011). Rashtriya Dalit Prerna Sthal and Green Garden in Noida. A Glimpse Of India
- ↑ Arpit Parashar. (2011-10-25). Maya’s dream park is far from complete. Tehelka
- ↑ Arvind, Ayesha. (4 October 2011). Noida Park set to open on Oct 14. The Times of India
- ↑ Offensive, Marking Them. (2 October 2013). Noida Dalit Park opens today, fee Rs 20. The Times of India
- ↑ N, TN. Prerna Sthal visitors park cars on road, choke Film City for six hours. The Times of India
- ↑ Preetika Rana. (2011-10-18). Dalit Park: Boon or Bane for Mayawati?. Wall Street Journal
- ↑ Dipankar Ghose. (2011-10-13). Maya park dedicated to ‘victims of iniquitous social order’. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় দলিত প্ৰেৰণা স্থল আৰু গ্ৰীণ গাৰ্ডেন” প্ৰবন্ধৰ সংশোধন ৫২৫৯৩৩ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।