অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ফণী (ঘূৰ্ণীবতাহ)

ফণী (‘ফণী’, অৰ্থ "সাপৰ ফণা") হৈছে এক শক্তিশালী গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ। ভাৰত আৰু বাংলাদেশ ই অত্যন্ত আতংকৰ সৃষ্টি কৰিছে। ঘূৰ্ণীবতাহ 'ফণী'ৰ নাম দিছে বাংলাদেশে। ইয়াৰ অৰ্থ সাপ বা ফণা তুলিব পৰা কোনো প্ৰাণী। ই ভাৰত বতৰবিজ্ঞান বিভাগৰ (আইএমডি)ৰ দ্বাৰা নামাঙ্কিত প্ৰথম বতাহ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৮৪ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ফণী (‘ফণী’, অৰ্থ "সাপৰ ফণা")১ হৈছে এক শক্তিশালী গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ। ভাৰত আৰু বাংলাদেশ ই অত্যন্ত আতংকৰ সৃষ্টি কৰিছে। ঘূৰ্ণীবতাহ 'ফণী'ৰ নাম দিছে বাংলাদেশে। ইয়াৰ অৰ্থ সাপ বা ফণা তুলিব পৰা কোনো প্ৰাণী।২ ই ভাৰত বতৰবিজ্ঞান বিভাগৰ (আইএমডি)ৰ দ্বাৰা নামাঙ্কিত প্ৰথম বতাহ। ফণী ভাৰত মহাসাগৰৰ সুমাত্ৰাৰ পশ্চিমে অৱস্থিত ক্ৰান্তীয় নিম্নচাপৰ পৰা ২৬ এপ্ৰিলত সৃষ্টি হৈছিল। ফণী ধীৰে ধীৰে পশ্চিমাভিমুখে গমণ কৰে আৰু অধিক শক্তিশালী হৈ গৈ থাকে। নামকৰণৰ দুই দিনৰ পিছতেই ঘূৰ্ণীবতাহ ফণী তীব্ৰতৰ হৈ উঠে। ই বতৰৰ দ্বিতীয় নামাঙ্কিত বতাহ হৈ উঠে। ফণী উত্তৰৰ ফালে অগ্ৰসৰ হৈ থাকে, এই সময়ত বিভক্ত মধ্যপন্থী উল্লম্ব বায়ুৰ সৈতে হোৱা তীব্ৰতৰ সংগ্ৰামত তাৰ অগ্ৰগতি ব্যাহত হয়। বায়ু বিভক্ত স্থানৰ পৰা দূৰলৈ গমন কৰাৰ পিছত, ফণী দ্ৰুত তীব্ৰতৰ হবলৈ আৰম্ভ কৰে আৰু ৩০ এপ্ৰিল, ২০১৯ত ই অত্যন্ত তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ লয়।

বতৰৰ ইতিহাস

ভাৰতীয় বতৰবিজ্ঞান বিভাগে (আই.এম.ডি.) ২৬ এপ্ৰিলত সুমাত্ৰাৰ পশ্চিম দিশত এক গ্ৰীষ্মমণ্ডলীয় বিসংগতি প্ৰত্যক্ষ কৰে আৰু ইয়াক বি.ইউ.বি. ০২ হিচাপে শ্ৰেণীবদ্ধ কৰে। সেই দিনৰেপৰা, যৌথ ঘূৰ্ণীবতাহ সতৰ্কতা কেন্দ্ৰই (জে.টি.ডব্লিউ.ছি.) এই ক্ৰান্তিয় ঘূৰ্ণীবতাহ গঠনৰ সতৰ্কতা জাৰি কৰে।৩ পৰবৰ্তীকালত, বতাহ ধীৰে ধীৰে উত্তৰলৈ অগ্ৰসৰ হয় আৰু ২৭ এপ্ৰিল ২৫:০০ ইউটিছিত ইয়াৰ প্ৰাবল্য সৰ্বাধিক হৈছিল। ৪ একে সময়তে, জেটিডাব্লিউছিটি ব্যৱস্থাৰ বাবে সতৰ্ক কৰি দিছিল আৰু ই ০১ বি হিচাপে মনোনীত কৰিছিল। ৫ ছয় ঘণ্টা পিছত, আইএমডিয়ে ইয়াক ঘূৰ্ণীবতাহ হিচাপে চিনাক্ত কৰে আৰু ইয়াৰ নাম ৰখা হয় ফণী।৬ ১৮:০০ ইউটিছি পৰ্যন্ত ই তীব্ৰ গতিত চলি থাকে, ফলত ই একদিন ধৰি বতাহৰ কেন্দ্ৰস্থলৰ আশেপাশে হোৱা সংকোচনৰ ফলত স্থগিত হৈ থাকে।

