অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপা খন্দকাৰ

দীপা খন্দকাৰ (ইংৰাজী: Deepa Khandakar; জন্ম: ২৮ নৱেম্বৰ) এগৰাকী বাংলাদেশী টেলিভিছন অভিনেত্ৰী। তেওঁ মূলতঃ টেলিভিছন নাটকত অভিনয় কৰে আৰু ইয়াৰ লগতে চলচ্চিত্ৰ তথা বিজ্ঞাপনতো অভিনয় কৰে। তেওঁৰ উল্লেখযোগ্য ভাৰতীয় বাংলা চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম হ'ল ভাইজান এলো ৰে (২০১৮)।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দীপা খন্দকাৰ (ইংৰাজী ভাষা: Deepa Khandakar; জন্ম: ২৮ নৱেম্বৰ)১ এগৰাকী বাংলাদেশী টেলিভিছন অভিনেত্ৰী। তেওঁ মূলতঃ টেলিভিছন নাটকত অভিনয় কৰে আৰু ইয়াৰ লগতে চলচ্চিত্ৰ তথা বিজ্ঞাপনতো অভিনয় কৰে। তেওঁৰ উল্লেখযোগ্য ভাৰতীয় বাংলা চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম হ'ল ভাইজান এলো ৰে (২০১৮)।

তেওঁ কাকতাৰুৱা নামৰ টেলিভিছন নাটকৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। খন্দকাৰে ২০০৬ চনত অভিনেতা শ্বাহেদ আলীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

খন্দকাৰে তেওঁৰ শৈশৱ নাৰায়ণগঞ্জত অতিবাহিত কৰিছিল।২ অভিনয় জীৱন আৰম্ভ কৰাৰ আগতে তেওঁ এগৰাকী বিমান সেৱিকা হিচাপে কাম কৰিছিল। তেওঁ কাকতাৰুৱা নামৰ টেলিভিছন নাটকৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।৩

তেওঁৰ জনপ্ৰিয় টেলি-নাটকসমূহৰ ভিতৰত আছে 'মেঘে ঢাকা মানুহ', 'এবং আমি', 'অন্ধকাৰে ফুল', 'ঘৰ-সংসাৰ', 'মহুয়া', 'স্বপ্নভোগ', 'চছাইটি', 'সাক্ষী কুটুম' আদি বহুতো। চেনেল ২৪-ত সম্প্ৰচাৰিত 'হাউচ ৱাইফ' নামৰ টিভি অনুষ্ঠানটোত উপস্থাপন হিচাপে কৰা কামৰ বাবেও তেওঁ অপৰিসীম প্ৰশংসা লাভ কৰিছে। গোলাম মুস্তাফাৰ নিৰ্দেশনাত নিৰ্মিত কানাডিয়ান ছবি 'এ ফাদাৰ্ছ ডায়েৰী'ত তেওঁ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।

খন্দকাৰে চোৱান ফোম, আড়ং, লিপটন তাজা টি, ষ্টাৰশ্বিপ, কিউট পাউডাৰ, তিব্বত আৰু তিব্বত নাৰিকল তেল আদি কোম্পানীৰ বাবে টেলিভিছন বিজ্ঞাপন কৰিছে।৪

২০১৮ চনত ভাইজান এলো ৰে ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত অভিষেক ঘটায়।৫

ব্যক্তিগত জীৱন

খন্দকাৰে ২০০৬ চনত অভিনেতা শ্বাহেদ আলীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ আদৰিক নামৰ এজন পুত্ৰ আৰু আৰোহী নামৰ এগৰাকী কন্যা সন্তান আছে।৪

তথ্যসূত্ৰ

  1. ↑ (2017-11-28). Deepa spends birthday in shooting of 'Locket' these days. The USA Mirror
  2. ↑ (2004-11-13). Celebrity Eid-thoughts. The Daily Star
  3. ↑ Shah Alam Shazu. (2012-05-15). Catching up with Dipa Khondokar. The Daily Star
  4. ↑ (2010-09-21). Dipa Khondokar: Glamour and professionalism combined. The Daily Star
  5. ↑ (2018-06-25). Deepa in dialogue. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশী হিন্দুবাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপা খন্দকাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯১৬০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।