কুকমিন বেংক (কোৰিয়ান:주식회사 국민은행) হৈছে দক্ষিণ কোৰিয়াৰ এটা বেংক যিয়ে মূলতঃ দক্ষিণ কোৰিয়াত কাম কৰে, ইয়াৰ কেইটামান আন্তঃৰাষ্ট্ৰীয় শাখা চীন, হংকং, ভিয়েটনাম আদি দেশত আছে।১ ভাৰতৰ গুৰুগ্ৰামত ইয়াৰ শাখা কাৰ্যালয় আছে।২
দক্ষিণ কোৰিয়াৰ সম্পত্তিৰ মূল্যৰ ভিত্তিত স্থান লাভ কৰা চাৰিটা বৃহৎ বেংকৰ ভিতৰত এই বেংকটো অন্যতম আৰু বিশ্বৰ ৬০তম বৃহত্তম বেংকৰ এটা।
ভাৰতীয় শাখাটোৱে ইয়াৰ কৌশলগত অংশীদাৰ বেংক অৱ বৰোদাৰ সৈতে কাম কৰি ইতিমধ্যে অঞ্চলটোত কাম কৰি থকা আৰু প্ৰৱেশ কৰিব বিচৰা কোৰিয়ান কোম্পানীসমূহক বিভিন্ন বিত্তীয় সেৱা আগবঢ়ায়।২
ইতিহাস
২০০০ চনৰ ডিচেম্বৰ মাহত পুৰণি কুকমিন বেংক আৰু হাউছিং এণ্ড কমাৰ্চিয়েল বেংকৰ একত্ৰীকৰণত বৰ্তমানৰ কে বি কুকমিন বেংক গঠন কৰা হৈছিল। ষাঠিৰ দশকত কোৰিয়া চৰকাৰে বিশেষ উদ্দেশ্যত এই দুয়োখন প্ৰতিষ্ঠা কৰিছিল। মধ্যম আৰু কম আয়ৰ গ্ৰাহকৰ বাবে বিত্তীয় সেৱা প্ৰদানৰ দিশত সহায় কৰা কুকমিন বেংকক ১৯৯৫ চনত ব্যক্তিগতকৰণ কৰা হয়।
এছিয়াৰ বিত্তীয় সংকটৰ সময়ত দুয়োটা বেংকে অন্যান্য আৰ্থিকভাৱে অসুবিধাগ্ৰস্ত বেংকসমূহ অধিগ্ৰহণ কৰিছিল। বেংক দুটাৰ একত্ৰীকৰণৰ আংশিক কাৰণ আছিল বেংকসমূহক ডাঙৰ আৰু সুস্থিৰ কৰাৰ চৰকাৰী নীতি। একত্ৰীকৰণৰ পিছত কেবিয়ে ক্ৰেডিট কাৰ্ড, বীমা আৰু দালাল প্ৰতিষ্ঠানকে ধৰি বিভিন্ন কোম্পানী অধিগ্ৰহণ কৰে, ২০০৮ চনত বৰ্তমানৰ বিত্তীয় গোটলৈ ৰূপান্তৰিত হয়।
তথ্যসূত্ৰ
- ↑ Official website - Kukmin Bank. kukminbank.com
- ↑ Kookmin Bank opens first branch in India. The Korea Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুকমিন বেংক” প্ৰবন্ধৰ সংশোধন ৪৩৮৫৬৯ (১৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।