ভাৰতবৰ্ষত ক্ষতি

ঘূৰ্ণীবতাহ ফণী ৩ মে' শুক্ৰবাৰে পুৱা ভাৰতৰ ওৰিশা ৰাজ্যৰ উপকূলত আঘাত হানে। ফণীৰ প্ৰভাৱত প্ৰচণ্ড বতাহ বলে। একেলগে ধাৰাসাৰ বৰষুণ হয়। ঘূৰ্ণীবতাহে ভয়ংকৰ ৰূপ ধাৰণ কৰে। ভাৰতৰ বতৰ বিভাগৰ মতে ঘূৰ্ণীবতাহৰ কাৰণে ঘণ্টাত ১৫০ৰ পৰা ১৭৫ কিলোমিটাৰ বেগত বতাহ বলে।৭ ঘূৰ্ণীবতাহত উৰিষ্যা ৰাজ্যত তিনিজন ব্যক্তি নিহত হয়।৮ ৰাজ্যৰ গছ বিদ্যুতৰ খুঁটাৰ ওপৰত পৰাৰ ফলত সেই এলেকাৰ বিদ্যুৎ–সংযোগ বিচ্ছিন্ন হৈ যায়। ইয়াৰোপৰি অতিপাত বৃষ্টিত কোনো কোনো এলেকা ডুব যায়। ঘূৰ্ণীবতাহৰ সন্মুখীন হ'বৰ বাবে ওৰিশা ৰাজ্য চৰকাৰে আগতীয়াকৈ উপকূলবৰ্তী ১০ লাখৰ অধিক লোকক নিৰাপদ ঠাইত আশ্ৰয় প্ৰদান কৰে।৯

শেহতীয়া তথ্যৰ বাবে চাওক:

প্ৰস্তুতি আৰু প্ৰভাৱ

ওড়িশা উপকূলৰ কাষৰ উত্তৰ ভাৰত মহাসাগৰৰ ওপৰত তীব্ৰতৰ ঘূৰ্ণীবতাহ ফণী
ওড়িশা উপকূলৰ কাষৰ উত্তৰ ভাৰত মহাসাগৰৰ ওপৰত তীব্ৰতৰ ঘূৰ্ণীবতাহ ফণীছবি: National Oceanic and Atmospheric Administration · Public domain

ভাৰতীয় নৌবাহিনীয়ে ঘূৰ্ণীবতাহ ফণীৰ প্ৰভাৱৰ প্ৰস্তুতিৰ বাবে বিশাখাপট্টনম আৰু ওড়িশা উপকূলৰ নৌবাহিনীৰ জাহাজ নিয়োজিত কৰে।১০ ঘূৰ্ণীবতাহ তীব্ৰতৰ হ'বলৈ আৰম্ভ কৰাৰ লগে লগে আই.এম.ডি.য়ে ভাৰতৰ দক্ষিণ-পূৰ্ব অংশত এই ঘূৰ্ণীবতাহৰ সতৰ্কতা জাৰি কৰে।

ঘূৰ্ণীবতাহ ফণীক লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা দলে অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু পশ্চিমবঙ্গৰ উপকূলবৰ্তী এলেকাত স্থিতি লয়। পশ্চিমবঙ্গ, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশত যথাক্ৰমে ৬টা, ২৮টা আৰু ১২টা NDRF দল নিয়োজিত কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কেইবাখনো হেলিকপ্টাৰ সাজু ৰখাৰ নিৰ্দেশ দিয়া হয়। উপকূলীয় অঞ্চলবোৰত নৌসেনাৰ জাহাজ মোতায়েন কৰা হয়। ফণী ঘূৰ্ণীবতাহৰ ভয়াবহতাক লক্ষ্য ৰাখি ভাৰতৰ ইষ্ট-ক'ষ্ট ৰে'ল শাখাৰ ১০০তকৈ অধিক ট্ৰেন বাতিল কৰা হয়। ফণী ঘূৰ্ণীবতাহৰ বিপৰ্যয়ৰ মোকাবিলা কৰাৰ বাবে ১০৮৬ কোটি টকা কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা মুকলি কৰি দিয়া হয়। সমস্ত মৎস্যজীৱীলোকক সমুদ্ৰৰ পৰা ঘূৰি আহিবলৈ নিৰ্দেশ দিয়া হয়। চৰকাৰী, বেচৰকাৰী বিদ্যালয় বন্ধ ৰখা হয়। পৰ্যটকসকলক সমুদ্ৰ এলেকাৰ পৰা ঘূৰি যাবলৈ নিৰ্দেশ দিয়া হয়। সেনা আৰু বিশেষ বিপৰ্যয় মোকাবিলা দলক সজাগ থাকিবলৈ কোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ (30 April 2019). Cyclone Fani May Intensify Further, Heads Towards Odisha Coast: 10 Points. NDTV
  2. ↑ (৩০ এপ্ৰিল ২০১৯). ঘূৰ্ণীবতাহেৰ ফণী নামটি কোথা থেকে এলো?
  3. ↑ (26 April 2019). Tropical Cyclone Formation Alert. Joint Typhoon Warning Center. Naval Meteorology and Oceanography Command
  4. ↑ (27 April 2019). TC Advisory 1. India Meteorological Department
  5. ↑ (27 April 2019). Tropical Cyclone 01B Warning 001. Joint Typhoon Warning Center. Naval Meteorology and Oceanography Command
  6. ↑ (27 April 2019). TC Advisory 2. India Meteorological Department
  7. ↑ (2019-05-03). ফণীৰ ভয়ংকৰ ছোবল
  8. ↑ (2019-05-03). ফণীতে ওডিশায় নিহত ৩
  9. ↑ ফণীতে ওডিশায় নিহত ৩
  10. ↑ (30 April 2019). Cyclone Fani: Naval ships, aircraft on standby. The Hindu

সম্পৰ্কিত শ্ৰেণী

প্ৰাকৃতিক দুৰ্যোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফণী (ঘূৰ্ণীবতাহ)” প্ৰবন্ধৰ সংশোধন ৩৮১৮৮১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।