অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

এলিছ জিম্মাৰ্ণ

এলিছ লুইছা থিওড'ৰা জিমাৰ্ণ ( Alice Louisa Theodora Zimmern) জন্ম: ২২ ছেপ্টেম্বৰ ১৮৫৫ চন – মৃত্যু: ২২ মাৰ্চ ১৯৩৯ চন; এগৰাকী ইংৰাজী লেখিকা, অনুবাদক আৰু ভোটাধিকাৰৰ হকে কাম কৰা মহিলা। মহিলাৰ শিক্ষা আৰু অধিকাৰৰ বিতৰ্কত তেওঁৰ গ্ৰন্থসমূহে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৫২ শব্দ · ৩ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

এলিছ লুইছা থিওড'ৰা জিমাৰ্ণ ( Alice Louisa Theodora Zimmern) জন্ম: ২২ ছেপ্টেম্বৰ ১৮৫৫ চন – মৃত্যু: ২২ মাৰ্চ ১৯৩৯ চন; এগৰাকী ইংৰাজী লেখিকা, অনুবাদক আৰু ভোটাধিকাৰৰ হকে কাম কৰা মহিলা। মহিলাৰ শিক্ষা আৰু অধিকাৰৰ বিতৰ্কত তেওঁৰ গ্ৰন্থসমূহে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

জিম্মাৰ্ণৰ জন্ম হৈছিল নটিংহামৰ পোষ্টাৰ্ণ ষ্ট্ৰীটত৷ তেওঁৰ পিতৃ জৰী ব্যৱসায়ী হাৰ্মান থিয়ডৰ জিমাৰ্ণ নামৰ জাৰ্মান ইহুদী অনুপ্ৰৱেশকাৰী আৰু তেওঁৰ মাতৃ এণ্টনিয়া মেৰী থেৰেছা ৰেজিমাৰ্ন, যি হামবাৰ্গৰ ছিণ্ডিক কাৰ্ল লিঅ'ৰ ভগ্নী আছিল৷ পিতৃ-মাতৃৰ তিনিগৰাকী কন্যাৰ ভিতৰত জিম্মাৰ্ণ সৰু।১২ এলিছে তেওঁৰ জ্যেষ্ঠ ভগ্নী হেলেন জিম্মাৰ্ণৰ সৈতে সহযোগিতা কৰি ইউৰোপীয় উপন্যাসৰ (১৮৮০ আৰু ১৮৮৪) অনুবাদিত উদ্ধৃতিৰ দুটা খণ্ড প্ৰস্তুত কৰিছিল। পণ্ডিত তথা ৰাজনীতি বিজ্ঞানী আলফ্ৰেড একহাৰ্ড জিমাৰন আছিল তেওঁৰ এজন খুলশালীয়েক।

এলিছ জিম্মাৰ্ণে ব্যক্তিগত বিদ্যালয় আৰু লণ্ডনৰ বেডফোৰ্ড কলেজত শিক্ষা গ্ৰহণ কৰাৰ পিছত ১৮৮১ চনত কেম্ব্ৰিজৰ গিৰ্টন কলেজত ক্লাছিকছ্ পঢ়িবলৈ ভৰ্তি হয়। তেওঁ আৰু জেনেট কেছে ধ্ৰুপদী নাটকৰ বাবে এখন সমাজ গঠন কৰে, যিয়ে ১৮৮৩ চনত কলেজীয়া প্ৰযোজনা ইলেক্ট্ৰা প্ৰদৰ্শন কৰে, ভাৰ্জিনিয়া উলফে উল্লেখ কৰা মতে, "গ্ৰীক নাটকত কেৱল পুৰুষেহে অভিনয় কৰা পৰম্পৰা তেওঁলোকে ভংগ কৰি।"৩ কেম্ব্ৰিজৰ ধ্ৰুপদী ট্ৰাইপ'ৰ দুয়োটা অংশতে সন্মান লাভ কৰি ১৮৮৫ চনত জিম্মাৰ্ণে গিৰ্টন এৰি থৈ যায়।১ ১৮৮৮–১৮৯৪ চনত তেওঁ টানব্ৰিজ ওৱেলছ হাইস্কুল (১৮৮৮–১৮৯১)কে ধৰি ইংৰাজী ছোৱালীৰ বিদ্যালয়ত ক্লাছিকছ অধ্যাপনা কৰে।১

