মেৰী ক্ৰিচেট প্ৰথমাৱস্থাৰ নাম মাৰিয়া, শেষ নামো ক্ৰিচেট বা ক্ৰিকেট; এগৰাকী ইংৰাজ জলদস্যু আৰু অপৰাধী আছিল। জলদস্যুৰ সোণালী যুগৰ মাত্ৰ চাৰিগৰাকী নিশ্চিত মহিলা জলদস্যুৰ ভিতৰত এগৰাকী হিচাপে আৰু মৃত্যুদণ্ড দিয়া একমাত্ৰ মহিলা জলদস্যু হিচাপে তেওঁ বেছিকৈ পৰিচিত।১
ইতিহাস
ছয়জন জলদস্যু বন্দী - "এডমাণ্ড উইলিয়ামছ, জৰ্জ কেভছ, জৰ্জ ক'ল ওৰফে চেণ্ডাৰছ, এডৱাৰ্ড এডৱাৰ্ডছ, জেৰমিয়া স্মিথ আৰু মেৰী ক্ৰীচেট"২- ইংলেণ্ডৰ পৰা ভাৰ্জিনিয়ালৈ ১৭২৮ চনৰ শেষৰ ফালে, তেওঁলোকৰ শাস্তিৰ আদেশ কাৰ্যকৰী কৰিবলৈ লৈ অনা হয়।১ ১৭২৯ চনৰ ১২ মে'ত তেওঁলোকে বন্দীত্বৰ পৰা পলায়ন কৰি পালতৰা জাহাজৰ জন আৰু এলিজাবেথৰ দুজনীয়া দলটোক পৰাস্ত কৰে।১ ক্ৰিচেটে বন্দীসকলক জাহাজৰ হোল্ডত ৰাখিছিল, যাতে হেচ্চত বহি তেওঁলোকৰ সম্ভাব্য পলায়ন ৰোধ কৰিব পাৰে।৩ ক্ৰিচেটৰ আপত্তিৰ বাবে তেওঁলোকে কেইদিনমানৰ পিছত এই যুটিটোক মুকলি কৰি দিয়ে, যদিও আশংকা কৰিছিল যে, দুয়োজনে কৰ্তৃপক্ষক সতৰ্ক কৰি দিব।১ জলদস্যুসকলে চেঁচাপিক উপসাগৰলৈ যাত্ৰা কৰে যদিও আন কোনো জাহাজত আক্ৰমণ কৰাৰ আগতেই কেপ্তেইন লঙৰ অধীনত এইচ এম এছ শ্ব'ৰেহামে তেওঁলোকক বন্দী কৰে।৩ ভাৰ্জিনিয়ালৈ উভতি আহি ১৭২৯ চনৰ আগষ্ট মাহত উইলিয়ামছবাৰ্গত তেওঁলোকৰ বিচাৰ হয়, জলদস্যুতাৰ দোষত তেওঁলোক দোষী সাব্যস্ত হয় আৰু ফাঁচী দিয়াৰ শাস্তি দিয়া হয়।৪ মেৰী ক্ৰিচেটৰ ১৭২৯ চনত মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ Fictum, David. (13 May 2016). Anne Bonny and Mary Read: Female Pirates and Maritime Women (Page Two). Colonies, Ships, and Pirates
- ↑ Appleby, John C. (2015). Women and English Piracy, 1540-1720: Partners and Victims of Crime. Boydell & Brewer Ltd. পৃ. 222–223. ISBN 9781783270187
- ↑ Theophilus, Fox, Edward. (2013). 'Piratical Schemes and Contracts': Pirate Articles and Their Society 1660-1730. University of Exeter. পৃ. 225–226
- ↑ Rediker, Marcus. (2011). Villains of All Nations: Atlantic Pirates in the Golden Age. Beacon Press. পৃ. 112. ISBN 9780807095386
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী ক্ৰিচেট” প্ৰবন্ধৰ সংশোধন ৪৯১৪২৭ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।