জলদস্যু
১১ প্ৰবন্ধ
-
এন্নে বনি
এন্নে বনি (১৭২০ চনৰ ২৮ নৱেম্বৰৰ পিছত নিৰুদ্দেশ হয়) এগৰাকী জলদস্যু আছিল যিয়েজন "কেলিকো জেক" ৰেকহামৰ অধীনত সেৱা আগবঢ়াইছিল। ইতিহাসত লিপিবদ্ধ হোৱা কেইজনমান মহিলা জলদস্যুৰ ভিতৰত তেওঁ “জলদস্যুৰ সোণালী যুগ’’ৰ লগতে সাধাৰণতে জলদস্যুৰ ইতিহাসতো অন্যতম স্বীকৃতিপ্ৰাপ্ত জলদস্যু হিচাপে পৰিগণিত হৈছে।
-
মেৰী ৰিড
মেৰী ৰিড (মৃত্যু ১৭২১ চনৰ এপ্ৰিল মাহত), এগৰাকী ইংৰাজ জলদস্যু আছিল। "জলদস্যুৰ সোণালী যুগ"ৰ সময়ত তেওঁ আৰু এন্নে বনি কেইজনমান মহিলা জলদস্যুৰ ভিতৰত আছিল। ৰিডৰ জন্ম সম্ভৱতঃ ইংলেণ্ডত হৈছিল।
-
আল্ফ আৰু আলফিল্ড
গেষ্টা ডানোৰামৰ মতে, গেটিছ ৰজা ছিৱাৰ্ডৰ কন্যা আলফিল্ড আছিল এগৰাকী পুৰুষ যোদ্ধাৰ সমকক্ষ যুৱতী, যিয়ে মহিলা জলদস্যুৰ এটা দলৰ সৈতে নিজাকৈ লংশ্বিপৰ মহল আছিল আৰু বাল্টিক সাগৰৰ উপকূলত আক্ৰমণ চলাইছিল।
-
ইংগেলা গাথেনহেম
ইংগেলা অল্ফছডটাৰ গাথেনহেম (জন্ম নাম, হামাৰ; ১১ ছেপ্টেম্বৰ ১৬৯২ – ২৯ এপ্ৰিল ১৭২৯) গ্ৰেট নৰ্ডাৰ্ন যুদ্ধৰ সময়ত ছুইডেনৰ ৰজা দ্বাদশ চাৰ্লছৰ সেৱাত থকা এগৰাকী ছুইডেনৰ জাহাজৰ মালিক আৰু ব্যক্তিগত জাহাজ মালিক আছিল।
-
এন জি আকেউ
১৮৮০ চনত মৃত্যু হোৱা এন জি আকেউ আছিল চীনা আফিং সৰবৰাহকাৰী আৰু হংকঙৰ থকা ঘৰৰ মালিক। ১৮৪৯ চনত জল দস্যুতা কেলেংকাৰীৰ কেন্দ্ৰীয় ব্যক্তিত্ব আছিল, যিয়ে এটা কাৰণ কেলেংকাৰীৰ কেন্দ্ৰ হিচাপে যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছিল।
-
চাৰ্লট দি বেৰী
চাৰ্লট দি বেৰী এগৰাকী মহিলা জলদস্যু কেপ্তেইন বুলি অভিযোগ কৰা হয়।
-
জলদস্যুৰূপে মহিলা
যদিও ইতিহাসত জলদস্যুৰ অধিকাংশই পুৰুষ, মহিলা জলদস্যুৰ প্ৰায় এশটামান জনা-শুনা উদাহৰণ আছে আৰু ইয়াৰে প্ৰায় চল্লিশজন “জলদস্যুৰ সোণালী যুগ’’ত সক্ৰিয় আছিল। কিছুমান মহিলা জলদস্যু কেপ্তেইন আৰু কিছুমানে এটা অঞ্চলৰ সমগ্ৰ জলদস্যুগিৰিৰ নেতৃত্ব বহন কৰি আহিছে।
-
জোহানা হাৰ্ড
জোহানা হাৰ্ড, জন্ম নাম জংবাৰ্গ (৩ ডিচেম্বৰ ১৭৮৯ – ১২ মাৰ্চ ১৮৫১), এগৰাকী ছুইডেনৰ জলদস্যু আছিল।
-
মেৰী ক্ৰিচেট
মেৰী ক্ৰিচেট প্ৰথমাৱস্থাৰ নাম মাৰিয়া, শেষ নামো ক্ৰিচেট বা ক্ৰিকেট; এগৰাকী ইংৰাজ জলদস্যু আৰু অপৰাধী আছিল। জলদস্যুৰ সোণালী যুগৰ মাত্ৰ চাৰিগৰাকী নিশ্চিত মহিলা জলদস্যুৰ ভিতৰত এগৰাকী হিচাপে আৰু মৃত্যুদণ্ড দিয়া একমাত্ৰ মহিলা জলদস্যু হিচাপে তেওঁ বেছিকৈ পৰিচিত।
-
ৰুছলা
ৰুছলা, যাক মধ্য আইৰিছ ইংগিয়ান ৰুৱাঘত "ৰঙা মহিলা" বুলিও কোৱা হয়, আছিল নৰৱেৰ এগৰাকী কিংবদন্তি কুমাৰী যোদ্ধা, যাৰ বিষয়ে চেক্সো গ্ৰেমাটিকাছৰ গেষ্টা ডানোৰাম বা "ডেনসকলৰ ইতিহাস" আৰু আইৰিছ বুৰঞ্জীত উল্লেখ কৰা হৈছে।
-
ৰেচেল ৱাল
ৰেচেল ৱাল (প্ৰায় ১৭৬০ – ৮ অক্টোবৰ, ১৭৮৯) এগৰাকী আমেৰিকান মহিলা জলদস্যু আৰু মেছাচুচেটছত ফাঁচী দিয়া শেষ মহিলা। ইয়াৰ উপৰিও তেওঁ হয়তো আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা জলদস্যু হৈছিল।