কৰ্মজীৱন

শিক্ষকতা কৰি থকাৰ সময়তে জিম্মাৰ্ণে ১৮৮৭ চনত মেডিটেচনছ অৱ মাৰ্কাছ অৰেলিয়াছৰ স্কুল সংস্কৰণ, “হুগো ব্লুমনাৰ’’ৰ দ্য হোম লাইফ অৱ দ্য এন্সিয়েণ্ট গ্ৰীকছ (১৮৯৩)ৰ অনুবাদ আৰু পৰ্ফাইৰী: দ্য ফিল’চফাৰ টু হিজ ৱাইফ মাৰ্চেলা (১৮৯৬)ৰ অনুবাদ প্ৰস্তুত কৰে। পিছলৈ তেওঁ প্ৰাচীন গ্ৰীচ (গ্ৰীক হিষ্ট্ৰী ফৰ ইয়ং ৰিডাৰ্ছ, ১৮৯৫, অল্ড টেলছ ফ্ৰম গ্ৰীচ, ১৮৯৭) আৰু ৰোম (অল্ড টেলছ ফ্ৰম ৰোম, ১৯০৬) আদিৰ ওপৰত শিশু গ্ৰন্থ লিখিছিল আৰু এই সকলোবোৰ কেইবাবাৰো পুনৰ ছপা কৰা হৈছিল। গ্ৰীক হিষ্ট্ৰী ফৰ ইয়ং ৰিডাৰ্ছৰ ছয় বছৰৰ পিছতো পেৰেণ্টছ ৰিভিউত প্ৰশংসা কৰা হৈছিল।৪

১৮৯৩ চনত তেওঁৰ লগতে আন চাৰিগৰাকী মহিলাক আমেৰিকাৰ শিক্ষা ব্যৱস্থা অধ্যয়নৰ বাবে গিলক্ৰিষ্ট বৃত্তি দিয়া হয়। তেওঁলোক আছিল: মিছ এ ব্ৰেমৱেল, বি.এছ.চি., কেম্ব্ৰিজ ট্ৰেইনিং কলেজৰ প্ৰবক্তা; মিছ এছ এ বাৰ্ষ্টল, বি এ, নৰ্থ লণ্ডন কলেজিয়েট স্কুল ফৰ গাৰ্লছৰ মিষ্ট্ৰেছ; কাৰ্ডিফৰ ইউনিভাৰ্চিটি কলেজৰ শিক্ষাৰ প্ৰবক্তা মিছ এইচ এম হিউজ; ষ্টেমফোৰ্ড হিলৰ স্কিনাৰ্ছ কোম্পানীৰ স্কুল ফৰ গাৰ্লছৰ হেড মিষ্ট্ৰেছ মিছ মেৰী হান্না পেজ। প্ৰতিগৰাকী মহিলাই দুমাহৰ বাবে আমেৰিকাত পঢ়া-শুনা কৰিবলৈ ১০০ পাউণ্ড লাভ কৰিছিল।৫

ইয়াৰ ফলত তেওঁৰ গ্ৰন্থ মেথডছ অৱ এডুকেচন ইন আমেৰিকা(১৮৯৪)ত আমেৰিকাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ আৰ্টিকুলেচি আৰু ক্লাছিক ইংৰাজী সাহিত্যৰ প্ৰতি তেওঁলোকৰ উৎসাহৰ প্ৰশংসা কৰিছিল যদিও লক্ষ্য কৰিছিল যে, তেওঁলোকৰ লিখিত কাম আৰু তেওঁলোকৰ পাঠ্যপুথিসমূহ নিম্নমানৰ আৰু আমেৰিকাৰ ইতিহাস শিকণ হাস্যকৰভাৱে দেশপ্ৰেমমূলক আছিল।৬

১৮৯৪ চনত জিম্মাৰ্ণে বিদ্যালয়ত অধ্যাপনা বন্ধ কৰিছিল যদিও ব্যক্তিগতভাবে ছাত্ৰ-ছাত্ৰীক ক্লাছিকছৰ শিক্ষা দি আছিল। তেওঁ নিয়মিতভাৱে তুলনামূলক শিক্ষা আৰু মহিলাৰ শিক্ষাৰ ওপৰত আলোচনী প্ৰবন্ধ লিখিছিল। তেওঁৰ ৱ’মেন চাফ্ৰেজ ইন মেনি লেণ্ডচ(১৯০৯) নামৰ গ্ৰন্থখন আন্তঃৰাষ্ট্ৰীয় মহিলা মিত্ৰজোঁটৰ চতুৰ্থ কংগ্ৰেছ “আন্তঃৰাষ্ট্ৰীয় মহিলা ভোটাধিকাৰ চুক্তি’’ৰ সৈতে মিল থকা যেন দেখা গৈছিল। এই গ্ৰন্থখন আৰু দ্য ৰেনেছান্স অৱ গাৰ্লছ এডুকেচন (১৮৯৮)-এ জিম্মাৰ্ণৰ সময়ত মহিলাৰ শিক্ষা আৰু অধিকাৰৰ বিতৰ্কত ডাঙৰ অৱদান আগবঢ়াইছিল। প্ৰথমটোত তেওঁ লক্ষ্য কৰিছিল যে ভোটাধিকাৰ আৰু মহিলাৰ সৈতে ন্যায্য ব্যৱহাৰৰ মাজত এক অন্তৰংগ সংযোগ আছে। তেওঁৰ বেছিভাগ যুক্তি মধ্যমীয়া আৰু প্ৰাগমেটিক হ'লেও তেওঁ ব্ৰিটিছ ভোটাধিকাৰৰ অত্যুগ্ৰ কৌশলক মহিলাৰ ভোটাধিকাৰক "দিনৰ প্ৰশ্ন" কৰি তোলাত ফলপ্ৰসূ বুলি স্বীকাৰ কৰে।৭

জিম্মাৰ্ণৰ বহু গৱেষণা ব্ৰিটিছ মিউজিয়াম ৰিডিং ৰুমত কৰা হৈছিল, য'ত তেওঁ এডিথ ব্লেণ্ড, এলিন'ৰ মাৰ্ক্স আৰু বিট্ৰিছ পটাৰৰ দৰে ভোটাধিকাৰবাদী আৰু ফেবিয়ানসকলৰ সংগ লাভ কৰিছিল।৮ জিম্মাৰ্ণৰ আন আন কামসমূহৰ ভিতৰত আছে ডিমাণ্ড এণ্ড এচিভমেণ্ট, দা ইণ্টাৰনেচনেল ৱ’মেন চাফ্ৰেজ মুভমেণ্ট(১৯১২), পল কাজুছ ভন হোছব্ৰ'চৰ ফ'ৰটিন ইয়াৰ্ছ এ জেচুইট (১৯১১) আৰু গডছ এণ্ড হিৰোজ অৱ দ্য নৰ্থ (১৯০৭)ৰ অনুবাদ।৯

তথ্যসূত্ৰ

  1. ↑ [ODNB entry: www.oxforddnb.com/view/article/38621 Retrieved 25 March 2011. Subscription required.]
  2. ↑ Creffield, C. A. (2004). Zimmern, Helen, ODNB. Oxford University Press
  3. ↑ Alley, Henry M. (1982). "A Rediscovered Eulogy: Virginia Woolf's 'Miss Janet Case: Classical Scholar and Teacher.'". Twentieth Century Literature. পৃ. 290–301
  4. ↑ "Orpheus. Adapted by Alice Zimmern", excerpt from Old Tales from Greece. Vol. 14, 1903, 869 pp. Retrieved 25 March 2011
  5. ↑ Zimmern, Alice. (1894). Methods of Education in the United States. Swan Sonnenschein & Company
  6. ↑ Methods of Education in the United States available online. Retrieved 25 March 2011
  7. ↑ Lissenden Gardens centenary site. Retrieved 25 March 2011.
  8. ↑ Retrieved 25 March 2011.
  9. ↑ For bibliographical details, see the British Library catalogues: Retrieved 25 March 2011. For a full list see Joanne Shattock, The Cambridge Bibliography of English Literature 1800-1900 (Cambridge: Cambridge UP, 1999)

সম্পৰ্কিত শ্ৰেণী

বৃটিছ মহিলানাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিছ জিম্মাৰ্ণ” প্ৰবন্ধৰ সংশোধন ৬২৪০৮০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।